তেজপুৰ, 12 এপ্ৰিল :"আপ কেতিয়াবা বাপো হয় ৷ আপ নতুন পুলি আৰু নতুন চোলা ৷ বিহুত পুৰণা কাপোৰ পেলাই দিয়াৰ দৰে বিজপিকো পেলাই দিব ৷ পুৰণা ফটা কাপোৰৰে উলংগ দেহা দেখা পায় ৷" এই মন্তব্য শোণিতপুৰ লোকসভা সমষ্টিৰ আপৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যৰ ৷
প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে তুংগত উঠিছে প্ৰচাৰ ৷ আক্ৰমণ-প্ৰত্যক্ৰমণেৰে এতিয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচন আকৰ্ষণীয় হৈ পৰিছে ৷ 11 নং শোণিতপুৰ লোকসভা সমষ্টিৰ আম আদমী পাৰ্টিৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যই ইটিভি ভাৰতৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত কয় যে বিজেপিৰ লগত মূল যুঁজ হ’ব শোণিতপুৰত ৷ অসমত বিজেপি চৰকাৰে মহিলাসকলক 10 হাজাৰ টকা দিয়াৰ নামত বিজেপি দলৰ হৈ কাম কৰিবলৈ শপত গ্ৰহণ কৰাইছে বুলি অভিযোগ উত্থাপন কৰি এই কাৰ্যক গৰিহণা দিয়ে তেওঁ ৷ ই গণতন্ত্ৰৰ প্ৰতি চৰম ভাবুকি বুলি কয় ঋষিৰাজ কৌণ্ডিন্যই ৷