অসম

assam

ETV Bharat / opinion

15 অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া SCO বৈঠকৰ পূৰ্বে অশান্ত আয়োজক পাকিস্তান

দেওবাৰে কৰাচী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ওচৰত হোৱা এক আত্মঘাতী আক্ৰমণত দুজন চীনা লোক নিহত আৰু এজন আহত, যাৰ ফলত SCO বৈঠকৰ পূৰ্বে বিব্রত হৈ পৰিছে পাকিস্তান।

By Major General Harsha Kakar

Published : Oct 14, 2024, 11:55 AM IST

PAKISTAN  SUICIDE ATTACK
নিৰাপত্তা বিষয়াসকলৰ কৰাচী বিমানবন্দৰৰ বাহিৰত হোৱা বিস্ফোৰণৰ স্থান পৰ্যবেক্ষণ যাৰ ফলত ব্যাপক ক্ষয়ক্ষতি হয় (AP)

কৰাচীৰ সুৰক্ষিত জিন্না আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত চীনা অভিযন্তাসকলক কঢ়িওৱা এটা কনভয়ত শেহতীয়াকৈ হোৱা এক আত্মঘাতী আক্ৰমণত দুজন চীনা নাগৰিকসহ তিনিজন নিহত হোৱাৰ লগতে এজন চীনাসহ বহুলোক গুৰুতৰভাৱে আহত হৈছে। এইটো পাকিস্তানৰ ভিতৰত সংঘটিত ধাৰাবাহিক সন্ত্ৰাসবাদী আক্ৰমণৰ শেহতীয়া এক উদাহৰণ।

লক্ষণীয়ভাৱে 15-16 অক্টোবৰত পাকিস্তানে ইছলামাবাদত এছচিঅ' (ছাংহাই সহযোগিতা সংগঠন) চৰকাৰী মুৰব্বী পৰিষদৰ বৈঠক আয়োজন কৰিবলৈ প্ৰস্তুতি চলাই থকা মূহুৰ্ততে এই ঘটনা সংঘটিত হৈছে । কৰাচী বিমানবন্দৰত সংঘটিত এই শেহতীয়া সন্ত্ৰাসবাদী আক্ৰমণে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পাকিস্তানৰ ভাৱমূৰ্তি পুনৰ ম্লান কৰিছে । এই কথাটোও উল্লেখনীয় যে বিস্ফোৰণৰ ঠাইটুকুৰা এখন সুৰক্ষিত বিমানবন্দৰ, যি দেশখনৰ আইন প্ৰৱৰ্তনকাৰী সংস্থাৰ দ্বাৰা তদাৰক হোৱাৰ লগতে সামৰিক ঘাটিৰ দ্বাৰা পৰিবেষ্টিত।

পাকিস্তানৰ বাবে লজ্জাজনক কথাটো হৈ পৰিছে এনেদৰে সন্ত্ৰাসবাদীয়ে এটা সুৰক্ষিত এলেকাত প্ৰৱেশ কৰি নিৰাপত্তা ব্যৱস্থাক ভেদিবলৈ সক্ষম হোৱাটো । বেলুচ লিবাৰেশ্যন আৰ্মীয়ে (বিএলএ) এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰি কৰি কৈছে যে ইয়াৰ মজিদ ব্ৰিগেড এই ঘটনাৰ আঁৰত জড়িত।

পাকিস্তানে প্ৰথমৱস্থাত ঘটনাটো এটা টেংকাৰ বিস্ফোৰণ বুলি পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিল যদিও চীনা দূতাবাসে এই দাবীক খণ্ডন কৰে আৰু ইয়াক আত্মঘাতী আক্ৰমণ বুলি ঘোষণা কৰে। ইছলামাবাদস্থিত চীনা দূতাবাসৰ এক বিবৃতিত উল্লেখ কৰা হয় যে কনভয়টোৱে 'পোৰ্ট কাছিম ইলেক্ট্ৰিক পাৱাৰ কোম্পানী (প্ৰাইভেট) লিমিটেডত কৰ্মৰত চীনা কৰ্মচাৰীক কঢ়িয়াই লৈ গৈ আছিল।'

তাৎপৰ্যপূৰ্ণভাৱে এইটো সেই একেটা কোম্পানী যাৰ সৈতে পাকিস্তানৰ বিত্ত মন্ত্ৰালয় ঋণৰ পুনৰ প্ৰফাইলিং আলোচনাত জড়িত। ইছলামাবাদত থকা চীনা দূতাবাসে এক বিবৃতি প্ৰকাশ কৰি পাকিস্তানে 'আক্ৰমণৰ পুংখানুপুংখ তদন্ত কৰাৰ, অপৰাধীসকলক কঠোৰ শাস্তি দিয়াৰ আৰু পাকিস্তানত চীনা নাগৰিক, প্ৰতিষ্ঠান আৰু প্ৰকল্পসমূহৰ সুৰক্ষাৰ বাবে সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী জনায়।

এই ঘটনাটোৱে পাকিস্তান চৰকাৰক ইমানেই জোকাৰি গৈছে যে স্বয়ং প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ সমবেদনা জ্ঞাপন কৰিবলৈ চীনা দূতাবাসলৈ যায় আৰু চীনৰ ৰাষ্ট্ৰদূতক প্ৰতিশ্ৰুতি দিয়ে যে তেওঁ ব্যক্তিগতভাৱে তদন্তটো নিৰীক্ষণ কৰিব।

দ্য চাইনীজ ডেইলিয়ে নিজৰ এক সম্পাদকীয়ত উল্লেখ কৰিছে, 'চীন আৰু পাকিস্তানে সন্ত্ৰাসবাদ আৰু নিৰাপত্তা সহযোগিতা অধিক শক্তিশালী কৰা উচিত। পাকিস্তানৰ সিপিইসি প্রজেক্টবোৰত সন্ত্ৰাসবাদীৰ আক্রমণৰ ফলত চীন বিৰোধী শক্তিবোৰে আনন্দিত অনুভব কৰে।’

চীনে আকৌ এবাৰ ইংগিত দিছে যে ইয়াৰ নাগৰিকসকলক সুৰক্ষা দিবলৈ পাকিস্তানৰ ভিতৰত চীনা সৈন্য বাহিনী মোতায়েন কৰা প্ৰয়োজন। এনে ধৰণৰ কাৰ্য পিছে পাকিস্তনৰ বাবে অৱমাননাজনক হ'ব পাৰে ৷ পাকিস্তানৰ পশ্চিম প্ৰদেশসমূহত প্ৰায়েই সন্ত্ৰাসবাদী কূটাঘাতৰ ঘটনা অব্যাহত আছে ৷ প্ৰতিদিনেই সুৰক্ষা বাহিনীৰ জোৱান, সন্ত্ৰাসবাদী আৰু নিৰীহ লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে। স্বাভাবিকতেই এই অঞ্চলবোৰত চৰকাৰৰ বিৰুদ্ধে ক্ষোভৰ দাবানল বিয়পিছে।

একেসময়তে, ইমৰান খানৰ পাকিস্তান তেহৰিক-এ-ইনচাফ (পিটিআই) ক তেওঁলোকৰ প্ৰতিবাদ অব্যাহত ৰখাৰ পৰা বিৰত ৰাখিবলৈ, পাক সেনাক এছচিঅ' সন্মিলনৰ বাবে ইছলামাবাদক সুৰক্ষিত কৰাৰ দায়িত্ব দিয়া হৈছে। পাকিস্তানে ইতিমধ্যে ইছলামাবাদ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহত 144 ধাৰা জাৰি কৰিছে যাতে কোনো ধৰণৰ সমাৱেশ প্ৰতিহত কৰিব পৰা যায়।

পাক নেতৃত্বই সঠিকভাৱে উল্লেখ কৰিছে যে বৰ্ধিত সন্ত্ৰাসবাদ আৰু পিটিআইৰ প্ৰতিবাদ, যাৰ বেছিভাগ হিংসাত্মক, এছচিঅ' সম্প্ৰদায়ৰ আগত বৰ্তমানৰ চৰকাৰক হেয় কৰাৰ লক্ষ্যৰে কৰা হৈছে। নিজৰ ক্ষমতা প্ৰদৰ্শন কৰাৰ উদ্দেশ্যৰে, পিটিআইয়ে এছচিঅ' সন্মিলনৰ সমসাময়িকভাৱে 15 অক্টোবৰত ইছলামাবাদত এক শান্তিপূৰ্ণ প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণৰ কথা ঘোষণা কৰিছে।

এই ক্ষেত্ৰত পিটিআইৰ ভিতৰৰ এনে আকাংক্ষাৰ সৃষ্টি হৈছে যে খাইবাৰ পাখতুনখোৱা প্ৰান্তৰ মুখ্যমন্ত্ৰীৰ উপদেষ্টা মহম্মদ আলী ছৈফে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীক তেওঁলোকৰ প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ পৰ্যন্ত আমন্ত্ৰণ জনাইছিল। যাক পৰৱৰ্তী সময়ত ভাৰতৰ তৰফৰ পৰা অস্বীকাৰ কৰা হয়।

এছচিঅ' সন্মিলনৰ সময়ত চীনক প্ৰতিনিধিত্ব কৰা চীনৰ প্ৰধানমন্ত্ৰী লি কিয়াঙৰ সৈতে আলোচনা কৰিবলৈ সাজু হৈ থকা পাক প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে নিজৰ দেশৰ নিৰাপত্তা ব্যৱস্থাক সমৰ্থন কৰিবলৈ গৈ লজ্জাজনক পৰিস্থিতিৰ সন্মুখীন হ‘ব লাগিব । ৰাছিয়া আৰু পশ্চিম এছিয়াকে ধৰি অন্যান্য ৰাষ্ট্ৰসমূহে পাকিস্তানত বিনিয়োগ কৰিবলৈ দ্বিধাবোধ কৰিব।

উল্লেখ্য যে , চীন-পাকিস্তান অৰ্থনৈতিক কৰিডৰ (চিপিইচি) প্ৰকল্পত নিয়োজিত চীনা অভিযন্তাসকলৰ ওপৰত এইটো প্ৰথম আক্ৰমণ নহয়। চলিত বৰ্ষৰ মাৰ্চ মাহত চীনৰ দ্বাৰা পুঁজি যোগান ধৰা দাচু জলবিদ্যুৎ প্ৰকল্পত হোৱা এক আত্মঘাতী আক্ৰমণত পাঁচজন চীনা নাগৰিক আৰু তেওঁলোকৰ চালক নিহত হয়। মে মাহত, পাকিস্তানৰ উপ-প্ৰধানমন্ত্ৰী আৰু বৈদেশিক মন্ত্ৰীয়ে বেইজিং ভ্ৰমণ কৰে আৰু মাৰ্চৰ আক্ৰমণৰ বাবে দায়ীসকলক বিচাৰি উলিওৱাৰ প্ৰতিশ্ৰুতি দিয়ে।

পৰৱৰ্তী সময়ত প্ৰায় 11 জন নিৰীহ লোকক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু দায়িত্ব স্বীকাৰ কৰিবলৈ বাধ্য কৰোৱা হৈছিল। যেতিয়াই পাকিস্তানত সন্ত্ৰাসবাদীৰ আক্ৰমণত চীনা নাগৰিক নিহত হৈছে, তেওঁলোকে আৰ্থিক ক্ষতিপূৰণ দাবী কৰিছে। এইবাৰ চাহিদা কিমান হ'ব সেয়া অজ্ঞাত। তদুপৰি, চীনে পাকিস্তানে নিঃছিদ্ৰ নিৰাপত্তা প্ৰদান নকৰিলে প্ৰকল্পবোৰৰ কাম লেহেমীয়া কৰাৰ ভাবুকি দিছে।

বালুচসকলৰ বাবে, চীন-পাকিস্তান অৰ্থনৈতিক কৰিডৰ গ্ৰহণযোগ্য নহয় কিয়নো এই কাৰ্যই তেওঁলোকৰ এলেকাত প্ৰৱেশ কৰে। গোৱাদৰ চীনাসকলক হস্তান্তৰ কৰাৰ বিৰুদ্ধে তেওঁলোকৰ নিয়মীয়া প্ৰতিবাদক উপেক্ষা কৰা হৈছে। চৰকাৰে তেওঁলোকৰ উদ্বেগৰ বিষয়ে আলোচনা কৰিবলৈ অস্বীকাৰ কৰিছে। সম্ভৱতঃ, আগন্তুক এছচিঅ' সন্মিলনৰ প্ৰতি লক্ষ্য ৰাখি, পাকিস্তান কৰ্তৃপক্ষই এউ আক্ৰমণৰ ঘটনাৰ বাবে ভাৰতীয় চোৰাংচোৱা সংস্থাক পোনপটীয়াকৈ দোষাৰোপ কৰা নাই।

পাকিস্তানৰ পৰিকল্পনা মন্ত্ৰী এহছান ইকবালে উল্লেখ কৰিছে যে, 'কৰাচীত সন্ত্ৰাসবাদী কাৰ্যকলাপ আৰু ৰাজনৈতিক সন্ত্ৰাসবাদী প্ৰতিবাদৰ আহ্বান যে যোগসূত্ৰ আছে তাত কোনো সন্দেহ নাই।' তেওঁ লগতে কয় যে 'স্ক্ৰিপ্ট ৰাইটাৰ' সেই একেজন ব্যক্তি যিয়ে এফালে বিস্ফোৰক আক্ৰমণ চলাবলৈ সন্ত্ৰাসবাদীক ব্যৱহাৰ কৰি আছিল আৰু আনফালে, অৰাজকতা বিয়পাবলৈ আৰু পাকিস্তানৰ গুৰুত্বপূৰ্ণ স্বাৰ্থবোৰক আঘাত কৰিবলৈ পিটিআইক ব্যৱহাৰ কৰি আছে।

পাকিস্তান অৱগত যে এই মুহূৰ্তত যিকোনো অযৌক্তিক মন্তব্যই ভাৰতৰ বৈদেশিক মন্ত্ৰীৰ ইছলামাবাদ ভ্ৰমণ বাতিল কৰিব পাৰে। কেইবাজনো নিৰ্দোষক গ্ৰেপ্তাৰ কৰাৰ পিছত আৰু তেওঁলোকক জড়িত থকাৰ কথা স্বীকাৰ কৰিবলৈ বাধ্য কৰোৱাৰ পিছত অভিযোগবোৰ উত্থাপিত হ'ব, সকলোবোৰ হ‘ব এছচিঅ' সন্মিলনৰ পিছত।

পাকিস্তান একাধিক ভাবুকিৰ সংমিশ্ৰণত শংকিত হৈ পৰিছে। ইমৰান খানৰ পিটিআইয়ে ৰাজনৈতিক পৰিৱৰ্তন, খানৰ মুক্তি আৰু বৰ্তমানৰ অৱনমিত পৰিস্থিতিৰ বাবে সেনা প্ৰধানক জবাবদিহি কৰাৰ দাবী জনাইছে। তেওঁলোক পাকিস্তানৰ আভ্যন্তৰীণ খেলিমেলিৰ ওপৰত আলোকপাত কৰিবলৈ এছচিঅ' সন্মিলনৰ মঞ্চখন ব্যৱহাৰ কৰিবলৈ প্ৰস্তুত।

টিটিপি (তেহৰিক-এ-তালিবান পাকিস্তান) এ খাইবাৰ পাখতুনখোৱা অঞ্চলক শ্বৰিয়া আইনৰ অধীনলৈ আনিব বিচাৰিছে। বালুচসকলে পাকিস্তানৰ অবৈধ দখলৰ পৰা মুক্তি বিচাৰে সেয়েহে চীনাসকলে তেওঁলোকৰ ভূমিত চিপিইচি নিৰ্মাণ কৰা কাৰ্যবোৰক লক্ষ্য কৰি লৈছে। টিটিপি আৰু বালুচ কেৱল তেওঁলোকৰ অঞ্চলতে সক্ৰিয় নহয় কিন্তু দেশখনৰ আন অঞ্চলতো নিজৰ উপস্থিতি সবল কৰি তুলিছে, শেহতীয়া ঘটনাবোৰে তাকে সূচায়।

ৰাজনৈতিক, ধৰ্মীয় আৰু স্বাধীনতা আন্দোলনকেন্দ্ৰিক প্ৰতিবাদ আৰু হিংসা হৈছে এক মুখ্য মিশ্ৰণ, যাক নগদ ধনৰ অভাৱ থকা পাকিস্তানৰ বাবে নিয়ন্ত্ৰণ কৰা কঠিন বুলি প্ৰমাণিত হৈছে । তেওঁলোকৰ চৰকাৰী যন্ত্ৰ পিটিআইৰ লগতে ইয়াক সমৰ্থন কৰা ন্যায়পালিকাকে ধৰি ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানসমূহক চূৰ্ণ-বিচূৰ্ণ কৰাত ব্যস্ত, যাৰ জৰিয়তে বৰ্তমানৰ হাইব্ৰিড চৰকাৰৰ ধাৰাবাহিকতা নিশ্চিত কৰিব পৰা যায়, যাক ইমৰানে অৱমাননা কৰি আহিছে।

পাকিস্তানৰ নেতৃত্বই জ্ঞাত যে বৰ্তমানৰ প্ৰতিবাদ হিংসাত্মক হ'ব পাৰে, বিশেষকৈ অৰ্থনীতিৰ অৱনতিৰ ফলত বাংলাদেশৰ বিদ্ৰোহৰ পুনৰাবৃত্তি হ'ব পাৰে, সেয়েহে তেওঁলোকে ইয়াক যিকোনো মূল্যত দমন কৰিব লাগিব। তেওঁলোকে এইটোও জানে যে ইমৰানক সমৰ্থন কৰাসকলৰ ভিতৰত সশস্ত্ৰ বাহিনীৰ সদস্যও আছে, সেয়েহে তেওঁলোকে সাৱধানে আগুৱাব লাগিব।

ইমৰান এতিয়াও কাৰাগাৰতে বন্দী, এই সম্পৰ্কে জ্ঞাত হৈ যে ক্ষমতা পুনৰ দখলৰ বাবে এই সময়ছোৱাত কাৰাগাৰৰ ভিতৰতে থকাটো তেওঁৰ বাবে সৰ্বশ্ৰেষ্ঠ পন্থা। ইছলামাবাদ, ৰাৱালপিণ্ডি আৰু লাহোৰ বেল্টত শান্তি আৰু নিৰাপত্তা নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব দিয়াৰ সৈতে, আন প্ৰান্তীয় প্ৰদেশসমূহক উপেক্ষা কৰা হৈছে। এই কাৰ্যই টিটিপি আৰু বালুচক পুনৰ প্ৰাসংগিক হ'বলৈ সুবিধা দিছে। ইয়াৰ উপৰিও, এছ.চি.ও.- বৈঠক চলাকালীন, পাকিস্তানে ৰাজধানীত বা ইয়াৰ ওচৰে পাজৰে সন্ত্ৰাসবাদী আক্ৰমণ হোৱাটো কামনা নকৰে।

বৰ্তমান সময়ত পাকিস্তান আসন্ন এছচিঅ' সন্মিলনৰ বাবে আঞ্চলিক চৰ্চাত থকা এখন ৰাষ্ট্ৰ। পাকিস্তানৰ বাবে এয়া সন্ত্ৰাসবাদক দূৰত ৰাখি ৰাজনৈতিক শ্ৰেণীৰ মাজত নিজৰ আভ্যন্তৰীণ একতা দাঙি ধৰাৰ সময়। অৱশ্যে, ই দুয়োটা ক্ষেত্ৰতে বিফল হৈছে। বিশ্বই অৰ্থনৈতিক দুৰ্দশা দূৰ কৰিবলৈ কাম কৰাৰ সলনি বৰ্ধিত ৰাজনৈতিক অসন্তুষ্টি, উগ্ৰপন্থী মতাদৰ্শ আৰু হিংসা নিয়ন্ত্ৰণ কৰিবলৈ সংগ্ৰাম কৰি থকা এক এক অস্থিৰ পাকিস্তান হে দেখা পাব।

লগতে পঢ়ক: প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সমস্যা সমাধান হ'ব নে ? - Jaishankar Wang Yi meeting

ABOUT THE AUTHOR

...view details