অসম

assam

By ETV Bharat Assamese Team

Published : Feb 28, 2024, 11:59 AM IST

Updated : Feb 28, 2024, 4:06 PM IST

ETV Bharat / politics

কংগ্ৰেছৰ প্ৰতি মোহভংগ হ’ল ৰাণা গোস্বামীৰ; কে চি বেণুগোপাললৈ পদত্যাগ পত্ৰ প্ৰেৰণ

Congress internal conflict: অসম প্ৰদেশ কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাণা গোস্বামীয়ে ৷ ভাৰতীয় কংগ্ৰেছ দলৰ সাংগঠনিক সাধাৰণ সম্পাদক কে চি বেণুগোপাললৈ পদত্যাগ পত্ৰ প্ৰেৰণ গোস্বামীৰ ৷ মঙলবাৰে যোৰহাটৰ ৰৰৈয়া বিমান বন্দৰৰ পৰা দিল্লী অভিমুখে ৰাওনা হৈছিল সদ্য দলত্যাগী নেতাজন ৷

Assam Congress working President Rana Goswami submits resignation letter to kc venugopal
Assam Congress working President Rana Goswami submits resignation letter to kc venugopal

গুৱাহাটী, 28 ফেব্ৰুৱাৰী:ৰাজনৈতিক মহলতচৰ্চা অব্যাহত থকাৰ সময়তে অসম প্ৰদেশ কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে জ্যেষ্ঠ কংগ্ৰেছী নেতা ৰাণা গোস্বামীয়ে ৷ ভাৰতীয় কংগ্ৰেছ দলৰ সাংগঠনিক সাধাৰণ সম্পাদক কে চি বেণুগোপাললৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে গোস্বামীয়ে ৷ অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি আৰু প্ৰাথমিক সদস্য পদৰ পৰাও অব্যাহতি লয় জ্যেষ্ঠ কংগ্ৰেছী নেতাজনে ৷

ৰাণা গোস্বামীৰ পদত্যাগ পত্ৰ

মাৰ্চৰ প্ৰথম সপ্তাহতেই গুৱাহাটী বাজপেয়ী ভৱনত ৰাণা গোস্বামীয়ে গেৰুৱা বসন পৰিধান কৰাৰ সম্ভাৱনা আছে বুলি ৰাজনৈতিক মহলত সৰৱ চৰ্চা চলা পৰিলক্ষিত হৈছে ৷ উল্লেখ্য যে, মঙলবাৰে যোৰহাটৰ ৰৰৈয়া বিমান বন্দৰৰ পৰা দিল্লী অভিমুখে ৰাওনা হৈছিল ৰাণা গোস্বামী ৷ মঙলবাৰে বিয়লিৰ ভাগত জ্যেষ্ঠ কংগ্ৰেছী নেতাজন দিল্লীত উপস্থিত হৈছিল বুলি জানিব পৰা গৈছে ।

নতুন দিল্লীত বিজেপি নেতৃত্বৰ সৈতে আলোচনাৰ পাচতহে গোস্বামীয়ে বিজেপিত যোগদান কৰাৰ সম্ভাৱনা আছে বুলি আশা কৰা হৈছে । খবৰ অনুসৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাও বুধবাৰে দিল্লী অভিমুখে ৰাওনা হয় ৷ জানিব পৰা মতে, মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ সৈতে ৰাণা গোস্বামীয়ে বিজেপিৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাসকলক সাক্ষাৎ কৰিব । সদ্য দলত্যাগী ৰাণা গোস্বামীয়ে বিজেপিত যোগদান কৰাটো নিশ্চিত বুলি ৰাজনৈতিক মহলে উল্লেখ কৰিছে ।

উল্লেখ্য যে, কংগ্ৰেছ দল ত্যাগ নকৰো বুলি দেওবাৰে পুৱাৰ ভাগত মন্তব্য প্ৰদান কৰি বিয়লিৰ ভাগত ৰাণা গোস্বামীয়ে উজনি কংগ্ৰেছৰ তত্বাৱধায়ক দায়িত্বৰ পৰা পদত্যাগ কৰে ৷ ইয়াৰ পিচত তেওঁ দেওবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা আৰু অসমৰ পৰ্যবেক্ষক জিতেন্দ্ৰ সিঙলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে । আজি ভাৰতীয় কংগ্ৰেছ দলৰ শীৰ্ষ নেতৃত্ব কেচি বেনুগোপালৰ লগতে অসম কংগ্ৰেছৰ পৰ্যবেক্ষক জিতেন্দ্ৰ সিং আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰালৈও পদত্যাগ পত্ৰ প্ৰেৰণ কৰে গোস্বামীয়ে ৷

লগতে পঢ়ক:গেৰুৱা বসন পৰিধান কৰাৰ দিশে কংগ্ৰেছ নেতা ৰাণা গোস্বামী !

Last Updated : Feb 28, 2024, 4:06 PM IST

ABOUT THE AUTHOR

...view details