গোলাঘাট, 17 এপ্ৰিল:নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক নেতা-কৰ্মীয়ে তীব্ৰতৰ কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ অভিযান ৷কাজিৰঙা লোকসভা সমষ্টিৰ কংগ্ৰেছ মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰ’জলীনা তিৰ্কীয়ে মঙলবাৰৰ বিয়লি মহুৰামুখৰ উত্তৰ মহুৰা আৰু দিচৈ পঞ্চায়তত দুখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে ৷ প্ৰথমে দিচৈ গাওঁ পঞ্চায়তৰ নিকৰি বালিগাওঁ তিনিআলিত অনুষ্ঠিত সভাত অংশগ্ৰহণৰ পিছতে উত্তৰ মহুৰাৰ বৰতল প্লেটফৰ্মত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ৷
উত্তৰ মহুৰা মণ্ডল কংগ্ৰেছ সমিতিৰ সম্পাদক ধীৰেশ্বৰ লইঙে আঁত ধৰা সভাখনত অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া উৎপল দলেয়ে প্ৰথমে ভাষণ প্ৰদান কৰি গণতন্ত্ৰ জীয়াই ৰখাৰ স্বাৰ্থত কংগ্ৰেছ মিত্ৰজোঁটৰ পক্ষত ভোট প্ৰদান কৰিবলৈ ৰাইজক আহ্বান জনায় ৷ সভাত কংগ্ৰেছ মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰ’জলীনা তিৰ্কীয়ে জাতি-মাটি-ভেটি ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিয়া বিজেপিয়ে জাতি আৰু ধৰ্মৰ নামত ৰাইজক ভাগ ভাগ কৰি প্ৰতাৰণাৰে মিছা আশ্বাস আৰু প্ৰতিশ্ৰুতিৰে আভুৱা ভাৰি আহিছে বুলি উল্লেখ কৰি দুখীয়া ৰাইজৰ সপক্ষে কাম কৰাৰ কথা কোৱা বিজেপি চৰকাৰে মূল্যবৃদ্ধিৰে দুখীয়া জনগণক আৰ্থিকভাবে কোঙা কৰি পেলাইছে বুলি কয় ৷
গোলাঘাট লোকসভা সমষ্টিক বৰ্তমানেও বিজেপিৰ তথাকথিত উন্নয়নে স্পৰ্শ কৰিব পৰা নাই বুলি শাসকীয় চৰকাৰখনক সমালোচনা কৰে তিৰ্কীয়ে ৷ লগতে সঁচা অৰ্থত উন্নয়ন তথা ৰাইজৰ উপকাৰ সাধিবলৈ সক্ষম নোহোৱাৰ বাবেই বিজেপি চৰকাৰখনে মাৰাথন প্ৰচাৰভিযান চলাবলগীয়া হৈছে বুলিও তিৰ্কীয়ে কয় ৷