বিশেষ প্ৰতিবেদন,২ জুন :আৰম্ভ হ'ল কাউণ্ট ডাউন । মাজত মাত্র এটা দিন বাকী । ৪ জুনত খোল খাব ইভিএম । নিৰ্ণয় হ'ব প্ৰাৰ্থীসকলৰ ভাগ্য । অসমৰ ১৪ টা লোকসভা সমষ্টিৰ বাবে প্ৰথম তিনিটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হৈছিল । ইয়াৰ পিচত আৰম্ভ হৈছিল জল্পনা-কল্পনা । মঙলবাৰে সকলো জল্পনা-কল্পনাৰ অৱসান ঘটিব আৰু পুৱা ৮ বজাৰ পৰা আৰম্ভ হ'ব ভোটগণনা । ইতিমধ্যে সাজু হৈছে নিৰ্বাচন আয়োগ । মঙলবাৰে অসমৰ ১৪৩ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব । ইয়াৰ ভিতৰত শেষ হাঁহি মাৰিব ১৪ গৰাকী প্ৰাৰ্থীয়ে ।
লক্ষণীয়ভাৱে এইবাৰ অসমৰ প্ৰায় প্ৰতিটো সমষ্টিতে তুমুল প্ৰতিদ্বন্দ্বিতা হৈছে । ইফালে এইবাৰ অসমত ভোটদানৰ হাৰো যথেষ্ট ভাল । তিনিটা পৰ্যায়ত ৰাজ্যত ৮১.৫৬ শতাংশ ভোটদান হয় । ৪ জুনত ইয়াৰ উত্তৰ ওলাব । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচত হোৱা এই নিৰ্বাচনে যথেষ্ট তাৎপৰ্য বহন কৰিছে । কাৰণ এইবাৰ সমষ্টিসমূহৰ ৰূপৰেখা যথেষ্ট সলনি হৈছে । ২০১৯ৰ লোকসভা নিৰ্বাচনৰ পৰিৱেশ আৰু এইবাৰৰ নিৰ্বাচনৰ পৰিৱেশ কিছু পৃথক । কেইবাটাও সমষ্টিৰ নামো সলনি হ'ল । বিগত নিৰ্বাচনৰ ফলাফলৰ অৱলোকনেৰে এই বিশেষ প্ৰতিবেদন ।
যোৰহাট লোকসভা সমষ্টি :
যোৰহাট সমষ্টিত মূল যুঁজখন বিজেপিৰ তপন গগৈ আৰু কংগ্ৰেছৰ গৌৰৱ গগৈৰ মাজতে হৈছে । যোৰহাট লোকসভা সমষ্টিত ভোটদানৰ হাৰ হৈছে ৭৯.৮৯ শতাংশ । যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত ১০টা বিধানসভা সমষ্টিৰ ভোটদানৰ হাৰ হৈছে সোণাৰিত ৮০.৪৭ শতাংশ, মাহমৰাত ৮১.৮১ শতাংশ, ডিমৌত ৮০.৯৩ শতাংশ, শিৱসাগৰত ৮০.৫৮ শতাংশ, নাজিৰাত ৮১.৭১ শতাংশ, মাজুলীত ৮১.০০ শতাংশ, টিয়কত ৭৯.৩৯ শতাংশ, যোৰহাটত ৭৫.৪৯ শতাংশ, মৰিয়নিত ৭৭.৭৩ শতাংশ আৰু তিতাবৰত ৭৯.৪১ শতাংশ ।
যোৰহাটত ২০১৯ৰ লোকসভা নিৰ্বাচনৰ ফলাফল :যোৰহাটত ২০১৯ৰ নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৭৭.৫৭ শতাংশ । যোৰহাটত বিজেপিৰ তপন গগৈয়ে ৫,৪৩,২৮৮ টা ভোট (৫১.৩৫ শতাংশ) লাভ কৰি জয়ী হৈছিল । আনহাতে দ্বিতীয় স্থানত থকা কংগ্ৰেছৰ সুশান্ত বৰগোহাঁইয়ে লাভ কৰিছিল ৪,৬০,৬৩৫ টা ভোট (৪৩.৫৪ শতাংশ)। ন'টাত ভোট পৰিছিল ১২,৫৬৯ টা (১.১৯ শতাংশ) ।
ডিব্ৰুগড় লোকসভা সমষ্টি :
ডিব্ৰুগড়ত বিৰোধী ঐক্য মঞ্চৰ সমৰ্থিত প্ৰাৰ্থী লুৰীণজ্যোতি গগৈ আৰু বিজেপিৰ হৈ অৱতীৰ্ণ হোৱা কেন্দ্ৰীয় মন্ত্রী তথা প্ৰাক্তন মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ মাজতে মূল যুঁজখন হৈছে । ইফালে আম আদমি পার্টীৰ মনোজ ধানোৱাৰে চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰাত ভোটৰ বিভাজন হোৱাত যুঁজখন যথেষ্ট প্ৰত্যাহ্বানমূলক হৈছে । ডিব্ৰুগড়ত কোন জয়ী হ'ব সেয়া নিশ্চিতভাৱে কোৱা কঠিন । ডিব্ৰুগড় সমষ্টিত এইবাৰ ভোটদান হৈছে ৭৬.৭৫ শতাংশ । সমষ্টিটোৰ অন্তৰ্গত ১০ টা বিধানসভা সমষ্টিৰ ভোটদানৰ হাৰ হৈছে মাৰ্ঘেৰিটাত ৭৬.৩২ শতাংশ, ডিগবৈত ৭৪.৭২ শতাংশ, মাকুমত ৭৬.২২ শতাংশ, তিনিচুকীয়াত ৭৩.৩৮ শতাংশ, চাবুৱা-লাহোৱালত ৭৮.৮৯ শতাংশ, ডিব্ৰুগড়ত ৭৬.৭৬ শতাংশ, খোৱাঙত ৭৯.৪৩ শতাংশ, দুলীয়াজানত ৭৫.২৪ শতাংশ, টিংখঙত ৮০.৩৩ শতাংশ আৰু নাহৰকটীয়াত ৭৬.১২ শতাংশ ।
ডিব্ৰুগড় সমষ্টিত ২০১৯ৰ নিৰ্বাচনী ফলাফল :ডিব্ৰুগড়ত ২০১৯ৰ নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৭৭.৩০ শতাংশ । সমষ্টিটোত বিজেপিৰ ৰামেশ্বৰ তেলীয়ে ৬,৫৯,৫৮৩ টা ভোট (৬৪.৯৪ শতাংশ) লাভ কৰি জয়ী হৈছিল । দ্বিতীয় স্থানত থকা কংগ্ৰেছৰ পৱন সিং ঘাটোৱাৰে ২,৯৫,০১৭ টা ভোট (২৯.০৪ শতাংশ) লাভ কৰিছিল । ন'টাত ভোট পৰিছিল ২১,২৮৮ টা (২.১০ শতাংশ) ।
কৰিমগঞ্জ লোকসভা সমষ্টি :
এইবাৰ কৰিমগঞ্জ সমষ্টিৰ পৰা নিৰ্বাচন খেলিছে সৰ্বাধিক ২৪ গৰাকী প্ৰাৰ্থীয়ে । ইয়াৰ ভিতৰত ১৮ গৰাকী নিৰ্দলীয় প্ৰাৰ্থী । সমষ্টিটোত বিজেপিৰ হৈ কৃপানাথ মাল্লা, কংগ্ৰেছৰ হৈ হাফিজ ৰচিদ আহমেদ চৌধুৰী আৰু এ আই ইউ ডি এফৰ হৈ চাহাবুল ইছলাম চৌধুৰীয়ে নিৰ্বাচন খেলিছে । বিগত নিৰ্বাচনত সংখ্যালঘু ভোট বিভাজন হোৱাৰ বাবে বিজেপি জয়ী হৈছিল । এইবাৰো তেনে এখন ছবি স্পষ্ট হৈছে । কৰিমগঞ্জ সমষ্টিত এইবাৰ ৮০.৪৮ শতাংশ ভোটদান হৈছে । সমষ্টিটোৰ অন্তৰ্গত ৬ টা বিধানসভা সমষ্টিৰ ভোটদানৰ হাৰ হৈছে হাইলাকান্দিত ৮১.৭৯ শতাংশ, আলগাপুৰ-কাটলিচেৰাত ৮২.৬৬ শতাংশ, কৰিমগঞ্জ দক্ষিণত ৮০.৮৬ শতাংশ, কৰিমগঞ্জ উত্তৰত ৭৮.০৭ শতাংশ, পাথাৰকান্দিত ৮০.৩৪ শতাংশ আৰু ৰামকৃষ্ণ নগৰত ৭৯.৩০ শতাংশ ।
কৰিমগঞ্জ সমষ্টিত ২০১৯ৰ নিৰ্বাচনী ফলাফল :কৰিমগঞ্জ সমষ্টিত ২০১৯ৰ নিৰ্বাচনত বিজেপিৰ কৃপানাথ মাল্লাই ৪,৭৩,০৪৬ টা ভোট (৪৪.৬২ শতাংশ) লাভ কৰি জয়ী হৈছিল । দ্বিতীয় স্থানত থকা এ আই ইউ ডি এফৰ ৰাধেশ্যাম বিশ্বাসে লাভ কৰিছিল ৪,৩৪,৬৫৭ টা ভোট (৪১ শতংশ) । ব্যৱধান যথেষ্ট কম আছিল । আনহাতে ন'টাত ৬,৫৫৫ টা ভোট (০.৬২ শতাংশ) পৰিছিল । সমষ্টিটোত ভোটদানৰ হাৰ আছিল ৭৯.১৮ শতাংশ ।
দৰং-ওদালগুৰি সমষ্টি (পূৰ্বৰ মঙলদৈ সমষ্টি) :
দৰং-ওদালগুৰি সমষ্টিত কংগ্ৰেছ আৰু বিজেপিৰ মাজত মূল যুঁজখন হ'ব বুলি ভবা হৈছিল যদিও বি পি এফৰ প্রার্থীগৰাকীয়ে ভোটাৰৰ আস্থা বুটলিবলৈ সক্ষম হয় । যাৰ বাবে সমষ্টিটোত তিনিকোণীয়া প্রতিদ্বন্দ্বিতা হোৱা বুলি ধাৰণা কৰা হৈছে । সমষ্টিটোৰ পৰা ১১ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচন খেলিছে । সমষ্টিটোত বিজেপিৰ দিলীপ শইকীয়া, কংগ্ৰেছৰ মাধৱ ৰাজবংশীৰ আৰু বি পি এফৰ দুৰ্গা দাস বড়োৰ মাজত মূল যুঁজখন হৈছে । সমষ্টিটোত ভোটদানৰ হাৰ ৮২.০১ শতাংশ । সমষ্টিটোৰ অন্তৰ্গত ১১ টা বিধানসভা সমষ্টিৰ ভোটদানৰ হাৰ হৈছে ৰঙিয়াত ৮১.৮২ শতাংশ, কমলপুৰত ৮৩.৮১ শতাংশ, তামুলপুৰত ৭৭.৪১ শতাংশ, গোৰেশ্বৰত ৭৮.৫৯ শতাংশ, ভেৰগাঁৱত ৭৮.৩৯ শতাংশ, ওদালগুৰিত ৭৬.৮৯ শতাংশ, মাজবাটত ৭৯.৯৪ শতাংশ, টংলাত ৭৯.১৬ শতাংশ, ছিপাঝাৰত ৮১.৫১ শতাংশ, মঙলদৈত ৮৪.৪৩ শতাংশ আৰু দলগাঁৱত ৯৩.০০ শতাংশ ।
মঙলদৈ সমষ্টিত (বৰ্তমানৰ দৰং-ওদালগুৰি) ২০১৯ৰ নিৰ্বাচনী ফলাফল :সমষ্টিটোত বিগত নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৮৩.৬৯ শতাংশ । বিজেপিৰ দিলীপ শইকীয়াই ৭,৩৫,৪৬৯ টা ভোট (৪৮.৮৩) লাভ কৰি জয়ী হৈছিল । কংগ্ৰেছৰ ভুৱনেশ্বৰ কলিতাই ৫,৯৬,৯২৪ টা ভোট (৩৯.৬৩) লাভ কৰি দ্বিতীয় স্থানত আছিল । ন'টাত ভোট পৰিছিল ১৮,৫১৮ টা (১.২৩ শতাংশ) ।
ধুবুৰী লোকসভা সমষ্টি :
ধুবুৰীত কংগ্ৰেছৰ ৰকিবুল হুছেইন আৰু এ আই ইউ ডি এফৰ মুৰব্বী তথা বৰ্তমানৰ সাংসদ বদৰুদ্দিন আজমলৰ মাজত হৈছে তুমুল প্ৰতিদ্বন্দ্বিতা । সমষ্টিটোত নিৰ্বাচন খেলিছে মুঠ ১৩ গৰাকী প্ৰাৰ্থীয়ে । শাসকীয় দল বিজেপিয়ে সমষ্টিটো মিত্রদল অগপক এৰি দিছে যদিও পূৰ্বৰে পৰাই সমষ্টিটো জয়ৰ তালিকাত ৰখা নাই । অৱশ্যে অগপই আশা বাদ দিয়া নাই । অগপৰ হৈ জাবেদ ইছলামে নিৰ্বাচন খেলিছে । ধুবুৰীত ভোটদানৰ হাৰ হৈছে সৰ্বাধিক ৯২.০৮ শতাংশ । সমষ্টিটোৰ অন্তৰ্গত ১১ টা বিধানসভা সমষ্টিৰ ভোটদানৰ হাৰ হৈছে গোলকগঞ্জত ৯০.৬৯ শতাংশ, গৌৰীপুৰত ৯৪.০৩ শতাংশ, ধুবুৰীত ৯২.৯৩ শতাংশ, বীৰসিং-জাৰুৱাত ৯৪.১০ শতাংশ, বিলাসীপাৰাত ৮৯.২২ শতাংশ, মানকাচৰত ৯২.০৫ শতাংশ, জলেশ্বৰত ৯৩.৭৮ শতাংশ, গোৱালপাৰা পূবত ৯১.৮৬ শতাংশ, সৃজনগ্ৰামত ৯২.৪৯ শতাংশ, মন্দিয়াত ৮৯.৩২ শতাংশ আৰু চেঙাত ৯১.৩১ শতাংশ ।
ধুবুৰী সমষ্টিত ২০১৯ৰ নিৰ্বাচনী ফলাফল :বিগত নিৰ্বাচনত সমষ্টিটোত ভোটদানৰ হাৰ আছিল ৯০.৬৬ শতাংশ । সমষ্টিটোত এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমলে ৭,১৮,৭৬৪ টা ভোট (৪২.৬৬ শতাংশ) লাভ কৰি জয়ী হৈছিল । আনহাতে কংগ্ৰেছৰ আবু তাহেৰ বেপাৰীয়ে ৪,৯২,৫০৬ টা ভোট (২৯.২৩ শতাংশ) আৰু অগপৰ জাবেদ ইছলামে ৩,৯৯,৭৩৩ টা ভোট (২৩.৭২ শতাংশ) লাভ কৰিছিল ।
গুৱাহাটী লোকসভা সমষ্টি :
গুৱাহাটী সমষ্টিত বিৰোধী ঐক্য মঞ্চৰ উমৈহতীয়া প্রার্থী কংগ্ৰেছৰ মীৰা বৰঠাকুৰ গোস্বামী আৰু বিজেপিৰ বিজুলী কলিতা মেধিৰ মাজতে হৈছে মূল যুঁজ । সমষ্টিটোৰ পৰা নিৰ্বাচন খেলিছে ৮ গৰাকী প্ৰাৰ্থীয়ে । এইবাৰ গুৱাহাটী সমষ্টিত ভোটদানৰ হাৰ হৈছে ৭৮.৩৯ শতাংশ । সমষ্টিটোৰ অন্তৰ্গত ১০ টা বিধানসভা সমষ্টিৰ ভোটদানৰ হাৰ হৈছে পশ্চিম গোৱালপাৰাত ৮৭.০৪ শতাংশ, দুধনৈত ৮৫.৯৯ শতাংশ, চমৰিয়াত ৮৯.৮৯ শতাংশ, বকো-ছয়গাঁৱত ৮০.৭০ শতাংশ, পলাশবাৰীত ৮০.০৯ শতাংশ, দিছপুৰত ৬৯.৭৯ শতাংশ, ডিমৰীয়াত ৭৬.৯৪ শতাংশ, নিউ গুৱাহাটীত ৬৭.৯৩ শতাংশ, গুৱাহাটী চেণ্ট্ৰেলত ৭১.২৪ শতাংশ আৰু জালুকবাৰীত ৭৬.৫০ শতাংশ ।
গুৱাহাটী সমষ্টিত ২০১৯ৰ নিৰ্বাচনী ফলাফল :বিগত নিৰ্বাচনত গুৱাহাটী সমষ্টিত ভোটদানৰ হাৰ আছিল ৮০.৮৭ শতাংশ । সমষ্টিটোৰ পৰা বিজেপিৰ কুইন ওজাই ১০,০৮,৯৩৬ টা ভোট (৫৭.২০ শতাংশ) লাভ কৰি জয়ী হৈছিল । আনহাতে দ্বিতীয় স্থানত থকা কংগ্ৰেছৰ ববিতা শৰ্মাই লাভ কৰিছিল ৬,৬৩,৩৩০ টা ভোট (৩৭.৬১ শতাংশ) । ন'টাত ভোট পৰিছিল ১০,৪৬৬ টা (০.৫৯ শতাংশ)।
কোকৰাঝাৰ লোকসভা সমষ্টি :
সমষ্টিটোৰ পৰা এইবাৰ মুঠ ১২ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচন খেলিছে । বি পি এফৰ খাম্ফা বৰগয়াৰী আৰু ইউ পি পি এলৰ জয়ন্ত বসুমতাৰীৰ মাজত মূল যুঁজখন হৈছে যদিও কংগ্ৰেছৰ গৰ্জন মুছাহাৰীও এগৰাকী শক্তিশালী প্ৰাৰ্থী । কোকৰাঝাৰত সমষ্টিত এইবাৰ ৮৩.৫৫ শতাংশ ভোটদান হৈছে । সমষ্টিটোৰ অন্তৰ্গত ৯ টা বিধানসভা সমষ্টিৰ ভোটদানৰ হাৰ হৈছে গোসাইগাঁৱত ৮১.৩৬ শতাংশ, দুতমাত ৮৩.২২ শতাংশ, কোকৰাঝাৰত ৮১.২৭ শতাংশ, বাওখুংৰীত ৮৫.৯৬ শতাংশ, পৰ্বতঝৰাত ৮৯.০৪ শতাংশ, চিদলী চিৰাঙত ৮৩.৭৯ শতাংশ, বিজনীত ৮৬.৭৮ শতাংশ, মানসত ৮১.৬৬ শতাংশ আৰু বাক্সাত ৭৮.৬৭ শতাংশ ।