অসম

assam

ETV Bharat / lifestyle

গোলাপৰ পাহিৰ দৰেই ৰঙা হৈ থাকিম তোমাৰ প্ৰেমত…প্ৰিয়জনক এনেদৰে জনাওক Rose Dayৰ শুভেচ্ছা - ROSE DAY 2025

Rose Dayত মানুহে নিজৰ সংগীক গোলাপ ফুল নিজৰ মৰম প্ৰকাশ কৰে । এই দিনটোক আৰু বিশেষ কৰি তুলিবলৈ আপুনি এই ৰোমান্টিক বাৰ্তাসমূহ প্ৰেৰণ কৰিব পাৰে-

Rose Day 2025 Quotes, Messages and Romantic Shayari
গোলাপৰ পাহিৰ দৰেই ৰঙা হৈ থাকিম তোমাৰ প্ৰেমত…প্ৰিয়জনক এনেদৰে জনাওক Rose Dayৰ শুভেচ্ছা (ETV Bharat)

By ETV Bharat Lifestyle Team

Published : Feb 7, 2025, 11:57 AM IST

৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ ভেলেণ্টাইন সপ্তাহ, এই দিনটো হয়তো সাধাৰণ মানুহৰ বাবে মাত্ৰ এটা স্বাভাৱিক শুকুৰবাৰ, কিন্তু প্ৰেম উদযাপন কৰাসকলৰ বাবে আজি এটা অতি বিশেষ দিন ৷ ‘Rose Day’ৰ দিনটোত প্ৰেমিক-প্ৰেমিকাইয়ে নিজৰ সংগীক এজোপা গোলাপ ফুল উপহাৰ দি মনৰ অনুভূতি প্ৰকাশ কৰে ৷

গোলাপৰ প্ৰতিটো ৰঙে এক অনন্য বাৰ্তা প্ৰদান কৰে ৷ ৰঙা গোলাপে প্ৰেমৰ গভীৰতা প্ৰতিফলিত কৰে, হালধীয়া ৰঙে বন্ধুত্ব আৰু আনন্দৰ প্ৰতীক, বগা গোলাপে সত্য আৰু বিশুদ্ধতাক প্ৰতিনিধিত্ব কৰে, আনহাতে কমলা ৰঙে আবেগ আৰু উৎসাহ প্ৰকাশ কৰে ৷ এই বিশেষ উপলক্ষে আপোনজনক এটি সুন্দৰ গোলাপ দিয়াৰ লগতে মৰমৰ শব্দৰে নিজৰ অনুভৱ প্ৰকাশ কৰি এই দিনটোক আৰু অধিক স্মৰণীয় কৰি তুলিব পাৰে ৷

এই দিনটোত প্ৰেমিক-প্ৰেমিকাই ইজনে আনজনক এইদৰে ৰোমান্টিক বাৰ্তা প্ৰেৰণ কৰিব পাৰে…

  • এপাহি গোলাপেৰে যদি প্ৰেমৰ প্ৰস্তাৱ দিও গ্ৰহণ কৰিবানে, হেৰোৱা হৃদয়খনে যদি তোমাক বিচাৰে, ওচৰলৈ আহিবানে ? Rose Dayৰ শুভেচ্ছা
  • আপোনাৰ সংগই জীৱনটো কৰি তোলে গোলাপৰ দৰে ৰঙীণ আৰু আনন্দময়… Rose Dayৰ শুভেচ্ছা
  • আপুনি গোলাপৰ দৰে সুক্ষ্ম অনুভৱ, চৌপাশে জীৱনত সুৱাস বিলাবলৈ… Rose Dayৰ শুভেচ্ছা
  • গোলাপৰ দৰে তোমাৰ হাঁহি, তোমাৰ ওচৰত থাকিলে গোটেই পৃথিৱীখন হৈ পৰে ধুনীয়া, Rose Dayৰ শুভেচ্ছা
  • তুমি প্ৰেম! বুকুৱে বুকুৱে বোৱালা নৱতম সৃষ্টিৰ ধাৰ… Rose Dayৰ শুভেচ্ছা
  • মোৰ হৃদয় সাগৰৰ তুমি এটি মুকুতা, এটি হাঁহিৰে তুমি যেন সোপোন ৰচা মোৰ জীৱনৰ এটি কবিতা… Rose Dayৰ শুভেচ্ছা
  • ভালপোৱাৰ প্ৰমাণ এপাহি ৰঙা গোলাপেৰে নিদিলেও হ’ব, তাতকৈ মোক ভালপোৱাৰ মৰহি যাব নোৱাৰা কেইটামান শব্দ দিবা… তাক হৃদয়ৰ এচুকত সাঁচি ৰাখিম… Rose Dayৰ শুভেচ্ছা
  • গোলাপৰ পাহিৰ দৰেই ৰঙা হৈ থাকিম তোমাৰ প্ৰেমত… Rose Dayৰ শুভেচ্ছা
  • গোলাপৰ পাহিৰ দৰেই আলফুলে ৰাখিম তোমাক… Rose Dayৰ শুভেচ্ছা
  • গোলাপৰ পাহিৰ দৰেই দুগাল থাকিব জিলিকি কাষত থাকিলে তুমি… Rose Dayৰ শুভেচ্ছা

সংগীৰ বাবে ভাল পোছাক বাছি লওক

ইয়াৰ উপৰিও Rose Dayত আপোনাৰ সংগীৰ বাবেও সুন্দৰ আৰু ৰোমান্টিক সাজ-পোছাক বাছি ল’ব পাৰে । আপুনি আপোনাৰ সংগীৰ সৈতে এটি সুন্দৰ ফটোশ্বুটৰ আয়োজন কৰি তেওঁক ক’ব পাৰে যে আপুনি তেওঁক কিমান ভাল পায় । এই আটাইবোৰ প্লেনিঙৰ সৈতে আপুনি ৰোজ ডে’ক আৰু অধিক স্মৰণীয় দিন হিচাপে গঢ়ি তুলিব পাৰে আৰু আপোনাৰ সংগীক ক’ব পাৰে যে আপুনি তেওঁক কিমান ভাল পায় ।

লগতে পঢ়ক

  1. ভেলেণ্টাইন ডে'ত প্ৰিয়জনৰ সৈতে ফুৰিবলৈ যাব পাৰে অসমৰ এই মিনি চুইজাৰলেণ্ডলৈ
  2. Valentines Day ত এনেদৰে জয় কৰক প্ৰেমিকাৰ হৃদয়
  3. প্ৰেম প্ৰকাশৰ বাবে কিয় দিয়া হয় ৰঙা গোলাপ ? গোলাপে বাৰুকৈয়ে জগায় নেকি প্ৰেমৰ অনুভুতি

ABOUT THE AUTHOR

...view details