নতুন দিল্লী, 25 এপ্ৰিল: জনপ্ৰিয় ইউ টিউবাৰ মনীষ কাশ্যপে বৃহস্পতিবাৰে বিজেপিত যোগদান কৰে । বিজেপি সাংসদ মনোজ তিৱাৰীয়ে দিল্লীত বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত মনীষ কাশ্যপক বিজেপিৰ সদস্যপদ প্ৰদান কৰে । ইয়াৰ আগতে, মনীষ কাশ্যপে তেওঁ মাতৃৰ সৈতে বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈছিল ।
বিজেপিত যোগদান কৰাৰ পিচতে মনীষ কাশ্যপে কয় যে বিজেপিৰ লগতে থাকি তেওঁ বিহাৰক শক্তিশালী কৰিব ৷ ইউ টিউবাৰগৰাকীয়ে লগতে কয় যে তেওঁৰ মাতৃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডাঙৰ অনুৰাগী আৰু কেৱল মাতৃৰ নিৰ্দেশতহে তেওঁ বিজেপিত যোগদান কৰিছে ।
মনীষ কাশ্যপে লগতে কয়, ‘‘কেৱল এই লোকসকলৰ বাবেই মই কাৰাগাৰৰ পৰা ওলাই আহিবলৈ সক্ষম হৈছিলো আৰু মোৰ জীৱনৰ বেয়া দিনবোৰ শেষ হৈছিল ৷ সেয়েহে মই বিজেপিত যোগদান কৰিছো । বিহাৰ শক্তিশালী কৰিব লাগিব ৷ এতিয়া মই বিজেপিৰ সৈতে হাত মিলাই বিহাৰক শক্তিশালী কৰিম ৷’’
বিজেপিত যোগদান কৰাৰ পিচত মনীষ কাশ্যপে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে । চৰ্চা হৈছে যে তেওঁ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে । ইয়াৰ পূৰ্বে তেওঁ পশ্চিম চম্পাৰণ লোকসভা আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰিছিল আৰু প্ৰচাৰো আৰম্ভ কৰিছিল । মনীষ কাশ্যপে ২০২০ চনৰ বিধানসভা নিৰ্বাচনত চানপতিয়াৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও সেই নিৰ্বাচনত তেওঁ পৰাজয়ৰ সন্মুখীন হ'বলগীয়া হৈছিল ।
উল্লেখ্য যে বিহাৰৰ পশ্চিম চম্পাৰণ জিলাৰ বাসিন্দা মনীষ কাশ্যপে এটা ভুৱা ভাইৰেল ভিডিঅ’ গোচৰত গ্ৰেপ্তাৰ হোৱাৰ পিচত চৰ্চালৈ আহিছিল । সেই ক্ষেত্ৰত, মনীষ কাশ্যপ প্ৰায় ন মাহ কাৰাগাৰত আছিল । মনীষ কাশ্যপক এজন সফল ইউ টিউবাৰ হিচাপেও স্বীকৃতি দিয়া হৈছে । তেওঁ প্ৰায়ে ইউ টিউবৰ জৰিয়তে সামাজিক আৰু ৰাজনৈতিক বিষয়ত নিজৰ মতামত প্ৰকাশ কৰে । ইউ টিউবত তেওঁৰ প্ৰায় ৮৭ লাখ অনুৰাগী আছে ।
লগতে পঢ়ক:ডিব্ৰুগড়ৰ কাৰাগাৰৰ পৰাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব অমৃতপাল সিঙে