ৰঙিয়া, 16 মাৰ্চ:লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত তৎপৰ হৈছে বিজেপি দল ৷ ঠায়ে ঠায়ে বিভিন্ন আধাৰশিলা স্থাপন তথা উন্নয়নমূলক কাম-কাজত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে শাসকীয় বিজেপি দলটোক ৷ ৰঙিয়াত এক ৰাজহুৱা অনুষ্ঠানত শুকুৰবাৰে অংশগ্ৰহণ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৷ সভাত অংশ লৈ সংবাদ মাধ্যমৰ সমুখত সাংসদ তথা লোকসভাৰ প্ৰাৰ্থী গৌৰৱ গগৈ আৰু অজাপ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈক তীব্ৰ কটাক্ষ কৰে ৷
ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয়, " গৌৰৱ গগৈ এগৰাকী পলায়নবাদী নেতা । সেইকাৰণে তেওঁ নিৰ্বাচনৰ বাবে কজিৰঙা এৰি যোৰহাটলৈ গ’ল ।" বিজেপিৰ নেতাগৰাকীয়ে নিজৰ ক্ষেত্ৰ এৰি কোন যায় বুলি সংবাদ মাধ্যমৰ সমুখত প্ৰশ্ন উত্থাপন কৰি কয় যে যাৰ মনত দুৰ্বলতা থাকে আৰু নিৰ্বাচন জিকিব বুলি আত্মবিশ্বাস নাথাকে তেওঁহে এনেধৰণৰ কাম কৰে । সাংসদ গৌৰৱ গগৈয়ো নিজৰ সমষ্টিৰ পৰা হাৰিব বুলি নিশ্চিত হৈছে বাবেই বেলেগ সমষ্টিলৈ ঢাপলি মেলিছে বুলি কয় ৰঙিয়াৰ বিজেপি বিধায়ক ভৱেশ কলিতাই ।