অসম

assam

চিদলী সমষ্টিৰ উপ-নিৰ্বাচনত মিত্ৰজোঁটৰ তিনিওটা দলে একেলগে কাম কৰাৰ সংকল্প - By Election Of Sidli Constituency

By ETV Bharat Assamese Team

Published : Sep 15, 2024, 5:57 PM IST

Sidli Assembly constituency : চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে চলিছে প্ৰচাৰ । এই সমষ্টিটোত বিজেপি-ইউপিপিএলৰ কোনটো দলৰ প্ৰাৰ্থীয়ে দিব প্ৰাৰ্থী ?

Sidli Assembly constituency
চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন (ETV Bharat Assam)

চিৰাং, ১৫ ছেপ্টেম্বৰ: চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে চিৰাঙৰ ছাপাগুৰিত দেওবাৰে বিজেপি-ইউপিপিএলৰ এখন বৈঠক অনুষ্ঠিত হয় । উপ-নিৰ্বাচনৰ প্ৰাৰ্থী আৰু ৰণকৌশল প্ৰস্তুত কৰিবলৈ এই সভাখনৰ আয়োজন কৰা হয় । সভাৰ শেষত মন্ত্ৰী অশোক সিংহলে উপ-নিৰ্বাচন সন্দৰ্ভত মিত্ৰ দলৰে আলোচনা হোৱাৰ কথা ব্য়ক্ত কৰে ।

চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন (ETV Bharat Assam)
  • মিত্ৰজোঁটৰ কৰ্মীসকল উৎসাহিত হৈছে

মন্ত্ৰী অশোক সিংহলে কয়, "চিদলী সমষ্টি ভিত্তিত উপ-নিৰ্বাচনৰ বাবে মিত্ৰ দলৰে সমন্বয়ক সমিতি গঠন কৰা হৈছে । তিনিওটা মিত্ৰজোটৰ কৰ্মীসকল উৎসাহিত হৈ আছে । সকলোৱে একগোট হৈ মিত্ৰজোটৰ প্ৰাৰ্থীক বিপুল ভোটত বিজয়ী কৰাবলৈ সংকল্প লৈছে । প্ৰাৰ্থী কোন হ'ব সেয়া সময়ত গম পাব ।"

  • জনজাতীয় লোকৰ ভূমি বেদখল হ'ব নালাগে

আনহাতে, সোণাপুৰৰ উচ্ছেদ সন্দৰ্ভতো মন্ত্ৰীগৰাকীয়ে সৰৱ হৈ কয়, "জনজাতীয় লোকৰ ভূমি বেদখল হ'ব নালাগে আৰু আমি তাৰবাবেই কাম কৰি আছো । দীৰ্ঘ সময় আন্দোলনৰ পিচত শান্তি আহিছে । গতিকে এতিয়া আমি সেয়া কঠোৰ হাতেৰে দমন কৰিম ।" প্ৰাক্তন সাংসদ আব্দুল খালেকে সোণাপুৰত বেদখল নোহোৱা বুলি তথ্য সহকাৰে যি দাবী কৰিছিল তাৰ পৰিপ্ৰেক্ষিতত ন্যায়ালয়লৈ যাবলৈ পৰামৰ্শ দিয়ে মন্ত্ৰীগৰাকীয়ে ।

  • ৬০ হেজাৰতকৈ অধিক ভোটত জয়ী হ'বলৈ কাম কৰিছো

ইপিনে, বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য় প্ৰমোদ বড়োই কয়, "আমি ৬০ হেজাৰতকৈ অধিক ভোটত জয়ী হ'বলৈ মিত্ৰ দলে পৃথকে পৃথকে কাম কৰি আছে ।" আনহাতে,বিটিআৰৰ কাৰ্যবাহী সদস্য (বিজেপি) অৰূপ কুমাৰ দে'ৰ বিৰুদ্ধে উঠা অভিযোগ সন্দৰ্ভত প্ৰমোদ বড়োই কয়," বিষয়টো আমিয়ো পৰ্যবেক্ষণ কৰি আছো । বাকী বিজেপিয়ে তেওঁৰ বিষয়ে কি ব্যৱস্থা ল'ব সেয়া তেওঁলোকৰ কথা । "

সভাত দুয়োটা দলৰ জিলা আৰু মণ্ডল পৰ্যায়ৰ নেতা-কৰ্মীৰে বৈঠকত মিলিত হয় মন্ত্ৰী অশোক সিংহল,বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য় প্ৰমোদ বড়োৱে । উক্ত সভাখনত কোকৰাঝাৰৰ সাংসদ জয়ন্ত কুমাৰ বসুমতাৰী, উপ-মুখ্য কাৰ্যবাহী সদস্য় গোবিন্দ চন্দ্ৰ বসুমতাৰী, বিটিআৰৰ ৫ গৰাকী কাৰ্যবাহী সদস্য, বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়ৰ লগতে দুয়ো দলৰ জিলাৰ নেতাসকল উপস্থিত থাকে ।

লগতে পঢ়ক:কংগ্ৰেছৰ ভৱিষ্যৎ এতিয়া খিলঞ্জীয়াৰ হাতত নাই : দিলীপ শইকীয়া - MP Dilip Saikia

তিনি বিধায়কসহ পাঁচ কংগ্ৰেছ নেতালৈ কাৰণ দৰ্শোৱাৰ জাননী : কোন কোন আছে তালিকাত ? - Assam Congress

ABOUT THE AUTHOR

...view details