পূৰ্ণ গতিত চলিছে দুৰ্গাৰ পূজাৰ প্ৰস্তুতি ৷ বিভিন্ন ৰং-বিৰঙী সাজেৰে ভৰি পৰিছে বজাৰ ৷ মুঠতে দুৰ্গতিনাশিনীক আদৰিবলৈ এতিয়া সাজু হৈছে সকলো ৷ কিন্তু এই সময়ছোৱাত খুবেই খেলি-মেলিত পৰা মহিলা তথা ছোৱালীসকল কি ৰঙৰ সাজে তেওঁলোকক শুৱাব কেনেকুৱা ধৰণৰ সাজ পিন্ধিব ইয়াক লৈ প্ৰায়েই খেলি-মেলিত পৰা দেখা যায় কিন্তু টেনচন লোৱাৰ প্ৰয়োজন কাৰণ আজি আমি আপোনালোকৰ বাবে এই কিছুমান সাজপাৰৰ বিকল্প লৈ আহিছো যাক পৰিধান কৰি আপুনি সকলোৰে মাজত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব ৷ তেন্তে পলম নকৰি এই সাজপাৰসমূহ নো কি এবাৰ চাও আহক-
শ্বাৰাৰা চুট
দুৰ্গা পূজাত এটা নতুন লুক পাবলৈ এই ধৰণৰ শৰাৰা চুট পৰিধান কৰিব পাৰে । এই ধৰণৰ শৰাৰা চুট নতুন ৰূপ পাবলৈ সৰ্বোত্তম আৰু এই সাজ-পোছাক কেনেকৈ পিন্ধিব লাগে তাৰ ওপৰত অভিনেত্ৰী নিকিতা দত্তৰ লুকৰ পৰা আইডিয়া ল’ব পাৰে । কমলা ৰঙৰ শ্বাৰাৰা চুট পৰিধান কৰা অভিনেত্ৰীগৰাকীক খুবেই আকৰ্ষণীয় দেখা গৈছে । বজাৰত এই ধৰণৰ সাজ-পোছাক পাব আৰু ২৫০০ টকাৰ পৰা ৫০০০ টকালৈকে পোৱা যায় লগতে অনলাইনতো অতি কম খৰচতে আপুনি ক্ৰয় কৰিব পাৰে ।