গোৱালপাৰা, ৭ মে':মঙলবাৰে অনুষ্ঠিত হয় লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ । ধুবুৰীক ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন বদৰুদ্দিন আজমল আৰু ৰকিবুল হুছেইনৰ । এফালে ৰকিবুল হুছেইনক আদৰণি জনালে বহু সংখ্যক কংগ্ৰেছ সমৰ্থকে, আনফালে মৌলানা বদৰুদ্দিন আজমলক আদৰণি জনাবলৈ নাই সমৰ্থকৰ ভিৰ ।
মঙলবাৰে দুপৰীয়াভাগত চাপৰৰ ধীৰঘাটত একেলগে উপস্থিত হ'ল কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইন আৰু এই আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমল । কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে ৰাইজৰ সৈতে সাক্ষাৎ কৰি পত্নী আৰু পুত্ৰৰ সৈতে চাহ খোৱা দেখা গ'ল । আনফালে এ আই ইউ ডি এফৰ প্ৰাৰ্থী গৰাকীয়ে ওচৰৰ ভোট কেন্দ্ৰটো পৰিদৰ্শন কৰে যদিও নাছিল সমৰ্থকৰ উছাহ ।
মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ধুবুৰী লোকসভা সমষ্টিত বিজেপি মিত্ৰজোঁট হাৰিব বুলি কৰা মন্তব্য প্ৰসংগত ৰকিবুল হুছেইনে প্ৰতিক্ৰিয়া প্ৰদান কৰি কয় যে তেওঁৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত কিবা মনমালিন্য হৈছে । সেইবাবে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি অনাস্থা প্ৰকাশ কৰি এনেবোৰ মন্তব্য আগবঢ়াই আছে । পুৰণি বিজেপি কৰ্মীয়ে প্ৰায়ে এনেধৰণৰ মন্তব্য প্ৰকাশ কৰে বুলি উল্লেখ কৰে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে ।
হুছেইনে আজমলক আদৰিবলৈ সমৰ্থক উপস্থিত নথকা প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, ইমান দিনে ধুবুৰী জিলাৰ মানুহক কন্দুৱাই আছিল আজি ৰাইজে বদৰুদ্দিন আজমলক কন্দুৱাইছে ।