শীতকালৰ নিশা সমগ্ৰ শৰীৰ উমাল কম্বলৰে মেৰিয়াই শুবলৈ সকলোৱে ভাল পায় আৰু এই সময়ত ভৰি দুখন উলিয়াবলৈও মন নাযায় । কিন্তু টোপনি অহাৰ লগে লগে ভয়লগা বা কান্দিবলৈ বাধ্য কৰোৱা অদ্ভুত সপোন মনলৈ আহিবলৈ আৰম্ভ কৰে । এই সকলোবোৰ আপোনাৰ লগতো হৈ আছে নেকি ? যদি হয় তেন্তে ইয়াৰ কাৰণ কি বাৰু আপুনি জানেনে ? দৰাচলতে শীতকালৰ ঠাণ্ডা ৰাতিবোৰত আমি কিয় অদ্ভুত সপোন দেখিবলৈ পাওঁ সেই সন্দৰ্ভত শেহতীয়াকৈ এটি গৱেষণা কৰা হৈছিল । Frontiers in Neuroscience আলোচনীত প্ৰকাশিত এই গৱেষণাত ঠাণ্ডা ৰাতি দুঃস্বপ্ন দেখাৰ কাৰণ ব্যাখ্যা কৰা হৈছে ।
শীতৰ ৰাতি আমি কিয় ভয় লগা সপোন দেখিবলৈ পাওঁ ?
এই গৱেষণা জাৰ্মান বিচনা নিৰ্মাণ কোম্পানী এটাই কৰিছিল । য’ত দেখা গ’ল যে শীতকালত টোপনিৰ ধৰণ সম্পূৰ্ণৰূপে সলনি হয় । এই সময়ত চকুৰ গতি দ্ৰুত অৰ্থাৎ টোপনিৰ সময় গ্ৰীষ্মৰ তুলনাত প্ৰায় আধা ঘণ্টা বৃদ্ধি পায় । এইটোৱেই হৈছে টোপনিৰ সেই পৰ্যায় য’ত চকু দুটা বন্ধ হৈ থাকে যদিও দ্ৰুতগতিত গতি কৰি থাকে । এই পৰ্যায়ত মগজু অতি সক্ৰিয় হৈ থাকে । এই কাৰণেই সপোনবোৰ অধিক ভয়ংকৰ আৰু অদ্ভুত হ’ব পাৰে ।
অধিক সপোন দেখাৰ কাৰণ-
এই গৱেষণাৰ মুৰব্বী মাৰ্টিন ছিলে কয় যে যেতিয়া ঠাণ্ডা হয় তেতিয়া দিনবোৰ চুটি হৈ পৰে আৰু ৰাতিবোৰ দীঘলীয়া হয় । আগতীয়াকৈ হোৱা সূৰ্যাস্তই শৰীৰত মেলাটনিনৰ মাত্ৰা বৃদ্ধি কৰে । এই একেটা হৰম’নে টোপনি নিয়ন্ত্ৰণৰ কাম কৰে । ইয়াৰ বৃদ্ধি পোৱা মাত্ৰাই কেৱল গভীৰ টোপনিৰ প্ৰৰোচনা কৰাই নহয়, চকুৰ গতি অধিক দ্ৰুততাৰে সৈতে টোপনিও আনে, যিটো অধিক সপোন দেখাৰ কাৰণ হৈ পৰে ।