অসম

assam

ETV Bharat / politics

ঐতিহাসিক জেৰাই গাঁৱত একেলগে উৰিল অগপৰ ৪০ খন পতাকা

প্ৰতিষ্ঠা দিৱসত অগপৰ ৪০ খন পতাকা উত্তোলন । আঞ্চলিকতাবাদক শক্তিশালী কৰাৰ সংকল্প ।

By ETV Bharat Assamese Team

Published : Oct 14, 2024, 3:48 PM IST

AGP Foundation Day
জেৰাই গাঁৱত অগপৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন (ETV Bharat Assam)

ডিব্ৰুগড়, ১৪ অক্টোবৰ :ঐতিহাসিক অসম আন্দোলনৰ পটভূমিত প্ৰতিষ্ঠা লাভ কৰা ৰাজ্যৰ অন্যতম আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদৰ আজি ৪০ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস । সোমবাৰে ডিব্ৰুগড় জিলাৰ চাবুৱাত অনুষ্ঠিত হৈছে অসম গণ পৰিষদৰ ৪০ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী ।

১৯৮৫ চনৰ ১৪ অক্টোবৰত জন্মলাভ কৰা দলটোৰ এইবাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস চাবুৱাৰ জেৰাই গাঁৱত অনুষ্ঠিত কৰি দলটোৱে ৰাজ্যত আঞ্চলিক শক্তিক শক্তিশালী কৰিবলৈ পৰিকল্পনা আৰম্ভ কৰিছে । ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা হাজাৰ হাজাৰ দলীয় কৰ্মী আহি জেৰাই গাঁৱত ভিৰ কৰিছেহি ।

জেৰাই গাঁৱত অগপৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন (ETV Bharat Assam)

অসমৰ আঞ্চলিক ৰাজনৈতিক শক্তিৰ বাটকটীয়া অসম গণ পৰিষদৰ ৪০ খন পতাকা ঐতিহাসিক জেৰাই গাঁৱত একেলগে উৰে । কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন কৰে অসম গণ পৰিষদৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্তসহ ৪০ গৰাকী নেতাই । পতাকা উত্তোলন কৰি দলটোৰ বাবে নিজৰ জীৱন ত্যাগ কৰা প্ৰতিগৰাকী শ্বহীদক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে ।

আনহাতে, ৰাজ্যত আঞ্চলিকতাবাদক শক্তিশালী কৰিবলৈ সংকল্প ল'বলৈ সকলোকে আহ্বান জনাই অগপৰ নেতৃত্বই । ইয়াৰ পাছতে শ্বহীদ তৰ্পণ, সতীৰ্থ সোঁৱৰণ, সাংস্কৃতিক এনাজৰী কাৰ্যসূচী আৰম্ভ হয় । চাবুৱাবাসী ৰাইজৰ সহযোগত আৰু জেৰাই গাঁওবাসী ৰাইজৰ আতিথ্যত অনুষ্ঠিত কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসক লৈ ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে অগপৰ নেতা-কৰ্মীসকলৰ মাজত ।

অনুষ্ঠানত সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, সাংসদ ফণীভূষণ চৌধুৰীৰ লগতে দলটোৰ সকলো বিধায়ক, জিলা সমিতিৰ সভাপতি-সম্পাদকসকলৰ লগতে দলটোৰ ভাতৃ সংগঠনসমূহৰ বিষয়ববীয়াসকল উপস্থিত থাকে ।

অসম গণ পৰিষদৰ ৪০ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস সন্দৰ্ভত কি ক'লে সভাপতি অতুল বৰাই

অতুল বৰাই কয়, "এইবাৰ ঐতিহাসিক জেৰাই গাঁৱত অসম গণ পৰিষদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰিলো । ডিব্ৰুগড়, তিনিচুকীয়া জিলাৰ দলীয় কৰ্মীসকলে এই প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰাত সহযোগিতা কৰিছে । আঞ্চলিকবাদী চিন্তা কৰাত ৰাইজৰ সহযোগিতা আমি বিচাৰিছো, যাতে দলটো আমি শক্তিশালী কৰিব পাৰো ।"

ৰাইজৰ উন্নয়নৰ বাবে সিদ্ধান্ত ল'বলৈ পৰেশ বৰুৱালৈ আহ্বান কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ

আনহাতে, দলটোৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই কয়, "চাবুৱাৰ জেৰাই গাঁৱৰ অসমৰ ইতিহাসত এক বিশেষ ভূমিকা আছে । কিয়নো অসম স্বাধীন কৰাৰ লক্ষ্য লৈ জেৰাই গাঁৱৰ পৰাই ওলাই গৈছিল আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা । সেয়ে ঐতিহাসিক জেৰাই গাঁৱতেই ৪০ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আয়োজন কৰাটোৱে বিশেষ তৎপৰ্য বহন কৰিছে ।" প্ৰতিষ্ঠা দিৱসৰ পৰাই ৰাইজৰ উন্নয়নৰ বাবে সিদ্ধান্ত ল'বলৈ পৰেশ বৰুৱালৈ আহ্বান কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ ।

লগতে পঢ়ক :অগপৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস; যোগদান কৰিব নেকি অনুপ চেতিয়াই ?
লগতে পঢ়ক :অসমত তৃতীয়বাৰৰ বাবে পদুম ফুলিব: নায়েব সিং ছেইনী

ABOUT THE AUTHOR

...view details