সৰুপথাৰ, 14 ফেব্ৰুৱাৰী :ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ আহ্বানত বিজেপিয়ে আৰম্ভ কৰিছে গাঁও চলো অভিযান ৷ গাঁও চলো অভিযানৰ মূল উদ্দেশ্য হৈছে দেশৰ গাঁওসমূহৰ উন্নয়নৰ বুজ লোৱা ৷ 2014 চনৰ পিচত বিজেপি চৰকাৰখনে প্ৰকৃতাৰ্থত কিমান উন্নয়ন সাধন কৰিলে তাৰ বুজ লোৱাৰ লগতে গাঁওবোৰৰ ৰাইজেনো উন্নয়ন সন্দৰ্ভত কি অনুভৱ কৰে তাৰ গম লোৱা ৷ মানুহৰ মনৰ অনুভৱৰ বুজ লৈ অনাগত দিনত চৰকাৰখনে আৰু কিদৰে উন্নয়নৰ জখলাত বগাই যাব পাৰিব, তাৰ সঠিক হিচাপ কৰাই এই অভিযানৰ মূল লক্ষ্য ৷
বুধবাৰে গাঁও চলো অভিযানৰ অংশ হিচাপেই সৰুপথাৰৰ শ্যাম গাঁৱত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । মুখ্যমন্ত্ৰীক ওচৰত পাই উৎফুল্লিত হৈ পৰে গাঁওবাসী । বাইক ৰেলীৰ দলীয় কৰ্মকৰ্তাসকলে মুখ্যমন্ত্ৰীক আদৰি আনে ৷ গাঁৱৰ জীয়াৰীসকলে জনজাতীয় নৃত্য পৰিৱেশন কৰি মুখ্যমন্ত্ৰীক আদৰণি জনায় ৷ স্থানীয় ৰাইজে জানিবলৈ দিয়ে যে তেওঁলোকে মুখ্যমন্ত্ৰীৰ আগমনৰ বাবে বিভিন্ন ধৰণৰ থলুৱা ব্যঞ্জন ৰান্ধিছে ৷ শ্যাম গাঁওবাসীৰ আতিথ্যত মুখ্যমন্ত্ৰীও অভিভূত হৈ পৰে ৷