প্ৰেম হৈছে এক স্বৰ্গীয় অনুভূতি ৷ প্ৰেমে কঢ়িয়াই আনে মনত হাজাৰটা আশাৰ সঞ্চাৰ ৷ প্ৰেমেই দিয়ে জীয়াই থকাৰ প্ৰেৰণা ৷ প্ৰেমৰ বাবে হয়তো কেতিয়াবা আপোনাৰ বৰষুণত তিতিবলৈ মন নতুবা কুৱলীসিক্ত বননিত খালী ভৰিৰে খোজ কাঢ়িবলৈ মন যায় ৷ প্ৰেমেই বিষাদ প্ৰেমেই আনন্দ, কিন্তু প্ৰেম জীৱনৰ অভিন্ন অংগ ৷ বিশেষ কোনো ব্যক্তিৰ প্ৰতি স্নেহৰ শক্তিশালী বহিৰ্প্ৰকাশেই হৈছে প্ৰেম ৷ ফেব্ৰুৱাৰী মাহেটো প্ৰেমৰ মাহ বুলি কোৱা হয় যদিও প্ৰেম কৰোঁতাই প্ৰতিদিনেই বুকুত কঢ়িয়াই লৈ ফুৰে প্ৰেমানুভূতি ৷
আজি প্ৰেমৰ দিন 'ভেলেণ্টাইন ডে’' ৷ সেয়ে প্ৰেমৰ এই বিশেষ দিনটোৰ আপোনাৰ ভালপোৱা জনৰ লগত প্ৰেমৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰিবলৈ কৰিব পাৰে কিছু উপায় ৷
প্ৰিয়জনৰ সৈতে প্ৰেমৰ সম্পৰ্ক মজবুত কৰিবলৈ প্ৰেমৰ বিশেষ দিনটোত কৰক এই উপায় (FREEPIK)
প্ৰেম বা দাম্পত্ত্য জীৱনত বহুত বেছি প্ৰেম, আকৰ্ষণ, বা আপোনালোকৰ ভালপোৱা সম্পর্কটো শক্তিশালী কৰিব বিচাৰিছে নেকি ? তেন্তে কৰিব পাৰে কেইটামান সৰু উপায় ৷ উপায় কেইটা হৈছে-
১) আপোনালোকৰ শোৱনী কোঠাৰ দক্ষিণ-পশ্চিম দিশত যাৰ লগত সম্পৰ্কটো ভাল কৰিব বিচাৰিছে সেই ব্যক্তিগৰাকীৰ লগত এখন ফটো (সেইয়া স্বামী-স্ত্ৰীয়ে হওক বা প্ৰেমিক- প্ৰেমিকাই হওক) লগাব পাৰে ৷ ফটোখন এটা হালধীয়া ৰঙৰ ফ্ৰেমত লগাব ৷ এনে কৰিলে সম্পৰ্ক বহুত শক্তিশালী হোৱাৰ লগতে সম্পর্কত বুজা-পৰা বাঢ়িব ৷
প্ৰিয়জনৰ সৈতে প্ৰেমৰ সম্পৰ্ক মজবুত কৰিবলৈ প্ৰেমৰ বিশেষ দিনটোত কৰক এই উপায় (FREEPIK)
২)দ্বিতীয়তে সেই ঠাইডোখৰত Pair of Love Birds ৰাখিব পাৰে ৷ আচল love birdsএও ৰাখিব পাৰে নহ’লে লাভ বাৰ্ডছৰ শ্ব' পিছ আনিও আপোনাৰ ঘৰৰ দক্ষিণ-পশ্চিম দিশত ৰাখিব পাৰে ৷ এনে কৰিলেও আপোনাৰ সম্পৰ্কত বহুত বেছি ভাল আৰু যোগাত্মক ফলাফল পাব ৷ লগতে যদিহে সম্পর্কটোত যদি বহুত বেছি কাজিয়া- পেচাল হৈ থাকে সেই সমূহো কমি আহিব ৷
প্ৰিয়জনৰ সৈতে প্ৰেমৰ সম্পৰ্ক মজবুত কৰিবলৈ প্ৰেমৰ বিশেষ দিনটোত কৰক এই উপায় (FREEPIK)
৩) যদিহে ঘৰত love birds ৰাখিব নোৱাৰে তেন্তে pair of mandarin ducks (বজাৰত উপলব্ধ) ৰাখিব পাৰে ৷ হাঁহৰ যোৰা ৰখাৰ ফলত ঘৰলৈ বহুত বেছি পজিটিভ এনাৰ্জী আহে ৷ লগতে দক্ষিণ-পশ্চিম দিশত হালধীয়া ফুল বা ৰাখিব পাৰে ৷
প্ৰিয়জনৰ সৈতে প্ৰেমৰ সম্পৰ্ক মজবুত কৰিবলৈ প্ৰেমৰ বিশেষ দিনটোত কৰক এই উপায় (FREEPIK)
আনহাতে, আজি যিহেতু ভেলেণ্টাইন ডে’' ৷ যদিহে প্রেমিক-প্ৰেমিকাৰ মাজত বহুত বেছি কাজিয়া-পেচাল লাগি আছে, বা ইজনৰ আনজনৰ লগত বুজা পৰা কমি আহিছে বা যিসকলৰ মাজত দূৰত্ব বেছি তেন্তে তেওঁলোকে আজিৰে পৰা এটা ৰেমেডি কৰি আপুনি আপোনাৰ প্ৰেমৰ সম্পৰ্কৰ অধিক শক্তিশালী কৰিব পাৰে ৷ উপায়টো শুকুৰবাৰ এটাৰ পৰা আৰম্ভ কৰিব লাগিব, আজিৰ পৰাও আৰম্ভ কৰিব পাৰে ৷
তাৰ বাবে আপোনক লাগিব এখন ফটো ৷ যদিহে কোনোবাই তেওঁৰ প্ৰেমিক বা স্বামীৰ লগত সম্পর্ক ভাল কৰিব বিচাৰে তেন্তে প্ৰেমিক বা স্বামীৰ ফটো লাগিব, নহ'লে যদি প্ৰেমিকা বা পত্নীৰ লগত সম্পর্ক ভাল কৰিব বিচাৰে তেন্তেপ্ৰেমিকা বা পত্নীৰ ফটো লাগিব ৷ ফটোখনত গোলাপৰ ইটৰ বা ভাল গোলাপ পাৰফিউম লৈ গোটেই ফটোখনত স্প্ৰে কৰিব ৷ তাৰ পাছত এটুকুৰা গোটা কলা হালধি লৈ ৭ বাৰ ফটো খনৰ ওপৰত এন্টি ক্লক ৱাইছ ঘূৰাব ৷ তাৰ পাছত হালধীৰ টুকুৰাটো আপুনি শুৱা গাৰুটোৰ ভিতৰত ভৰাই থব ৷ লগতে ফটোখনৰ পিছ পিনে এটা ৰঙা কলমেৰে সম্পৰ্কটো যাতে ভাল হয় তাৰে কামনা কৰি লিখিব ৷ তাৰ পাছত ফটোখন এটা গোলাপ ফুলৰ লগত মেৰিয়াই ৰঙা সূতাৰে বান্ধি থব ৷ ৭ দিন পাছৰ পুনৰ শুকুৰবাৰে সেই হালধীৰ টুকুৰাটো কৰবাত ভাল ঠাইত পেলাই দিব ৷
প্ৰিয়জনৰ সৈতে প্ৰেমৰ সম্পৰ্ক মজবুত কৰিবলৈ প্ৰেমৰ বিশেষ দিনটোত কৰক এই উপায় (FREEPIK)
পৰৱৰ্তী শুকুৰবাৰে সেই বান্ধি থোৱা ফটো খনৰ ওপৰেদি (ফটো খন খুলিব নালাগে) আৰু এটুকুৰা কলা হালধি লৈ ৭ বাৰ ফটো খনৰ ওপৰত এন্টি ক্লক ৱাইছ ঘূৰাই গাৰু ভিতৰত ভৰাই থব ৷ এনেদৰে ৫ টা শুকুৰবাৰে এই কামটো কৰিব লাগিব ৷ ৫ নম্বৰ শুকুৰবাৰৰ দিনা গোটেইখিনি বস্তু পানীত উটুৱাই দিব ৷