এটা নতুন বছৰ মানে পুনৰ নতুনত্বৰ আৰম্ভণি ৷ নতুন বছৰ মানেই নতুন আশা, নতুন বছৰ মানেই নতুন কিবা এটা কৰাৰ হেঁপাহ উদয় হোৱা, কোনো এটি নতুন কাম কৰাৰ উৎসাহ আৰু দুগুণ বৃদ্ধি হোৱা ৷ কিন্তু বহুতৰে মনত এইটো প্ৰশ্নৰ উদয় হয় যে আগন্তুক নতুন বছৰটো তেওঁলোকৰ বাবে কেনেদৰে পাৰ হ’ব ৷
তেন্তে পলম নকৰি কোন কোন ৰাশিৰ লোকৰ বাবে আগন্তুক ২০২৫ বৰ্ষটো আপোনাৰ কেনেদৰে পাৰ হ’ব সেই বিষয়ে আজি জনপ্ৰিয় জ্যোতিষ শাস্ত্ৰবিদ ড৹ পৰশমণি শৰ্মাৰ পৰাই জানি লও আহক-
জ্যোতিষ শাস্ত্ৰবিদ ড৹ পৰশমণি শৰ্মাৰ মতে, ২০২৫ বৰ্ষটো যদি আমি সংখ্যাতত্ত্ব দিশৰ পৰা চাওঁ তেন্তে ২+০+২+৫=৯ অৰ্থাৎ মংগলৰ বছৰ ৷ ২০২৫ বছৰটো মংগল গ্ৰহই প্ৰতিনিধিত্ব কৰিব ৷ ৯ নম্বৰটোক সাধাৰণতে ডিভাইন নম্বৰ বা শুভ সংখ্যা বুলি গণ্য কৰা হয় ৷ ৯ নম্বৰটোক প্ৰতিযোগিতাৰ নম্বৰ বুলি কোৱা হয় অৰ্থাৎ মোক্ষ প্ৰাপ্তিৰ নম্বৰ বুলিও কোৱা হয় ৷
২০২৫ বৰ্ষটো সংখ্যাৰ দিশৰ পৰা ভাৰতবৰ্ষৰ বাবে কেনেধৰণৰ ফলাফল হ'ব ?
ভাৰতক যদি সংখ্যাতত্ত্ব দিশৰ পৰা চোৱা হয় তেন্তে নম্বৰ ৬ আনহাতে বহুতে ইণ্ডিয়া নম্বৰ ৩ আহে ৷ ইফালে, ২০২৫ বৰ্ষত আমাৰ দেশে ৭৮ সংখ্যাক স্বাধীনতা দিৱস উদযাপন কৰিবলৈ গৈ আছে সংখ্যাৰ তৰফৰ পৰা যদি চাওঁ ৭+৮= ১৫ আৰু ১+৫=৬ হয় অৰ্থাৎ ৩, ৬ আৰু ৯ এটা সংমিশ্ৰণত আহে ৷ ৩,৬ আৰু ৯ এটা আনটোৰ পৰিপূৰক হয় আৰু সহযোগিতামূলক হয় ৷ আগন্তুক বৰ্ষত ৰাজনীতিৰ, অৰ্থনীতিৰ পৰা আৰম্ভ কৰি বিত্তীয় দিশলৈ সকলোতে বিকাশ হ'ব ৷ কিছুমান ধনাত্মক বিকাশ হ'ব আৰু কিছুমান ঋণাত্মক বিকাশ হ'ব ৷ সামগ্ৰিকভাৱে যদি এই বছৰটো চোৱা যায় তেন্তে যুদ্ধ-বিগ্ৰহ আদিৰ হোৱাৰ সম্ভাৱনা আছে ৷