অসম

assam

ETV Bharat / politics

নীতিশ-নাইডু অবিহনে চৰকাৰ গঠন কৰিব পাৰিবনে বিজেপিয়ে ? - Lok Sabha Election 2024

With out JDU-TDP how BJP form Govt : বিজেপিয়ে এইবেলি লোকসভা নিৰ্বাচনত নিজাববীয়াকৈ লাভ নকৰিলে সংখ্যাগৰিষ্ঠতা ৷ যাৰ বাবে দলটোৱে লৈছে সহায় ৷ মিত্ৰদলৰ সহায়ত সংখ্যাগৰিষ্ঠতাৰ সীমা অতিক্ৰম কৰা বিজেপি(এন ডি এ)য়ে চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰক বাদ দি গঠন কৰিব পাৰিবনে চৰকাৰ ? এয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে ৷

By ETV Bharat Assamese Team

Published : Jun 7, 2024, 12:54 PM IST

With out JDU-TDP how BJP form Govt
নীতিশ-নাইডু অবিহনেও চৰকাৰ গঠন কৰিব পাৰিব নে মোদীয়ে ? (Etv Bharat)

নেশ্যনেল ডেস্ক, ৭ জুন :সকলো উৎকণ্ঠাৰ অৱসান ঘটাই ইতিমধ্যে ঘোষণা কৰা হ’ল 2024 চনৰ লোকসভা নিৰ্বাচনৰ ফলাফল । এইবাৰ কোনো দলেই লাভ কৰা নাই সংখ্যাগৰিষ্ঠতা । অৱশ্যে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত এন ডি এ-য়ে 292 খন আসন লাভ কৰিবলৈ সক্ষম হয় ।

ইয়াৰ ভিতৰত জনতা দল ইউনাইটেড (JDU) আৰু তেলেগু দেশম পাৰ্টী (TDP)ৰ ২৮ খন আসনো আছে । আনহাতে, ইণ্ডি এলায়েন্সে লাভ কৰিছে 234 খন আসন । এনে পৰিস্থিতিত সকলোৰে দৃষ্টি আৱদ্ধ হৈ আছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু টিডিপিৰ মুৰব্বী চন্দ্ৰবাবু নাইডুৰ ওপৰত ।

লগতে পঢ়ক :লোকসভা নিৰ্বাচনত কাৰাবন্দী প্ৰাৰ্থীৰ জয় : শপত ল’ব পাৰিবনে ? চাওক এক বিশ্লেষণ - Lok Sabha Results 2024

আচলতে নিৰ্বাচনত জে ডি ইউয়ে 12 খন আসন আৰু টি ডি পিয়ে 16 খন আসন লাভ কৰিছিল । এইদৰে দুয়োটা দলে মুঠ 28 খন আসন লাভ কৰিছে । সাম্প্ৰতিক পৰিস্থিতিত এই দুটা দলৰ গুৰুত্ব বহুত বাঢ়িছে । ইয়াৰ উপৰিও সকলোৰে দৃষ্টি স্বতন্ত্ৰ আৰু সৰু দলৰ 17 জন সাংসদৰ ওপৰতো থাকিব । এইজন সাংসদ অৱশ্যে এন ডি এ বা ইণ্ডিয়া ব্লকৰ অন্তৰ্গত নহয় । অৱশ্যে এই সাংসদসকলেও চৰকাৰৰ ভৱিষ্যতৰ সিদ্ধান্ত ল’ব পাৰে ।

কোন এই সাংসদসকল ?

এই সাংসদসকলৰ ভিতৰত আছে পূৰ্ণিয়াৰ পৰা জয়ী হোৱা পাপ্পু যাদৱ, নগীনাৰ পৰা জয়ী হোৱা চন্দ্ৰশেখৰ আজাদ, পঞ্জাবৰ ফৰিদকোটৰ পৰা জয়ী হোৱা সবৰজিৎ সিং খালছা, অমৃতপাল সিং, দমন আৰু দিউৰ (Daman and Diu) পৰা জয়ী হোৱা নিৰ্দলীয় প্ৰাৰ্থী পেটেল উমেশভাই, সাংলিৰ পৰা বিশাল পাটিল আৰু বাৰামুল্লাৰ পৰা জয়ী অভিযন্তা ৰছিদৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে ।

নীতিশ-নাইডুৱে বিজেপি এৰিলে কি হ’ব ?

এইখিনিতে কওঁ যে- বিজেপিয়ে নিজাববীয়াকৈ সংখ্যাগৰিষ্ঠতা লাভ কৰা নাই যদিও মিত্ৰদলৰ সহায়ত সংখ্যাগৰিষ্ঠতাৰ সীমা অতিক্ৰম কৰিছে ৷ কিন্তু এইখিনিতে প্ৰশ্ন হয় যে, চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰে বিজেপি এৰিলে কি হ’ব ?

আমি সকলোৱে জানো লোকসভাত মুঠ 545 খন আসন আছে । ইয়াৰে কেৱল বিজেপিৰ দখলত আছে 240 খন আসন ৷ সংখ্যাগৰিষ্ঠতাতকৈ এন ডি এৰ হাতত থকা বৰ্তমানৰ আসনৰ সংখ্যা হৈছে 294 খন ৷ অৰ্থাৎ এন ডি এৰ সংখ্যাগৰিষ্ঠতকৈ 22 জন সাংসদ বেছি । এনে পৰিস্থিতিত যদি কেৱল চন্দ্ৰবাবু নাইডুৱে বিজেপি ত্যাগ কৰে, তেতিয়া এন ডি এৰ সংখ্যা 278 লৈ নামিব, যিটো সংখ্যাগৰিষ্ঠতকৈ সামান্যহে বেছি ৷

একে সময়তে যদি নীতিশ কুমাৰেও বিজেপিৰ পৰা বিচ্ছিন্ন হয়, তেন্তে এন ডি এৰ সদস্য মাত্ৰ 266 জনহে থাকিব, যিটো সংখ্যাগৰিষ্ঠতাৰ সংখ্যাতকৈ 6 জন কম ।

নাইডু-নীতিশক অবিহনে চৰকাৰ গঠন হ’ব-

যদি নীতিশ আৰু নাইডু দুয়োজনেই বিজেপি ত্যাগ কৰে, তেতিয়া এন ডি এ সংখ্যাগৰিষ্ঠতাৰ সীমা অতিক্ৰম কৰিব নোৱাৰিব । এই পৰিস্থিতিত বিজেপিক 6 খন আসনৰ প্ৰয়োজন হ’ব । সৰু সৰু দল বা নিৰ্দলীয় সাংসদৰ সৈতে সহযোগিতা কৰি এই আসনসমূহ পূৰণ কৰিব পাৰে ।

উল্লেখযোগ্য যে, এই নিৰ্বাচনত মুঠ 7 জন নিৰ্দলীয় প্ৰাৰ্থী জয়ী হৈছে । বাকী থকা সাংসদসকল সৰু সৰু দলৰ, যিসকলে প্ৰয়োজন হ’লে বিজেপিক সমৰ্থন কৰিব পাৰে ।

লগতে পঢ়ক :12 জুনত মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব চন্দ্ৰবাবু নাইডুৱে - Chandrababu Naidu Oath Taking Ceremony

ABOUT THE AUTHOR

...view details