মেষ ৰাশি: মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ ১৫ নৱেম্বৰৰ পৰা ২৯ মার্চলৈ এই সময়ছোৱাত তেওঁলোকৰ উপাৰ্জন বৃদ্ধি হ'ব ৷ লগতে তেওঁলোকে যিবোৰ ব্যৱসায় কৰে সেই ব্যৱসায়তো ভাল ফল লাভ কৰিব ৷ এই সময়ছোৱা বিশেষকৈ এই ৰাশিৰ জাতক-জাতিকা সকলৰ কেৰিয়াৰ আৰু ব্যৱসায়ৰ কাৰণে খুব ভাল ৷ কৰবাত যদি কিবা পইচা পাবলগীয়া আছে বা ফচি আছে তেন্তে সেই পইচা লাহে লাহে আহিবলৈ আৰম্ভ কৰিব ৷ লগতে পৰিয়াললৈ নতুন সদস্য আহিব পাৰে ৷ সম্পত্তি ক্ৰয় বা লাভৰো যোগ আছে এই ৰাশিৰ জাতক-জাতিকাসকলৰ ৷ এই সময়খিনি এই ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে খুবেই ভাল কিন্তু শাৰীৰিকভাৱে চোৱা যায় তেন্তে তেওঁলোকৰ বতৰৰ ৰোগ হ'ব পাৰে ৷ এই ৰাশিৰ জাতক-জাতিকাসকলে এই সময়খিনিত বহুত বেছি গুৰুত্বপূৰ্ণ সিদ্ধান্ত নলোৱাটো ভাল ৷ ইফালে এই ৰাশিৰ জাতক-জাতিকাসকলে শনিবাৰটো পালন কৰিব পাৰিলে বহুত বেছি পজিটিভ ফলাফল লাভ কৰিব ৷
বৃষ ৰাশি: বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ এই সময়ছোৱাত জীৱনলৈ বহুত বেছি সুযোগ আহিব ৷ তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি হোৱাৰ লগতে তেওঁলোকৰৰ যিবোৰ সপোন বা ইচ্ছা আছে সেইবোৰ এটা এটাকৈ প্ৰাপ্তি হ'ব ৷ লগতে তেওঁলোকে যদি এই সময়ছোৱাত নতুন কিবা বস্তু শিকে বা নতুবা কিবা কামত মনোনিবেশ কৰে সেয়া তেওঁলোকৰ বাবে ভাল ৷ খাদ্যাভ্যাস সলনি কৰা ভাল ৷ লগতে যদি কোনো ধাৰ আছে এই সময়ছোৱাতে সেই ধাৰ পৰিশোধ কৰিব পাৰিব ৷ পদোন্নতিত যদি কিবা অসুবিধা আছে তেন্তে সেই সমস্যাও দূৰ হ'ব ৷
মিথুন ৰাশি: মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে এইখিনি সময় খুবেই ভাল সময় ৷ যদিহে এই সময়ত নতুনকৈ ঘৰ বনাবলৈ বিচাৰিছে তেন্তে খুবেই ভাল সময় ৷ কিন্তু যদি পুৰণি ঘৰ আছে সেই ঘৰ সমূহৰ মেৰামতি কৰাৰ বাবে কিন্তু এইখিনি ভাল সময় নহয় ৷ লগতে এই সময়খিনিত এই ৰাশিৰ জাতক-জাতিকাসকলৰ চুলি আৰু ছালৰ সমস্যা হ'ব পাৰে ৷ এইখিনি সময়ত তেওঁলোকৰ এচিডিটিৰ পৰিমাণ বৃদ্ধি হ'ব পাৰে সেয়ে শিৱ মন্দিৰত গৈ যদি শিৱ পূজা কৰে তেন্তে তেওঁলোকৰ বাবে ভাল ৷
কৰ্কট ৰাশি: কৰ্কট ৰাশিৰ যদি কোনো জাতক-জাতিকাৰ সম্পৰ্ক বা বিত্তীয় আদিত আগতকৈ বহুত বেছি ভাল ফলাফল লাভ কৰিব ৷ তেওঁলোকে বহুত বেছি কষ্ট কৰিব নলাগে ৷ পাৰিলে তেওঁলোকে সপ্তাহটোৰ দেওবাৰটো বাদ দি বাকী কেইটাবাৰত আঁহত গছৰ তলত যদি পানী দিয়ে তেন্তে তেওঁলোকৰ বাবে ভাল ৷
সিংহ ৰাশি:সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ব্যৱসায় খুবেই বেছি ভাল হ'ব ৷ Over Confidenceৰ ফলত ধন ব্যয়, খৰচ বা বিনিয়োগ নকৰিলে তেওঁলোকৰ বাবে ভাল ৷ টোপনি ভালদৰে মাৰিব ৷ যদি টোপনি ভালদৰে নামাৰে তেন্তে বিভিন্ন ধৰণৰ সমস্যা হ'ব পাৰে ৷ এই সময়ছোৱাত যিমান পাৰে কুকুৰ-কাউৰী-গাই গৰুক খুৱাই থাকিব পাৰিলে ভাল ৷
কন্যা ৰাশি: কন্যা ৰাশিৰ জাতক-জাতিকাসকলে এই সময়খিনিত যদি ব্যৱসায় বা কিবা কাম কৰি আছে তেন্তে আগতকৈ বেছি তেওঁলোকৰ উন্নতি হ'ব ৷ সম্পর্কত যদি কিবা সমস্যা আছে তেন্তে সেইবোৰো নাইকীয়া হ'ব ৷ বিত্তীয় ক্ষেত্ৰত জানুৱাৰী মাহৰ পৰা খুব বেছি ভাল হ'ব ৷