অসম

assam

ETV Bharat / politics

অসম বিজেপিত তুংগত গৃহযুদ্ধ; এইবাৰ উপ-সভাপতি জয়ন্ত কুমাৰ দাসৰ বিস্ফোৰক পত্ৰ সভাপতি কলিতালৈ - Internal Clash in Assam BJP

Assam BJP internal clash: ন-পুৰণিৰ বিবাদত প্ৰায় দুফাল অসম বিজেপি ! অশোক শৰ্মাক লৈ সাংসদ দিলীপ শইকীয়া আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মন্তব্যত খৰ্গহস্ত উপ সভাপতি জয়ন্ত কুমাৰ দাস ৷ সভাপতিলৈ লিখিলে বিস্ফোৰক পত্ৰ । কি আছে এই পত্ৰত ?

Internal Clash in Assam BJP
Assam BJP internal clash (Etv Bharat Assam)

By ETV Bharat Assamese Team

Published : May 20, 2024, 7:43 PM IST

গুৱাহাটী, ২০ মে’: এতিয়া প্ৰায় দুফাল হোৱাৰ পথত অসম বিজেপি । অসমৰ ১৪ টা সমষ্টিত লোকসভা নিৰ্বাচন শেষ হোৱাৰ পিছত দিনক দিনে ৰাজ্যিক বিজেপিত তুংগত উঠিছে ন-পুৰণি বিজেপিৰ সংঘাত । কেতিয়াবা যদি ৰাজেন গোঁহাই-অশোক শৰ্মা, তেন্তে আন কেতিয়াবা বিধায়ক মৃণাল শইকীয়া । এইবাৰ বিস্ফোৰণ ঘটাইছে দলটোৰ ৰাজ্যিক উপ সভাপতি তথা পুৰণি নেতা জয়ন্ত দাসে ।

নলবাৰীৰ প্ৰাক্তন বিধায়ক তথা প্ৰবীণ বিজেপি নেতা অশোক শৰ্মাক লৈ দলৰ ভূমিকাত অসন্তুষ্ট হৈ বিস্ফোৰণ ঘটাইছে জয়ন্ত দাসে । সাংসদ দিলীপ শইকীয়া আৰু মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অশোক শৰ্মা প্ৰসংগত কৰা মন্তব্যক লৈ বিজেপিৰ ভিতৰ চ’ৰাত যে ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত আছে সেয়া জয়ন্ত কুমাৰ দাসৰ দৰে জ্যেষ্ঠ বিজেপি নেতাই ঘটোৱা বিস্ফোৰণে স্পষ্ট কৰিছে ।

জয়ন্ত কুমাৰ দাসৰ পত্ৰ (Etv Bharat Assam)

ৰাজ্যিক বিজেপিৰ উপ-সভাপতি জয়ন্ত কুমাৰ দাসে এখন বিস্ফোৰক পত্ৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতালৈ প্ৰেৰণ কৰিছে ৷ লগতে এই পত্ৰৰ প্ৰতিলিপি প্ৰেৰণ কৰিছে দলীয় আন বিষয়ববীয়ালৈ ৷ অশোক শৰ্মাৰ শ্ব’কজ প্ৰসংগত ক্ষোভ উজাৰি পত্ৰ প্ৰেৰণ যোগে দলৰ স্বাৰ্থতহে পদক্ষেপ ল’বলৈ ৰাজ্যিক সভাপতিক দাবী জনাইছে জয়ন্ত কুমাৰ দাসে ৷

লগতে পঢ়ক:মৃণাল শইকীয়াৰ 8PMৰ পোষ্টত গুৰুত্ব দিব নালাগে: জয়ন্ত মল্লবৰুৱা - MRINAL SAIKIA OUTBURST

যোৱা ২০০১ চনৰ পৰাই দিছপুৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থিত্ব বিচাৰিও দলীয় প্রার্থিত্বৰ পৰা নিজে বঞ্চিত হৈ অহাৰ কথা উল্লেখ কৰি জয়ন্ত কুমাৰ দাসে ৰাজ্যিক সভাপতি ভৱেশ কলিতালৈ লিখিছে— “যোৱা কেইদিনমানৰ আগতে দলীয় সতীর্থ অশোক শর্মা ডাঙৰীয়াক কৈফিয়ৎ তলৱ কৰি পত্র প্রদান কৰা হৈছিল । এইখিনিতে মোৰ উপ-সভাপতি হিচাপে কিছু কথা আছে, আগৰ কথা নক’লোৱেই যেনিবা ৷ আপোনাৰ কাৰ্যকালতে দুই-এজন বিধায়ক তথা নেতৃত্বৰ মাজৰ পৰা কিছুৱে বহুত আপত্তিজনক মন্তব্যৰে দলীয় সংবিধানৰ পৰিপন্থী কথা কোৱা সর্বজন বিদিত । সেই সময়বোৰত ব্যক্তিগতভাৱে আপোনাক দলৰ স্বার্থত পদক্ষেপ গ্রহণ কৰাৰ বাবে আহ্বান জনাইছিলো, যাতে দলক হেয় বা ক্ষতি হোৱা কামৰ পৰা প্ৰতিজন কর্মী দূৰত থাকে । যিহেতু এজন জিলা বা ৰাজ্যিক পৰ্যায়ৰ কাৰ্যকৰ্তা অথবা এজন মন্ত্রী বিধায়কে কৰা মন্তব্যই সুদূৰ প্ৰসাৰী প্রভাৱ বিস্তাৰ কৰে, এনেক্ষেত্রত যদি এই পৰ্যায়ৰ নেতা-কর্মীয়ে দল বিৰোধী মন্তব্য কৰে তেন্তে দল আৰু কর্মীৰ ওপৰত কু-প্রভাৱ পৰে ।”

জয়ন্ত কুমাৰ দাসৰ পত্ৰ (Etv Bharat Assam)

লগতে অশোক শৰ্মা প্ৰসংগত ৰাজ্যিক উপসভাপতি গৰাকীয়ে সভাপতি ভৱেশ কলিতাক প্ৰশ্ন কৰিছে— “ধৰা হ'ল অশোক শর্মা ডাঙৰীয়াই ভুল কৰিছে । কিন্তু অশোক শর্মাক অতি কটু কথা কৈ সংবাদ মাধ্যমত সাংসদ এগৰাকীয়ে কৰা মন্তব্য সমর্থনযোগ্য নে ? দলৰ জ্যেষ্ঠ নেতাৰ বিৰুদ্ধে দলীয় মজিয়াত নকৈ সংবাদ মাধ্যমৰ আগত ৰাজহুৱাকৈ কোৱাটোও আমাৰ দলৰ সংবিধান বিৰোধী ৷’’

লগতে পঢ়ক:বিজেপিত অন্তঃকন্দল ! জয়ন্ত মল্ল বৰুৱাক নিয়ন্ত্ৰণ কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান বিধায়ক মৃণাল শইকীয়াৰ - MRINAL SAIKIA OUTBURST

মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অশোক শৰ্মাক দলৰ মুখ্য কাৰ্যালয়ত সংবাদ মাধ্যমৰ সন্মুখত শেহতীয়াকৈ কঠোৰ সমালোচনা কৰিছিল । জয়ন্ত মল্ল বৰুৱাৰ মন্তব্য প্ৰসংগতো পত্ৰত জয়ন্ত দাসে এইদৰে উল্লেখ কৰিছে— “আনহাতে অশোক শর্মাৰ বিৰুদ্ধে যুক্তি প্রতিষ্ঠা কৰিবলৈ গৈ মন্ত্রী গৰাকীয়ে দশক- দশক জুৰি ত্যাগ কৰি দলৰ কাম কৰা নিষ্ঠাবান কর্মীক অতি বেয়াকৈ বছৰত ৫ দিন কাম কৰি দল কৰা নুবুজাই বুলি উপলুঙা কৰা কথাখিনিয়ে অন্তৰত বৰ আঘাত দিছে । মন্ত্রী ডাঙৰীয়াই ২০১৫ চনৰ পৰা ২৪ ঘণ্টাকৈ দলত দিছে আমি আদৰণি জনাইছো । কিন্তু ২০১৫ চনৰ পিছৰ পৰিৱেশ দলৰ বাবে অতিকৈ অনুকুল । সামাজিক আৰু আর্থিক পৰিৱেশ বহু সুন্দৰ আছিল । কিন্তু ২০১৫ চনৰ আগৰ বন্দুকৰ গুলি বুকুত লৈ প্রাণ আহুতি দিয়া নলবাৰীৰ প্ৰয়াত দিলীপ সাহাৰ লগতে উগ্রবাদৰ অতিশয্যৰ বলি হোৱা সতীর্থসকলৰ ত্যাগ আৰু সেই পৰিৱেশবোৰ মনলৈ বৰকৈ আহিছে ।”

জেপত ধন নথকা স্বত্বেও ১০ মাইল পৰ্য্যন্ত খোজ কাঢ়ি, চাইকেল মাৰি আহি সভাত উপস্থিত হোৱা পুৰণি সতীৰ্থসকলৰ ত্যাগৰ কথা উল্লেখ কৰি উপ-সভাপতি গৰাকীয়ে সভাপতি ভৱেশ কলিতালৈ লিখিছে— “সভাপতি মহোদয় পৰিস্থিতি এনে পৰ্যায় পাইছে যে মাননীয় বিধায়ক আৰু মাননীয় মন্ত্রীৰ বাকযুদ্ধ সামাজিক মাধ্যম তথা সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে । একান্ত ব্যক্তিগত বিষয় এটা লৈ কেৱল হেয় প্রতিপন্ন কৰাৰ বাবে সামাজিক আৰু সংবাদ মাধ্যমত উত্থাপন কৰিবলৈ কুণ্ঠাবোধ নকৰা দেখা গৈছে । সভাপতি মহোদয় নতুন পুৰণিৰ কোনো কথা নাই যদিও মন্ত্রী মহোদয়ে মান্যতা দিয়া আমি পুৰণি সকলেই সদস্যভৰ্তিকৰণৰ বহী পকেটত লৈ ঘূৰি ফুৰিছিলো আৰু যুৱক-যুৱতী, পুৰুষ, মহিলাক নতুন নতুনকৈ আমাৰ দললৈ আদৰি আনিছিলোঁ ।”

জয়ন্ত কুমাৰ দাসৰ পত্ৰ (Etv Bharat Assam)

কেৱল এজনকহে উদ্দেশ্যি কৈফিয়ৎ তলৱ কৰিলে দলত নতুন-পুৰণি কথাষাৰৰ আনুষ্ঠানিকতা প্রদান কৰা হ'ব আৰু ইয়েই এক দলত বিৰূপ প্রভাৱ পেলাব বুলি মন্তব্য কৰাছে জয়ন্ত কুমাৰ দাসে । সেয়েহে সভাপতি ভৱেশ কলিতাক কেৱল অশোক শর্মাক উদ্দেশ্যি কৈফিয়ৎ তলৱ নকৰি সকলো পক্ষকে মাতি আনি এক মীমাংসাৰ ব্যৱস্থা গ্রহণ কৰাৰ আহ্বান জনাইছে জয়ন্ত কুমাৰ দাসে ।

লগতে পঢ়ক:MLA Ashok Sharma controversial remark: অশোক শৰ্মাৰ মন্তব্যৰ প্ৰতিক্ৰিয়া জয়ন্ত মল্ল বৰুৱাৰ

ABOUT THE AUTHOR

...view details