অসম

assam

ETV Bharat / politics

ৰণক্ষেত্ৰ বিহালীত গৌৰৱ গগৈ-ভূপেন বৰাৰ যুঁজত অচল বিৰোধীৰ সন্মিলিত মৰ্চা !

Behali Assembly constituency: বিহালীত প্ৰাৰ্থী দিব কংগ্ৰেছে ! উপ-নিৰ্বাচনত কংগ্ৰেছৰ হাতত উপেক্ষিত বিৰোধী মিত্ৰ দল !

Behali Assembly constituency
বিহালী বিধানসভা সমষ্টি (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : 4 hours ago

গুৱাহাটী:অসমত অহা ১৩ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া বিধানসভা উপ-নিৰ্বাচনৰ পূৰ্বেই বিজেপি বিৰোধী কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্য অচল হোৱাৰ দিশে আগবাঢ়িছে । উপ-নিৰ্বাচন হ’বলগীয়া ৫ খন আসনৰ ৪ খন আসনত কংগ্ৰেছে নিজা প্ৰাৰ্থিত্ব ঘোষণা কৰিছে ৷ মাত্ৰ ঘোষণা কৰা নাই বিহালী সমষ্টিৰ প্ৰাৰ্থী ৷

বিহালী বিধানসভা সমষ্টিক কেন্দ্ৰ কৰি উপ-নিৰ্বাচনী কৌশল সন্দৰ্ভত কংগ্ৰেছ নেতা গৌৰৱ গগৈ আৰু অসম কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ মাজত সংঘাতে অসমৰ ৰাজনীতিত খলকনি তুলিছে ৷ অচল হোৱাৰ উপক্ৰম ঘটিছে বিৰোধীৰ ঐক্যমঞ্চ । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বিৰোধীৰ উমৈহতীয়া মঞ্চ ’অসম সন্মিলিত মৰ্চা’ক সন্তুষ্ট কৰিবলৈ মিত্ৰ দল চিপিআইএমএলক বিহালী আসন দিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে ৷ ইয়াৰ বিপৰীতে সাংসদ গৌৰৱ গগৈয়ে বিচাৰিছে কংগ্ৰেছে বিহালী নিজৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰক । কিন্তু যদিহে বিহালীৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থীক প্ৰক্ষেপ কৰা হয় তেন্তে বিৰোধীৰ ঐক্য অচল হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ।

বিহালীক লৈ বিৰোধীৰ মাজত সংঘাত কিয় ?

২০১৬ৰ পৰা অসমত শাসনৰ গাদীত থকা বিজেপিক প্ৰতিহত কৰাৰ লক্ষ্যৰে কংগ্ৰেছৰ নেতৃত্বত ১৮ টাকৈ বিৰোধী ৰাজনৈতিক দলৰ উমৈহতীয়া মঞ্চ হ’ল অসম সন্মিলিত মৰ্চা ৷ লোকসভা নিৰ্বাচনৰ পাছত ২০২৬ৰ অসমৰ বিধানসভা নিৰ্বাচনলৈকে ঐক্যবদ্ধ হৈ থকাৰ সংকল্পৰে অধিক সক্ৰিয় হৈছিল অসম সন্মিলিত মৰ্চা চমুকৈ 'অসম' । উপ- নিৰ্বাচন হ’বলগীয়া বিহালী সমষ্টিক কেন্দ্ৰ কৰি 'অসম'ৰ ভংগ হোৱাৰ উপক্ৰম হৈছে । ইয়াৰ কাৰণ হৈছে বিহালী সমষ্টিক লৈ কংগ্ৰেছৰ দুটা শিবিৰৰ বিপৰীতমুখী স্থিতি । বঙাইগাঁও, চামগুৰি, চিদলী আৰু ধলাইত 'অসম'ৰ সমৰ্থনত কংগ্ৰেছে নিজৰ প্ৰাৰ্থী ঘোষণা কৰিছে ৷ বিৰোধীৰ মিত্ৰ দল সমূহেও সন্মতি প্ৰকাশ কৰিছে এই চাৰি সমষ্টিত । কিন্তু ঘোষণা কৰিব পৰা নাই বিহালী সমষ্টিৰ প্ৰাৰ্থী ৷

চি পি আই এম এলক বিহালী আসন এৰি দিয়াৰ বাবে 'সন্মিলিত মৰ্চা’ৰ আন সদস্য দলসমূহৰ ফালৰ পৰা কংগ্ৰেছলৈ প্ৰস্তাৱ দিছিল । কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা অসমৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ উপস্থিতিত গুৱাহাটীত 'অসম'ৰ এখন বৈঠকত গঠন কৰা এখন সমিতিয়ে বিহালী সমষ্টিৰ বাবে প্ৰাৰ্থী বাচনি কৰি নাম প্ৰেৰণ কৰিছে কংগ্ৰেছ হাইকমাণ্ডলৈ । সমিতিখনে বিহালীৰ বাবে চি পি আই এম এলৰ বিবেক দাসৰ নাম প্ৰস্তাৱ কৰিছে ।

আনহাতে, গৌৰৱ গগৈয়ে বিচাৰে কংগ্ৰেছে নিজে প্ৰাৰ্থী দিয়ক বিহালী সমষ্টিত । কংগ্ৰেছৰ গৌৰৱ গগৈয়ে সদ্য বিজেপি ত্যাগী নেতা জয়ন্ত বৰাক বিহালীত টিকট দিয়াৰ বাবে দিল্লীত হাইকমাণ্ডক প্ৰস্তাৱ আগবঢ়াইছে ৷ হাইকমাণ্ডৰ ওচৰত গৌৰৱ গগৈৰ যুক্তি বিহালীত জয়ন্ত বৰা জয়ী হোৱাটো নিশ্চিত ৷ কংগ্ৰেছৰ সূত্ৰ অনুসৰি গৌৰৱ গগৈয়ে ইতিমধ্যে কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধীক বিজেপি বাদ দিয়া জয়ন্ত বৰাৰ গণভিত্তি সমষ্টিটোত চিপিআইএমএলৰ প্ৰাৰ্থীগৰাকীতকৈ বহু বেছি বুলি যুক্তি প্ৰদৰ্শন কৰিছে । সেয়ে মিত্ৰদলক এই সমষ্টিটোত কংগ্ৰেছ বা কংগ্ৰেছৰ মিত্ৰ দলে এতিয়ালৈ প্ৰাৰ্থিত্ব ঘোষণা কৰিব পৰা নাই ।

বিহালী থানবান কৰিবলৈ ওলাইছে 'অসম’ :

বিহালীত কংগ্ৰেছ বা মিত্ৰ আন দল যিয়েই উপ-নিৰ্বাচনৰ বাবে প্ৰাৰ্থিত্ব নিদিয়ক কিয়, কংগ্ৰেছ নেতৃত্বাধীন উমৈহতীয়া মঞ্চখন ভঙাৰ উপক্ৰম হৈছে ৷ বিৰোধীৰ মিত্ৰ দলসমূহে আসনখন এৰি দিবলৈ সন্মত হোৱা নাই । এনে পৰিস্থিতিত অসম সন্মিলিত মৰ্চা ভংগ হোৱাৰ দিশে আগবাঢ়িছে । সন্মিলিত মৰ্চাৰ পৰা প্ৰাৰ্থী দিয়াৰ পৰা বঞ্চিত হ’লে মৰ্চাৰ সভাপতি পদৰ পৰা পদত্যাগ কৰিবলৈ সাজু হৈছে ।

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "বিহালীক লৈ এ আই চি চিয়ে যিটো সিদ্ধান্ত ল'ব সেইটো আমি সকলোৱে মানি ল’ম ৷ আমি কংগ্ৰেছী হিচাপে আমাৰ মন এটাই যে আমি বিজেপিক হৰুৱাব লাগে । অসম সন্মিলিত মৰ্চাৰো মন এটাই যে বিজেপিক প্ৰতিহত কৰিব লাগে । মত বেলেগ হোৱাটো অপৰাধ হ'ব নোৱাৰে ।“

আনহাতে, গৌৰৱ গগৈয়ে বিহালীৰ প্ৰাৰ্থিত্ব প্ৰসংগত মুকলিকৈ একো কোৱা নাই যদিও তেওঁ মন্তব্য কৰিছে, “কেৱল বিহালী সমষ্টিয়েই নহয়, উপ-নিৰ্বাচনৰ পাঁচটা সমষ্টিতেই গুৰুত্ব প্ৰদান কৰিব লাগিব ৷ অসমৰ পাঁচোটা সমষ্টিতেই কংগ্ৰেছৰ ফলাফল ভাল হ’ব ৷”

এই প্ৰসংগত বিৰোধী মিত্ৰজোঁটৰ অংশীদাৰী দল অসম জাতীয় পৰিষদৰ সভাপতি তথা অসম সন্মিলিত মৰ্চাৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে কয়, “আমাৰ বিৰোধীৰ মাজত যাতে ভোট বিভাজন নহয় তাৰ বাবে আমি সকলো বিৰোধী একত্ৰিত হৈ থাকিব লাগিব । সেয়েহে আমি আমাৰ বিহালী সমষ্টিটো চিপি আই এম এলৰ প্ৰাৰ্থীগৰাকীক দিবলৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীক আহ্বান জনাইছিলো । গতিকে এই সম্পৰ্কে কি ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰে সেইটো তেওঁলোকৰ কথা । আমাৰ ফালৰ পৰা বিৰোধী দলসমূহ একত্ৰিত হৈ থাকিব বিচাৰো । ভূপেন বৰা আৰু গৌৰৱ গগৈৰ মাজৰ সংঘাত আমাৰ বাবে গুৰুত্বপূৰ্ণ নহয় । আজিৰ তাৰিখত মূল বিষয় হৈছে ২০২৬ ৰ আধাৰ তৈয়াৰ কৰিবলৈ ঐক্যবদ্ধ হৈ যুঁজ দিয়া ।”

শেষত কংগ্ৰেছৰ প্ৰাৰ্থী হ’ব বিজেপি ত্যাগী জয়ন্ত বৰা !

অসম সন্মিলিত মৰ্চাৰ প্ৰস্তাৱ আৰু ভূপেন বৰাৰ প্ৰচেষ্টাক আাশাহত কৰি শেষত বিৰোধী কংগ্ৰেছৰ প্ৰাৰ্থী হ’বগৈ বিজেপি ত্যাগ কৰা নেকি জয়ন্ত বৰা ? এইবাৰৰ উপ-নিৰ্বাচনত বিহালীৰ পৰা বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী জয়ন্ত বৰাই পেনেলত নাম নথকাত বিজেপি ত্যাগ কৰে । তেওঁ কংগ্ৰেছত যোগদান কৰাৰ উদ্দেশ্যৰে সোমবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক সাক্ষাৎ কৰিছে । প্ৰাৰ্থিত্ব নিশ্চিত হ’লে কংগ্ৰেছত যোগদান কৰিবলৈ সাজু জয়ন্ত বৰা ।

বিহালীৰ বাবে অসম সন্মিলিত মৰ্চা বিশেষকৈ প্ৰাৰ্থী বাচনিৰ বাবে গঠন কৰা সমিতিৰ প্ৰস্তাৱ এ আই চি চিয়ে নাকচ কৰিলে উপ-নিৰ্বাচনৰ পূৰ্বেই প্ৰাৰ্থিত্বকেন্দ্ৰিক মতবিৰোধত অসম সন্মিলিত মৰ্চা অচল হৈ পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে । কংগ্ৰেছ দলৰ শেহতীয়া তথ্য অনুসৰি কংগ্ৰেছ ৰাষ্ট্ৰীয় নেতৃত্বই বিহালীত মিত্ৰ দল সমূহলৈ বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতাৰ প্ৰস্তাৱ আগবঢ়াইছে । এক কথাত ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ আগে আগে উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি অচল হোৱাৰ দিশে আগবাঢ়িছে বিৰোধীৰ উমৈহতীয়া মঞ্চ 'অসম সন্মিলিত মৰ্চা' ৷

লগতে পঢ়ক:বিহালীত কোনে পাব টিকট ? প্ৰাৰ্থিত্ব প্ৰদানক লৈ কংগ্ৰেছৰ আভ্যন্তৰত সংঘাত

বিহালীত চি পি আই এম এলৰ প্ৰাৰ্থী দিবলৈ কংগ্ৰেছক আহ্বান জনাইছো: লুৰীণজ্যোতি

ABOUT THE AUTHOR

...view details