অসম

assam

লোকসভা নিৰ্বাচনৰ পিচতেই গ্ৰেপ্তাৰ হ’ব ৰাহুল গান্ধী : মুখ্যমন্ত্ৰী

By ETV Bharat Assamese Team

Published : Jan 23, 2024, 6:49 PM IST

Assam CM comment on Rahul Gandhi : ‘‘ৰাহুল গান্ধীৰ বিৰুদ্ধে ফৌজাদাৰী গোচৰ তৰা হ’ব ৷ লোকসভা নিৰ্বাচনৰ পিচতেই গ্ৰেপ্তাৰ হ’ব কংগ্ৰেছ নেতা ৰাহুল গান্ধী ৷’’ এই মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷

Assam CM comment on Rahul Gandhi
ৰাহুল গান্ধীৰ বিৰুদ্ধে ফৌজাদাৰ গোচৰ তৰা হ’ব : হিমন্ত বিশ্ব শৰ্মা

ৰাহুল গান্ধীৰ বিৰুদ্ধে ফৌজাদাৰ গোচৰ তৰা হ’ব : হিমন্ত বিশ্ব শৰ্মা

গোলাঘাট, ২৩ জানুৱাৰী : ‘‘মইনো কি ক’ম ৷ ন্যায় যাত্ৰাৰ ন্যায় হৈ আছে ৷ ৰাহুল গান্ধীয়ে প্ৰায় তিনি হাজাৰ মানুহ আৰু দুশখন গাড়ী লৈ গুৱাহাটীত প্ৰৱেশৰ চেষ্টা কৰিছিল ৷ যদি এই তিনি হাজাৰ মানুহ গুৱাহাটীত সোমালেহেতেন, তেন্তে গুৱাহাটীৰ পৰিৱেশ কেনেকুৱা হ’লহেতেন সেয়া সহজেই অনুমেয় ৷’’ এই মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷

মুখ্যমন্ত্ৰী ড৹ শৰ্মাই আৰু কয়, ‘‘যোৱা ছয়দিন ধৰি আমি তেওঁক কৈ আছিলো যে বেলেগ ৰাস্তাৰে যাওঁক, গুৱাহাটীৰ মাজেৰে নাযাব ৷ কিন্তু ইমান বাধা দিয়াৰ পাচতো তেওঁলোকে পুলিচৰ লগত কাজিয়া পেচাল কৰে, মাৰপিট কৰে ৷ এই গোটেই ঘটনাটো ৰাহুল গান্ধীয়ে গাড়ীৰ পৰা উচতনি দি আছিল ৷ সেয়ে আমি ৰাহুল গান্ধীৰ বিৰুদ্ধে ফৌজাদাৰী গোচৰ এটা তৰিম ৷ তাৰ পাচত পুলিচে কি ব্যৱস্থা লয় ল’ব ৷ তেওঁক আমি এতিয়া গ্ৰেপ্তাৰ নকৰো ৷ লোকসভা নিৰ্বাচনৰ পিচত তেওঁক গ্ৰেপ্তাৰ কৰিম ৷’’

উল্লেখ্য যে, মঙলবাৰে গোলাঘাটৰ দেৰগাঁৱত আয়োজন কৰা হয় ৰেচন কাৰ্ড বিতৰণী অনুষ্ঠান ৷ এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ এই অনুষ্ঠানতে উপস্থিত থাকি সংবাদ মাধ্যমৰ আগত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ উপৰিও ৰেচন কাৰ্ড বিতৰণ সন্দৰ্ভত কেতবোৰ মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

তেওঁ কয়, ‘‘ক’ভিডৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমাক বিনামূলীয়া চাউলৰ যোগান ধৰিছিল । মই চিকিৎসা ব্যৱস্থা চাবলৈ আহিছিলোঁ । কিছুমান মানুহে তেতিয়া কাৰ্ড নাই বুলি কৈছিল । ক’ভিডৰ সময়ত গম পালো যে বহুত মানুহৰ ৰেচন কাৰ্ড নাই । গতিকে মুখ্যমন্ত্ৰী হোৱাৰ পাচত এই ব্যৱস্থা কৰিলো । এতিয়া শ্ৰমিকে এখন ৰেচন কাৰ্ড থাকিলে যিকোনো স্থানৰ পৰা ৰেচন ল'ব পাৰে । গতিকে এতিয়াৰ পৰা এয়া One nation one ration card হ'ল’’ ।

তেওঁ আৰু কয়, ‘‘অসমত প্ৰায় ৪২ লাখ মানুহৰ হাতত ৰেচন কাৰ্ড নাছিল । এতিয়া ভালকৈ বিতৰণ কৰি দিছো । দেৰগাঁও সমষ্টিত ৪৫০৫ পৰিয়ালৰ ১৩৭৮৭ গৰাকীয়ে ৰেচনৰ চাউল পাব । ৰেচন কাৰ্ডখন পায়েই চাউল আনিবলৈ যাব । কিয়নো আপোনালোকৰ নামত ৰেচনৰ চাউল ইতিমধ্যে আহিছে । ১ তাৰিখে গ'লে ফেব্ৰুৱাৰীৰটোহে পাব । আমাৰ অসমত বহু দোকানী আছে, যিয়ে পিঠাৰ অলপ অলপ খোৱাৰ নিচিনাকৈ চাউল অলপ অলপ থৈ দিয়ে । তেনে দোকানীৰ বিৰুদ্ধেও উচিত ব্যৱস্থা লোৱা হ’ব’’ ৷

দেৰগাঁৱত ৰেচন কাৰ্ডৰ চাউল দিয়া দোকানীয়ে অনিয়ম কৰিলে তেওঁলোকৰ বিৰুদ্ধে উচিত ব্যৱস্থা ল’বলৈ জিলা আয়ুক্তগৰাকীক আনুৰোধ জনায় মুখ্যমন্ত্ৰী শৰ্মাই ৷ অন্যথা জিলা আয়ুক্তগৰাকীক ধেমালিৰ চলেৰে চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

‘‘আগতে ৰেচন কাৰ্ড মানে কেৱল চাউল আছিল । কিন্তু আমি এটা নিয়ম কৰিলো যে প্ৰধানমন্ত্ৰীৰ আয়ুস্মান ভাৰত আৰু মুখ্যমন্ত্ৰীৰ আয়ুস্মান অসমৰ হিতাধিকাৰীয়ো ইয়াৰ পৰাই নিৰ্বাচিত হ'ব । এতিয়াৰ পৰা মেডিকেল কলেজ আৰু নাৰ্ছিং হোমত ৫ লাখ টকালৈকে বিনামূলীয়া মেডিকেল সুবিধা পাব । ৰেচন কাৰ্ড থাকিলে প্ৰধানমন্ত্ৰীৰ উজ্জ্বলা গেছৰ সুবিধা পাব । প্ৰথমটো চিলিণ্ডাৰ বিনামূলীয়া আৰু প্ৰতিমাহে ৩০০ টকাকৈ চিলিণ্ডাৰত ৰেহাই পাব ।’’ মুখ্যমন্ত্ৰীয়ে কয় ৷

দেৰগাঁৱৰ দুৰ্ঘটনা প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘বাতৰি কাকতত মৃত্যুৰ খবৰ নোলালে ৰাইজে চৰকাৰী সহায় নাপায় । গতিকে এতিয়াৰ পৰা ৫২ লাখ পৰিয়ালক দুৰ্ঘটনা আৰু মৃত্যুৰ বীমা ৰেচন কাৰ্ডৰ লগত পাব । বহুতে অৰুণোদয় পোৱা নাই । গতিকে এতিয়াৰ পৰা ৰেচন কাৰ্ড থকা ঘৰবোৰত ২০২৬-২৭ চনলৈকে এটাকৈ অৰুণোদয় পাব । অৰুণোদয় আৰু ৰেচন কাৰ্ড একত্ৰিত হ'ব । জাৰ্চী গৰুৱে দিয়া সুবিধাৰ দৰে ৰেচন কাৰ্ডে আমাক সকলো সুবিধা দিব’’ ।

মাইক্ৰ'ফাইনেঞ্চ ঋণ ৰেহাইৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘আত্মসহায়ক গোটৰ মহিলাই ব্যক্তিগতকৈও আৰ্থিক সাহাৰ্য পাব । ইতিমধ্যেই গাঁৱত ফৰ্ম বিতৰণ হৈছে । কোনো দালাল সোমাব নোৱাৰাকৈ একাউণ্টত ভৰাই দিম ধন । প্ৰথমে ১০ হাজাৰ পাচত ১২.৫ হাজাৰ টকাকৈ আৰ্থিক সাহাৰ্য দিয়া হ'ব’’ ।

‘‘গোলাঘাট মেডিকেল কলেজৰ কাম ৫০% হৈছে । দেৰগাঁও-গোলাঘাট পথৰ নিৰ্মাণ সম্পন্ন হৈছে । কাজিৰঙাৰ ওপৰৰ পৰা গঁড় চাই যাম । কমাৰবন্ধাৰ পৰা গহপুৰলৈ পানীৰ তলেৰে যাম । দেৰগাঁৱত এখন নতুন কলেজ উদ্বোধন কৰিবলৈ আকৌ এমাহৰ পাচত দেৰগাঁৱলৈ আহিম ।’’ ড৹ শৰ্মাই কয় ৷

‘‘১০২ সেৱা বুলি দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত এটা হেল্পলাইন নম্বৰ মুকলি কৰিম । সমগ্ৰ অসমৰ পুলিচ আপাতকালীন ফোন তালকে আহিব । তাৰ পৰাই নিয়োজিত কৰা হ'ব আৰক্ষী । ২০২৬ ৰ আগতে দেৰগাঁৱৰ ৰাস্তাবোৰ সুন্দৰকৈ বনাই দিম । অহা ১ মে' পৰা দেৰগাঁও মহকুমা বা উপজিলাৰ কাম আৰম্ভ হ'ব ।’’ এই মন্তব্য মুখ্যমন্ত্ৰীৰ ৷

মঙলবাৰে দেৰগাঁৱত আয়োজিত এই কাৰ্যসূচীত বিধায়ক ভৱেন ভঁৰালী, সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, গোলাঘাট জিলা আয়ুক্ত পি উদয় প্ৰবীণ, বিশিষ্ট সমাজকৰ্মী দেৱপ্ৰদীপ বৰা, নৃপেন বৰুৱাসহ ভালেসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক :"উত্তৰ-পূৰ্বাঞ্চল আৰু ভাৰতৰ শিক্ষাৰ্থীসকলক দাস কৰাৰ প্ৰচেষ্টা কৰা হৈছে": ৰাহুল গান্ধী

ABOUT THE AUTHOR

...view details