অসম

assam

ETV Bharat / politics

এতিয়া কংগ্ৰেছ 'এ' আৰু কংগ্ৰেছ 'বি' চলি আছে : গৌৰৱ গগৈ - Lok Sabha Elections - LOK SABHA ELECTIONS

Gaurav Gogoi : বিজেপিৰ ভিতৰত পুৰণি বিজেপি সকল আটাইতকৈ ক্ষোভিত হৈ আছে বুলি মন্তব্য গৌৰৱ গগৈৰ ৷ আজিৰ তাৰিখত নিৰ্বাচন কংগ্ৰেছ বনাম কংগ্ৰেছ হৈ আছে বুলিও কয় তেওঁ ৷

Gaurav Gogoi
বিজেপিক সমালোচনা গৈৰৱ গগৈৰ

By ETV Bharat Assamese Team

Published : Mar 25, 2024, 5:22 PM IST

যোৰহাটত নিৰ্বাচনী প্ৰচাৰ গৌৰৱ গগৈৰ

যোৰহাট, 25 মাৰ্চ : "ক্ষোভ অগপ আৰু বিজেপিৰ মাজত আছে ৷ আজিৰ তাৰিখত নিৰ্বাচন কংগ্ৰেছ বনাম কংগ্ৰেছ হৈ আছে ৷ আমি নিজৰ মাজতে নিৰ্বাচন খেলি আছো ৷" এই মন্তব্য যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ ৷ সোমবাৰে যোৰহাট নগৰৰ মাজমজিয়াৰ হাবিচুক নামঘৰত সেৱা লৈ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰি এই মন্তব্য কৰে কংগ্ৰেছ নেতাজনে ৷

সাংবাদিকৰ প্ৰশ্নত গৌৰৱ গগৈয়ে কয় যে, কংগ্ৰেছত যিদৰে সংঘাত আছে সেইদৰে বিজেপিতো আছে ৷ বিজেপিৰ ভিতৰত আটাইতকৈ ক্ষোভিত হৈ আছে পুৰণি বিজেপি সকল ৷ পুৰণা বিজেপি সকলৰ আজি স্থান নাই, মৰ্যদা নাই ৷ ক্ষোভ অগপ আৰু বিজেপিৰ মাজত আছে ৷ আজিৰ তাৰিখত নিৰ্বাচন কংগ্ৰেছ বনাম কংগ্ৰেছ হৈ আছে বুলি মন্তব্য কৰে গৌৰৱ গগৈয়ে ৷

তেওঁ পুনৰ কয় যে, পূৰ্বতে যুৱ কংগ্ৰেছৰ নিৰ্বাচনত বেলেগ বেলেগ লবী থকাৰ দৰে এতিয়াও সেয়াই চলি আছে ৷ সততাৰে বিজেপি কৰা, সততাৰে অগপ কৰা সকলৰ এতিয়া স্থান নাই ৷ এতিয়া কংগ্ৰেছৰ ভিতৰত এক যুঁজ চলি আছে, তেওঁলোকে মাত্ৰ বিজেপিৰ লেবেলহে লগাইছে ৷ এতিয়া এটা লবী বিজেপিত সোমাই আছে আৰু আনটো লবী কংগ্ৰেছত সোমাই আছে বুলি মন্তব্য কৰে যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থীজনে ৷

ইফালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাও বিজেপিলৈ অহাটো এশ শতাংশ নিশ্চিত বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰো প্ৰত্যুত্তৰ দিয়ে গৌৰৱ গগৈয়ে ৷ তেওঁ কয় যে, তেওঁলোক নামতহে বিজেপি, সকলোৱেই কংগ্ৰেছ ৷ "তেওঁলোক কংগ্ৰেছ 'বি' আৰু আমি কংগ্ৰেছ 'এ' অৰ্থাৎ প্ৰকৃত কংগ্ৰেছ ৷ এতিয়া কংগ্ৰেছ 'এ' আৰু কংগ্ৰেছ 'বি' চলি আছে" বুলি কয় তেওঁ ৷

আনহাতে যোৰহাট নগৰত চৰকাৰে নিৰ্মাণ কৰা উৰণসেতু সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ৷ তেওঁ কয় যে ৰাইজৰ মতামত গ্ৰহণ নকৰাকৈ গুৱাহাটী মহানগৰীৰ লগতে যোৰহাটতো চৰকাৰে জধে-মধে উৰণসেতু নিৰ্মাণ কৰা হৈছে ৷

লগতে পঢ়ক :পলমকে হ’লেও ভূপেন বৰাও আহিব বিজেপিলৈ, ১০০% নিশ্চিত : মুখ্যমন্ত্ৰী - LOK SABHA ELECTIONS

ABOUT THE AUTHOR

...view details