নিউজ ডেস্ক, 2 মাৰ্চ : অৱশেষত ভাৰতীয় জনতা পাৰ্টিয়ে লোকসভা নিৰ্বাচনৰ বাবে ঘোষণা কৰিলে প্ৰথমখন প্ৰাৰ্থী তালিকা ৷ আজি 195 খন আসনৰ বাবে লোকসভাৰ প্ৰাৰ্থীৰ প্ৰথমখন তালিকা ঘোষণা কৰে বিজেপিয়ে ৷ ৰাষ্ট্ৰীয় ৰাজধানীত দলৰ কাৰ্যালয়ত সংবাদমেল যোগে এই তালিকা ঘোষণা কৰে দলটোৱে ৷ লোকসভাত 370 খন আসন লাভ কৰাৰ বাবে কুচকাৱাজ চলাই থকা বিজেপিয়ে নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰাৰ পূৰ্বেই আজি ঘোষণা কৰে 195 গৰাকী প্ৰাৰ্থীৰে প্ৰথমখন তালিকা ৷ এই তালিকাত অন্তৰ্ভূক্ত হৈছে বিজেপিৰ কেইবাজনো ভি ভি আই পি প্ৰাৰ্থী ৷ তালিকাত প্ৰধানমন্ত্ৰীকে ধৰি কেইবাজনো কেবিনেট তথা কেন্দ্ৰীয় মন্ত্ৰী অন্তৰ্ভূক্ত হৈছে ৷
দলৰ প্ৰথমগৰাকী প্ৰাৰ্থী হিচাবে বিজেপিয়ে ঘোষণা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাম ৷ প্ৰধানমন্ত্ৰী মোদীয়ে পুনৰবাৰ অৰ্থাৎ তৃতীয়বাৰৰ বাবে বাৰাণসীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব ৷ ইফালে গুজৰাটৰ গান্ধীনগৰৰ পৰা পুনৰ প্ৰতিদ্বন্দ্বিতা গৃহমন্ত্ৰী অমিত শ্বাহে ৷ লক্ষ্ণৌৰ পৰা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে আমেথিৰ পৰা যুঁজিব, য’ত 2019 চনত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে তেওঁ জয়লাভ কৰিছিল ৷ আনহাতে বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে নাগপুৰ সংসদীয় সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব ৷
বিজেপিৰ প্ৰথমখন তালিকাত 34 জন মন্ত্ৰী আৰু দুজন প্ৰাক্তন মুখ্যমন্ত্ৰী আছে, য’ত 28 গৰাকী মহিলা, 50 বছৰৰ তলৰ 47 গৰাকী নেতা আৰু অ’বিচি সম্প্ৰদায়ৰ 57 গৰাকী প্ৰাৰ্থীও আছে ৷ 195 জন প্ৰাৰ্থীৰ ভিতৰত গুৰুত্বপূৰ্ণ ৰাজ্য উত্তৰ প্ৰদেশৰ 51 জন, পশ্চিম বংগৰ 20 জন আৰু দিল্লীৰ 5 জন ৷