টীয়ক, ৭ এপ্ৰিল :১৪ নং যোৰহাট লোকসভা সমষ্টিৰ বিৰোধী ঐক্যমঞ্চ, অসমৰ সমৰ্থিত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ সমৰ্থনত আজি চিপিআইএমএলে এক মটৰচাইকেল ৰেলী উলিয়ায় । এই লোকসভা সমষ্টিটোৰ টীয়কৰ হিন্দুবাৰীৰ পৰা মেলেং চাৰিআলি,কাকজান বাগিচা হৈ ফেচুৱাল পৰ্যন্ত চিপিআইএমএল যোৰহাট জিলা সমিতিৰ উদ্যোগত এই মটৰচাইকেল ৰেলী উলিওৱা হয় । দলটোৰ শতাধিক সমৰ্থকে অংশগ্ৰহণ কৰা উক্ত ৰেলীৰ প্ৰাকমুহুৰ্তত মেলেং চাৰিআলিত এক পথসভা অনুষ্ঠিত কৰি নেতাসকলে চৰকাৰক তীব্ৰ সমালোচনা কৰি বিজেপিৰ বিৰুদ্ধে ৰাইজক সজাগ হ'বলৈ আহ্বান জনায় ।
এই নিৰ্বাচন দেশৰ গণতন্ত্ৰ ৰক্ষাৰ বাবে অন্তিম নিৰ্বাচন বুলি সমৰ্থকসকলে সদৰি কৰি যিকোনো প্ৰকাৰে বিজেপিক পৰাভূত কৰাৰ সংকল্প গ্ৰহণ কৰে । উল্লেখযোগ্য যে উক্ত পথসভাত চিপিআইএমএলৰ কেন্দ্ৰীয় সম্পাদক বিবেক দাস উপস্থিত থাকি বিশেষকৈ বিজেপি চৰকাৰে চাহ বাগিচাৰ ৰাইজৰ ওপৰত চলোৱা শোষণ কোনো কাৰণতে মানি লোৱা নহ'ব বুলি সকীয়াই দিয়ে । তেওঁ বিজেপিৰ চব কা চাথ চব কা বিকাশৰ নামত বিশেষকৈ অসমত ৰাইজৰ ঠাইত মুখ্যমন্ত্ৰীৰ পত্নীৰহে বিকাশ সাধন কৰিছে বুলি মন্তব্য কৰে ।