অসম

assam

ETV Bharat / politics

হিংসাজৰ্জৰ মণিপুৰ ভ্ৰমণ নকৰা প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ - Jairam Ramesh

Manipur statehood Day: ৰাজ্যিক দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যমৰ জৰিয়তে মণিপুৰৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে । হিংসাজৰ্জৰ ৰাজ্যখন ভ্ৰমণ কৰাৰ পৰিৱৰ্তে সামাজিক মাধ্যমত মত প্ৰকাশ কৰাক লৈ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভিত কংগ্ৰেছ । এই শুভকামনাক ভণ্ডামি আখ্যা কংগ্ৰেছৰ ।

Manipur crisis
হিংসাজৰ্জৰ মণিপুৰ ভ্ৰমণ নকৰা প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ

By PTI

Published : Jan 21, 2024, 3:41 PM IST

Updated : Jan 23, 2024, 10:18 AM IST

নেশ্যনেল ডেস্ক,২১ জানুৱাৰী :আজি মণিপুৰৰ ৰাজ্যিক দিৱস । হিংসাজৰ্জৰ ৰাজ্যখনত এতিয়াও শান্তি প্ৰতিষ্ঠাত বিফল হৈছে চৰকাৰ । যাৰ ফলস্বৰূপে প্ৰতিদিনে ৰাজ্যখনত হিংসাত্মক ঘটনা সংঘটিত হৈ আছে । ইফালে ৰাজ্যিক দিৱসৰ দিনটোতে কংগ্ৰেছে বিজেপি চৰকাৰ আৰু প্ৰধানমন্ত্ৰীক উভতি ধৰিছে । কংগ্ৰেছ দলে মণিপুৰৰ জনসাধাৰণক ৰাজ্যিক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি কয় যে প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যমৰ জৰিয়তে তেওঁৰ ইচ্ছা ব্যক্ত কৰিছে কিন্তু যোৱা বছৰৰ ৩ মে'ৰ পৰা ইমান বেদনা আৰু যন্ত্ৰণাৰ মাজেৰে পাৰ হৈ অহা ৰাজ্যখন ভ্ৰমণ কৰিবলৈ সময় পোৱা নাই বা প্ৰয়োজন বুলি ভবা নাই ।

কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে লগতে কয় যে ৰাজ্যখনত হিংসা অব্যাহত আছে আৰু সামাজিক সম্প্ৰীতি ধ্বংস হৈছে । তেওঁ অভিযোগ কৰে যে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ নীৰৱতা বজাই ৰাখিছে আৰু ৰাজ্যখনৰ ৰাজনৈতিক নেতা আৰু দলসমূহক সাক্ষাৎ কৰিবলৈ অস্বীকাৰ কৰিছে ।

এক্সৰ এটা পোষ্টত ৰমেশে কয় যে প্ৰধানমন্ত্ৰীয়ে মণিপুৰ ৰাজ্যিক দিৱসৰ দিনা টুইট কৰিছে কিন্তু যোৱা বছৰ ৩ মে'ৰ পৰা ৰাজ্যখন ভ্ৰমণ কৰিবলৈ সময় পোৱা নাই । ৰমেশে লগতে কয় যে সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰা শুভকামনা প্ৰধানমন্ত্ৰীৰ ভণ্ডামিৰ আন এটা প্ৰদৰ্শন ।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমৰ এটা পোষ্টত মণিপুৰৰ ৰাজ্যিক দিৱসত ৰাজ্যখনৰ জনসাধাৰণলৈ শুভেচ্ছা জনায় । মণিপুৰে ভাৰতৰ প্ৰগতিত এক শক্তিশালী অৱদান আগবঢ়াইছে বুলিও তেওঁ উল্লেখ কৰে । প্ৰধানমন্ত্ৰীৰ এই পোষ্টটোৰ পিচতে কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকীয়ে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰি এটা পোষ্ট শ্বেয়াৰ কৰে ।

মণিপুৰত বিগত বছৰৰ ৩ মে' পৰা হিংসাত্মক পৰিস্থিতি অব্যাহত আছে । দুটা সম্প্ৰদায়ৰ মাজত হোৱা সংঘৰ্ষৰ পিচত এতিয়ালৈ ৰাজ্যখনত ১৮০ ৰো অধিক লোকৰ মৃত্যু হৈছে । হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰিছে ।

লগতে পঢ়ক :প্ৰধানমন্ত্ৰী মোদীৰ কাৰ্যকালত উত্তৰ-পূবত ৭৩ শতাংশ হ্ৰাস হিংসাত্মক ঘটনা: অমিত শ্বাহ

Last Updated : Jan 23, 2024, 10:18 AM IST

ABOUT THE AUTHOR

...view details