ডিব্ৰুগড়, 28 মাৰ্চ : নাগৰিকত্ব সংশোধনী আইনক লৈ সৰ্বানন্দ সোণোৱালে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া আম আদমী পাৰ্টীৰ ৰাজ্যিক সমিতিৰ ৷ নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত বিৰোধীয়ে বিভ্ৰান্তিৰ সৃষ্টি কৰিছে বুলি ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰার্থী সৰ্বানন্দ সোণোৱালে কৰা মন্তব্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে আম আদমী পার্টীয়ে ৷
ডিব্ৰুগড়ত আজি সংবাদমেল সম্বোধন কৰি আম আদমি পাৰ্টীৰ ৰাজ্যিক মুখপাত্ৰ হেমন্ত ফুকনে সৰ্বানন্দ সোণোৱালক প্ৰশ্ন কৰে ৷ তেওঁ কয় যে, যে বিজেপিয়ে বিৰোধীৰ ওপৰত অভিযোগ অনাৰ সময়ত তেওঁলোকে পাহৰি গৈছে যে নাগৰিকত্ব সংশোধনী আইন উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ থকাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে ইয়াক বলবৎ কৰিছে ৷ সংবাদমেলত আপৰ হেমন্ত ফুকনে কয় যে, 1991 চনৰ লোকপিয়লত ৰাজ্যত অসমীয়াভাষীৰ হাৰ আছিল 57.81 শতাংশ ৷ কিন্তু 2011 চনত অসমত অসমীয়াভাষীৰ হাৰ হয়গৈ 48.38 শতাংশ ৷ ইয়াৰ বিপৰীতে 1991 চনৰ লোকপিয়ল মতে অসমত বাঙালীভাষীৰ হাৰ 21.67 শতাংশ আছিল ৷ কিন্তু 2001 চনৰ লোকপিয়লত এই হাৰ বৃদ্ধি হৈ 27.54 শতাংশ বৃদ্ধি পায় বুলি সদৰী কৰে তেওঁ ৷