অসম

assam

ETV Bharat / politics

একনাথ সিন্দেৰ মুখ্যমন্ত্ৰী পদ ত্যাগৰ ইংগিত, মোদী-শ্বাহক সম্পূৰ্ণ সমৰ্থন কৰিব শিৱসেনাই - MAHARASHTRA CM EKNATH SHINDE

একনাথ সিন্দেৰ স্পষ্ট ইংগিত যে তেওঁ মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিছে । লগতে কয় যে মোদী-শ্বাহে যি সিদ্ধান্ত ল'ব শিৱসেনাই তাত সম্পূৰ্ণ সমৰ্থন আগবঢ়াব ।

Maharashtra CM Eknath Shinde
মহাৰাষ্ট্ৰৰ অন্তৱৰ্তীকালীন মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ ফাইল ফটো (ANI)

By ETV Bharat Assamese Team

Published : Nov 27, 2024, 7:05 PM IST

থানে:মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেই বুধবাৰে অনুষ্ঠিত এক সংবাদমেলত শিৱসেনাৰ ভূমিকা স্পষ্ট কৰে । তেওঁ কয়, "বিগত আঢ়ৈ বছৰত কৰা কামৰ বাবে আমি জনসাধাৰণৰ সেৱা কৰিবলৈ সক্ষম হোৱাটো আমাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ ।"

ৰাজ্যখনৰ তত্ত্বাৱধায়ক মুখ্যমন্ত্ৰী সিন্দেই প্ৰধানমন্ত্ৰী মোদীক কৃতজ্ঞতা জ্ঞাপন কৰি সংবাদমেলত কয়, "মোদী চাহেবে আঢ়ৈ বছৰ ধৰি মুখ্যমন্ত্ৰী পদৰ দায়িত্ব প্ৰদান কৰিলে, সেয়ে তেওঁ ধন্যবাদ জনাইছোঁ ।" লগতে একনাথ সিন্দেই স্পষ্ট কৰি কয় যে তেওঁ মুখ্যমন্ত্ৰী পদৰ বাবে মহাযুটিৰ যিকোনো প্ৰাৰ্থীক সমৰ্থন কৰিব ৷ একনাথ সিন্দেই লগতে স্পষ্ট কৰি দিয়ে যে বৃহস্পতিবাৰে দিল্লীত অমিত শ্বাহৰ সৈতে বৈঠক অনুষ্ঠিত হ'ব আৰু সেই সময়ত সিদ্ধান্ত লোৱা হ'ব ৷

আনহাতে, ৰাজ্যখনৰ ভোটাৰক ধন্যবাদ জনাই তেওঁ কয়, "ভোটাৰসকলক পুনৰবাৰ ধন্যবাদ । এইটো এক বিশাল জয় । আমি বিগত আঢ়ৈ বছৰত মহাযুটিয়ে কৰা কাম আৰু ৰাইজে দেখুওৱা বিশ্বাসক আগুবঢ়াই লৈ গৈছোঁ ।"

তেওঁ কয়, "আমি কল্যাণমূলক আঁচনি আৰু উন্নয়ন একত্ৰিত কৰিছোঁ । সেয়েহে এক বৃহৎ বিজয় হৈছে, এয়া হৈছে জনসাধাৰণৰ জয় । মই ৮০-৯০ টা ৰেলী অনুষ্ঠিত কৰিছিলোঁ । মই নিৰ্বাচনত এজন সাধাৰণ কৰ্মীৰ দৰে কাম কৰিছিলোঁ । আজিও মই এজন কৰ্মী হিচাপে কাম কৰি আছোঁ । মুখ্যমন্ত্ৰী মানে মই এজন 'সাধাৰণ মানুহ' হিচাপে কাম কৰোঁ ।"

নিজৰ পটভূমিৰ কথা উল্লেখ কৰি সিন্দেই কয়, "মই সাধাৰণ মানুহ আৰু জনসাধাৰণৰ বাবে কিবা কৰা উচিত । মই এটা কৃষকৰ পৰিয়ালৰ পৰা আহিছোঁ । মই সিদ্ধান্ত লৈছিলোঁ যে যেতিয়া মই ক্ষমতা পাম, তেতিয়া মই সাধাৰণ মানুহৰ বাবে কাম কৰিম । মই সেইটোৱেই কৰিছোঁ । সোণৰ চামুচ মুখত লৈ জন্মগ্ৰহণ কৰা কোনোবাই দৰিদ্ৰ লোকৰ দুখ-কষ্ট কেনেদৰে বুজিব পাৰিব ?"

লগতে পঢ়ক :সিন্দে নে ফাড়নাভিছ; কোন বহিব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ আসনত ?
লগতে পঢ়ক :28 নৱেম্বৰত ছোৰেণ চৰকাৰৰ শপতগ্ৰহণ; মন্ত্ৰিত্ব কোনে কোনে পাব ?

ABOUT THE AUTHOR

...view details