অসম

assam

ৰাম মন্দিৰৰ উদ্বোধনী উপলক্ষে কিছু বিশেষ ফটো শ্বেয়াৰ অভিনেত্ৰী লাৱণ্য ত্ৰিপাঠীৰ

By ETV Bharat Assamese Team

Published : Jan 23, 2024, 2:15 PM IST

Ram Temple Inauguration: 22 জানুৱাৰীৰ দিনটো সকলোৰে বাবে এক ঐতিহাসিক দিন আছিল । বহু বছৰৰ অপেক্ষাৰ অন্তত অৱশেষত অযোধ্যাত উদ্বোধন হ’ল ৰাম মন্দিৰ ৷ এই ঐতিহাসিক দিনটোৰ সাক্ষী হৈছে বহু চেলিব্ৰিটি । দক্ষিণ চিনেমাৰ অভিনেত্ৰী লাৱণ্য ত্ৰিপাঠীয়ে এক বিশেষ ধৰণেৰে ৰাম মন্দিৰৰ উদ্বোধনী উদযাপন কৰিছে । চাওক ফটো . .
22 জানুৱাৰীত অযোধ্যাত নিৰ্মিত ৰাম মন্দিৰ উদ্বোধন কৰা হয় । যাৰ বাবে সমগ্ৰ দেশতে উখল-মালহ পৰিৱেশ দেখা পোৱা গৈছিল ।
ইফালে দক্ষিণৰ অভিনেত্ৰী লাৱণ্য ত্ৰিপাঠীয়েও ৰাম লালাৰ আগমনত সুখ প্ৰকাশ কৰিছে
লাৱণ্য ত্ৰিপাঠীয়ে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত ৰাম মন্দিৰ উদ্বোধন উপলক্ষে কিছু ফটোশ্বুটৰ ছবি শ্বেয়াৰ কৰিছে । য’ত তেওঁক পৰম্পৰাগত ৰূপত দেখা গৈছে ।
ছবিবোৰত ৰঙা কলক শাৰী পৰিধান কৰা দেখা গৈছে লাৱণ্য ত্ৰিপাঠীক । যাৰ লগত পৰিধান কৰিছিল অতি বিশেষ গহনা ।
আচলতে লাৱণ্যই ৰাম পৰিয়ালৰ গহনাৰে নিজৰ ৰয়েল লুক সম্পূৰ্ণ কৰিছিল । গহনাত শ্ৰী ৰাম, লক্ষ্মণ, মা সীতা আৰু হনুমানৰ আভাস দেখিবলৈ পোৱা গৈছে ।
লাৱণ্যৰ এই লুকৰ বাবে অনুৰাগীয়ে প্ৰশংসা কৰিছে ।
উল্লেখ্য যে, যোৱা বছৰৰ নৱেম্বৰ মাহত তেলুগু অভিনেতা বৰুণ তেজ কনিডেলাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল অভিনেত্ৰীগৰাকী ।
বিয়াত উপস্থিত আছিল বৰুণ তেজ কনিডেলাৰ সমগ্ৰ পৰিয়াল

ABOUT THE AUTHOR

...view details