মহালয়াৰ পিচতে এতিয়া লাহে লাহে সমগ্ৰ অসমতে দুৰ্গা পূজাৰ বাবে এক উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে ৷ পেণ্ডেলে পেণ্ডেলে সজাই তোলা হৈছে মহিষমৰ্দিনীৰ আকৰ্ষণীয় মূৰ্তিসমূহ ৷ পূজাৰ মণ্ডপ সমূহো জাকত-জিলিকা হৈ পৰিছে ৷ ইফালে এতিয়া দুৰ্গা পূজাৰ বাবে সকলোৱে নিজৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰি তুলিছে ৷ বিভিন্ন ধৰণৰ পোচাক, খাদ্য সামগ্ৰীৰে ভৰি পৰিছে বজাৰ ৷
কিন্তু যদি আপুনি পূজা চাবলৈ যাব ওলাইছে তেন্তে আপোনাৰ বেগত এই জৰুৰী সামগ্ৰীসমূহ ৰাখিবলৈ একেবাৰেই নাপাহৰিব এই সামগ্ৰীসমূহ যিকোনো জৰুৰীকালীন অৱস্থাত কামত আহিব ৷
বেণ্ড এইড: পূজা মানে নতুন জোতা বা চেণ্ডেল আৰু এই জোতা বা চেণ্ডেলযোৰ পিন্ধাৰ পিচত বহু লোকৰ ফোহা ওলোৱা, ছাল চিগাৰ সম্ভাৱনা থাকে ফলত খোজ কঢ়াটো কঠিন হৈ পৰে গতিকে এনে সময়ৰ বাবে বেগত বেণ্ড এইড ৰখাটো খুবেই জৰুৰী ৷
বেণ্ড এইড (ETV Bharat)
ছাতি: ৰ’দ বা বাৰিষাত ছাতি আমাৰ বাবে এক অতি লাগতিয়াল সামগ্ৰী ৷ পূজাৰ সময়ত সামান্য বৰষুণৰ সময়তো যদি আপুনি বেগত ছাতিটো ৰাখে তেন্তে আপুনি পূজাৰ সময়ত ক’তো ৰৈ থকাৰ প্ৰয়োজন নাই তথা আপোনাৰ কাপোৰো লেতেৰা নহয় ৷
ছাতি (ETV Bharat)
পাৱাৰ বেংক:পাৱাৰ বেংক হৈছে আমাৰ বাবে এক অতি লাগতিয়াল সামগ্ৰী ৷ পূজাৰ সময়ত আমি চেল্ফী, বা বিভিন্ন ধৰণৰ ফটো তোলাৰ পিচত খুব সোনকালে ফোনৰ চাৰ্জ শেষ হ’বলৈ ধৰে আৰু যিহেতু এতিয়া ডিজিটেল পেমেন্ট কৰাৰ সময় গতিকে এনে পৰিস্থিতিত ফোনটো আমাৰ বাবে খুবেই লাগতিয়াল হৈ পৰে সেয়ে লগতে এটা পাৱাৰ বেংক বেগত ৰাখিলে আমি জৰুৰীকালীন অৱস্থাত আমাৰ ফোনটো চাৰ্জ কৰিব পাৰো ৷
পাৱাৰ বেংক (ETV Bharat)
ঔষধ:পূজাৰ বাবে বাহিৰলৈ যোৱা মানেই বাহিৰ খাদ্য খোৱা ৷ ই প্ৰায়েই এচিডিটিৰ সম্ভাৱনা বৃদ্ধি কৰে সেয়ে বাটত যাতে আপুনি কোনো বিপদৰ সন্মুখীন হ’বলগীয়া নহয় তাৰ বাবে বেগত আপোনাৰ লাগতিয়াল ঔষধসমূহ ৰাখিবলৈ নাপাহৰিব ৷
ঔষধ (ETV Bharat)
পানী:পানী দৈনন্দিন জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ সেয়ে যিকোনো ঠাইলৈ ওলাই যোৱাৰ পূৰ্বে বেগত এটা সৰু পানীৰ বটল ৰখাটো অতিকৈ প্ৰয়োজনীয় ৷