অসম

assam

ETV Bharat / politics

পাৰিবাৰিক আধিপত্য বনাম নতুনত্বৰ প্ৰতিশ্ৰুতি; বঙাইগাঁৱত কোনে অধিক আকৰ্ষিত কৰিব ৰাইজক ? - ASSAM BY POLLS 2024

বঙাইগাঁৱত উপ-নিৰ্বাচনৰ বাবে ভোট যুদ্ধত নামিছে মুঠ সাত গৰাকী প্ৰাৰ্থী ৷ মূল যুঁজ হ’ব কংগ্ৰেছ আৰু অগপৰ ৷ ভোটাৰক বেছি কোনে আকৰ্ষণ কৰিব পাৰিছে ?

ASSAM BY POLLS 2024
বঙাইগাঁৱত কোনে অধিক আকৰ্ষিত কৰিব ৰাইজক (ETV Bharat)

By ETV Bharat Assamese Team

Published : Nov 4, 2024, 5:42 PM IST

গুৱাহাটী: অসমৰ উপ-নিৰ্বাচনৰ বাবে নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে । অহা ১৩ নৱেম্বৰত উপ-নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ৩২ নং বঙাইগাঁও বিধানসভা সমষ্টিত বিভিন্ন দলৰ আৰু নিৰ্দলীয় প্ৰার্থীয়ে সমষ্টিটোৰ ভোটাৰ ৰাইজৰ সমৰ্থন লাভ কৰাৰ বাবে ব্যাপক নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে ।

উল্লেখ্য যে বঙাইগাঁও বিধানসভা সমষ্টিৰ উপনিৰ্বাচনত ৭ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে । ইয়াৰে অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰী আৰু কংগ্ৰেছ প্ৰার্থী ব্ৰজেনজিৎ সিংহৰ মাজতে মূল যুঁজ হোৱাৰ সম্ভাৱনা আছে । ইপিনে পাঁচগৰাকী নিৰ্দলীয় প্ৰাৰ্থীৰ ভিতৰত প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাতৰ বাবে অগপৰ বঙাইগাঁও জিলা কমিটীৰ সাধাৰণ সম্পাদক পদৰ পৰা পদত্যাগ কৰি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে থিয় দিয়া শৈলেন্দ্ৰ সৰকাৰে নিৰ্বাচনত গুৰুত্বপূৰ্ণ ভূমিকা লোৱাৰ সম্ভাৱনা আছে ।

বিশেষ প্ৰতিশ্ৰুতি দিব পৰা নাই কোনো প্ৰাৰ্থীয়ে :

লক্ষণীয় যে সমাগত উপনিৰ্বাচনৰ প্ৰচাৰত বঙাইগাঁও সমষ্টিবাসীক কংগ্ৰেছ দল আৰু অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে দিব পৰা নাই কোনো বিশেষ প্ৰতিশ্ৰুতি । এই সন্দৰ্ভত বঙাইগাঁও চহৰৰ ২৫ নং ৱাৰ্ডৰ নিবাসী আনন্দ ঘোষে কয়, ‘‘বঙাইগাঁও চহৰৰ ২৫ টাৰ ভিতৰত একাংশ ৱাৰ্ডৰ পথ, নলা আদি উন্নত নহয় । ৰাইজ নানা সমস্যাৰে জৰ্জৰিত হৈ আছে । পৌৰ সভাখন শাসকীয় দলৰ অধীনত আছে । উদাহৰণ স্বৰূপে ২৫ নং ৱাৰ্ডৰ বাট-পথ যথেষ্ট বেয়া । নলা-নৰ্দমাৰ সুব্যৱস্থা নাই ।’’

তেওঁ লগতে কয়, ‘‘বঙাইগাঁও ৰেল ষ্টেচনৰ কাষৰ ফুট ব্ৰীজ ভাঙি দিয়াৰ পাছত যাতায়তৰ কোনো বিকল্প সু ব্যৱস্থা নকৰাৰ বাবে ৰাইজে যথেষ্ট অসুবিধা পায় আহিছে । উৰণ সেতুৰ কাষৰ বৰো বজাৰৰ ৰাস্তাৰ অৱস্থা বহুত বেয়া । এই ইচ্যুবোৰ কোনো এজন প্ৰাৰ্থীয়ে ভালদৰে ৰাইজৰ আগত তুলি ধৰা পৰিলক্ষিত হোৱা নাই ।’’

ইপিনে বঙাইগাঁও সমষ্টিৰ আন এগৰাকী ভোটাৰ সত্য পাঠকে কয়, ‘‘বঙাইগাঁও সমষ্টিৰ অন্তৰ্গত গ্ৰামাঞ্চলত খাটি খোৱা মানুহখিনিৰ আৰ্থিক অৱস্থা বহুত বেয়া । জলসিঞ্চনৰ অভাৱৰ বাবে গাঁওবোৰত কৃষিৰ অৱস্থা বহুত বেয়া । একসময়ত খেতি কৰা বহুত খেতিয়কে এতিয়া দিন মজুৰি কৰি জীৱন নিৰ্বাহ কৰি আছে । এই ক্ষেত্ৰত চৰকাৰ তথা স্থানীয় বিধায়কে কোনো গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই । এই বিষয়বোৰ নিৰ্বাচনী ইচ্যু হিচাপে প্ৰাৰ্থীসকলে গুৰুত্বপূৰ্ণভাৱে লোৱা পৰিলক্ষিত হোৱা নাই ।’’

উল্লেখ্য যে যোৱা ২০২১ চনৰ বিধানসভা নিৰ্বাচনত অগপ প্ৰার্থী ফণীভূষণ চৌধুৰীয়ে সমষ্টিটোত মুঠ ৮২,৮০০ টা ভোট লাভ কৰি জয়ী হৈছিল । আনহাতে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী তথা কংগ্ৰেছ দলৰ প্ৰাৰ্থী শংকৰ প্ৰসাদ ৰায়ে লাভ কৰিছিল মুঠ ৪৪, ৬৩৩টা ভোট ।

২০২১ ৰ বিধানসভা নিৰ্বাচনত অগপ প্ৰার্থী চৌধুৰীয়ে বঙাইগাঁৱত চৰকাৰী বি এড কলেজ নির্মাণকে ধৰি অতিৰিক্ত উন্নয়নৰ প্ৰতিশ্ৰুতিৰে সমষ্টিবাসী ৰাইজৰ সমৰ্থন বিচাৰিছিল । ইয়াৰ বিপৰীতে মূলতঃ সমষ্টিটোত ৰাজনৈতিক পৰিৱৰ্তন অর্থাৎ বিধায়ক হিচাপে চৌধুৰীৰ ৩৫ বছৰীয়া ক্ষমতাৰ অৱসান বিচাৰি আৰু সমষ্টিটোত ঔদ্যোগিকৰণৰ প্ৰতিশ্ৰুতিৰে ৰাইজৰ কাষ চাপিছিল কংগ্ৰেছ দলৰ প্ৰার্থী শংকৰ প্ৰসাদ ৰায় ।

এইবাৰ সমষ্টিটোত কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে থিয় দিয়া প্ৰাক্তন আই পি এছ বিষয়া তথা সদৌ অসম ছাত্ৰ সন্থাৰ একালৰ নেতা ব্ৰজেনজিৎ সিংহই সমষ্টিটোৰ গাঁৱে-ভূঞে ৰাইজৰ গোটৰ মাজত নিৰ্বাচনী প্ৰচাৰ চলাই আছে । অধিকাংশ ভোটাৰে নিৰ্বাচনত তেওঁক সমর্থন কৰিব বুলি সিংহই দাবী কৰিছে । কংগ্ৰেছ দলৰ প্ৰাৰ্থী সিংহই সমষ্টিটোৰ প্ৰাথমিক উন্নয়ন যেনে সদৰ চহৰৰ বিকল্প মূল পথ নিৰ্মাণ, বিদ্যাপুৰত মহাবিদ্যালয় স্থাপন, সদৰ চহৰত খোৱাপানী যোগানৰ ব্যৱস্থা আৰু নিবনুৱাসকলৰ বাবে কৰ্মসংস্থানৰ সুবিধা কৰা আদি নিৰ্বাচনী প্ৰতিশ্ৰুতিৰে ভোটাৰৰ সমৰ্থন বিচাৰিছে ৷

ইয়াৰ বিপৰীতে অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰীয়ে তেওঁৰ স্বামী ফণীভূষণ চৌধুৰীয়ে বিধায়ক হৈ থকা কালৰপৰা সমষ্টিটোত চলি থকা উন্নয়নৰ ধাৰা অব্যাহত ৰখাত সহযোগ কৰাৰ লগতে মহিলা সৱলীকৰণ আৰু যুৱ কল্যাণৰ দিশটোত অধিক গুৰুত্ব দিয়াৰ প্ৰতিশ্ৰুতিৰে ভোট বিচাৰিছে ৰাইজৰ । কিন্তু দুয়োগৰাকী প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিয়ে তেওঁলোকে ভবা মতে যে সমষ্টিটোৰ সৰহসংখ্যক ভোটাৰ ৰাইজক প্ৰভাৱিত কৰিব পৰা নাই সেই কথা ভোটাৰ ৰাইজৰ মতামতৰপৰা স্পষ্ট হৈছে ।

লগতে পঢ়ক:ধলাইত বিজেপিৰ বাংলাদেশী প্ৰাৰ্থী ! মুখ্য়মন্ত্ৰীৰ পৰা উত্তৰ লাগে ভূপেন বৰাক

ৰকিবুলৰ পুত্রৰ বিৰুদ্ধে চামগুৰিত ৭ নৱেম্বৰত ৰণদুন্দুভি বজাব মুখ্যমন্ত্রীয়ে, পাঁচটা সমষ্টিতে চলাব প্ৰচাৰ

ABOUT THE AUTHOR

...view details