অসম

assam

ETV Bharat / politics

নিৰ্বাচনী বিধি উলংঘা কৰিছে মীৰা বৰঠাকুৰে; ভৱেশ কলিতাৰ অভিযোগ - Lok Sabha Election 2024

MCC Violation: গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি ভংগৰ অভিযোগ তুলিছে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই । গুৱাহাটীত বিজেপিৰ প্ৰাৰ্থীগৰাকীক প্ৰায় ৫ লাখ ভোটৰ ব্যৱধানত জয়ী হ'ব বুলি আশাবাদী ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকী ।

Lok Sabha Election 2024
BJP state president Bhabesh Kalita (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : May 6, 2024, 5:59 PM IST

ভৱেশ কলিতাৰ সংবাদমেল (ETV Bharat Assam)

গুৱাহাটী, ৬ মে':লোকসভা নিৰ্বাচনৰ ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ ইতিমধ্যে সফল সামৰণি পৰিছে । মঙলবাৰে ৰাজ্যত অনুষ্ঠিত হ'ব তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ । আজিৰ দিনটোত কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰে সংবাদমেল অনুষ্ঠিত কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভৱেশ কলিতাই কয় যে নিৰ্বাচনী বিধি উলংঘা কৰিছে মীৰা বৰঠাকুৰে ।

তেওঁ কয় যে আজি প্ৰাৰ্থীয়ে প্ৰচাৰ কৰা সময় নহয় । আজিৰ দিনটোত প্ৰাৰ্থীয়ে সংবাদ মাধ্যমক সম্বোধন কৰিব নোৱাৰে । কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে যিমানেই মেল পাতিলেও প্ৰচাৰ চলালেও বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধি ৫ লাখতকৈ অধিক ভোটত গুৱাহাটী সমষ্টিত জয়ী হ'ব ।

সোমবাৰে বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় । সভাপতিগৰাকীয়ে কয় যে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ দৰে তৃতীয় পৰ্যায়তো বিজেপিৰ ফলাফল ভাল হ'ব ।

গুৱাহাটী, বৰপেটা, কোকৰাঝাৰত বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী হ'ব বুলি দৃঢ়তা প্ৰকাশ ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীৰ । ধুবুৰীত AIUDF ৰ সৈতে বিজেপিৰ তীব্ৰ প্ৰতিদ্বন্দিতা হ'ব । কংগ্ৰেছ ধুবুৰীত প্ৰতিদ্বন্দিতাত নাথাকে বুলিও কয় ভৱেশ কলিতাই । "মুখ্যমন্ত্ৰীয়ে ডেৰশতাধিক সভাত অংশ লৈ প্ৰচাৰ চলাইছে । কাইলৈ বতৰ ভাল হ'ব বুলি আমাৰ আশা আছে, জনতা ওলাই আহি ভোটদান কৰি মোদী ডাঙৰীয়াক তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী কৰিব ।" কলিতাই কয় ।

ইফালে অসমৰ নিৰ্বাচন শেষ কৰি মুখ্যমন্ত্ৰীকে ধৰি আন আন মন্ত্ৰী-বিধায়ক পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ৰাওনা হ'ব বুলিও জানিবলৈ দিয়ে সভাপতিগৰাকীয়ে । তেওঁ লগতে কয় যে ইতিমধ্যে ৰাজ্যিক বিজেপিৰ ৩৫ জনীয়া কাৰ্যকৰ্তাৰ এটা দল গৈছে পশ্চিমবংগলৈ ।

আনহাতে এসময়ৰ বদৰুদ্দিন আজমলৰ অধিবক্তা এ কে তালুকদাৰে বিজেপিৰ কথা মতে আজমলে উঠা বহা কৰে বুলি উল্লেখ কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভৱেশ কলিতাই কয় যে যদি তেওঁ কোৱাৰ দৰে হয় তেন্তে কিয় ইমান দিনে মৌন হৈ আছিল এ কে তালুকদাৰ । তেওঁ অন্য দলৰ এজেণ্ট হিচাপে কাম কৰে । ভোটদানৰ মাত্ৰ এদিন আগত এনে মন্তব্য কৰাৰ আঁৰত নিশ্চয় ৰহস্য আছে । আজমলৰ সৈতে কংগ্ৰেছৰ ঘনিষ্ঠতাৰ কথা সকলোৱে জানে বুলি মন্তব্য কৰে ভৱেশ কলিতাই ।

লগতে পঢ়ক:১০০ খনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details