শীতকালত ঠাণ্ডাৰ পৰা পৰিত্ৰাণৰ সহজ উপায় হিচাপে বহু লোকেই কোঠাত হিটাৰ ব্যৱহাৰ কৰে ৷ হিটাৰ প্ৰয়োজনীয়তা তথা আৰামৰ বাবে ব্যৱহাৰ কৰা হয় ঠিকেই, কিন্তু ই আমাৰ বাবে কিমান স্বাস্থ্যসন্মত ? আপুনি জানেনে যদি সঠিকভাৱে ইয়াৰ ব্যৱহাৰ কৰা নহয়, আপুনি কল্পনা কৰিব নোৱাৰাকৈ ই আপোনাৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে ৷
হিটাৰ ব্যৱহাৰ কৰাটো কিয় বিপদজনক ?
ৰুম হিটাৰৰ অত্যধিক ব্যৱহাৰে আপোনাৰ কোঠাৰ পৰা অক্সিজেনৰ পৰিমাণ হ্ৰাস কৰে ৷ যাৰ বাবে উশাহ লোৱাৰ সময়ত আমাৰ মগজুৱে পৰ্যাপ্ত অক্সিজেন যোগান নাপায় ৷ হিটাৰ ব্যৱহাৰৰ ফলত কোঠাত অতিৰিক্ত কাৰ্বন মনোক্সাইড জমা হৈ মানুহৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে ৷ ই তেজৰ যোগান বন্ধ আৰু মস্তিষ্কৰ ৰক্তক্ষৰণৰ দৰে সমস্যা সৃষ্টি কৰিব পাৰে ৷ যাৰ ফলত শ্বাসৰুদ্ধ হৈ আপোনাৰ টোপনিতে মৃত্যু হ’ব পাৰে ৷
চকুত জ্বলা-পোৰা
হিটাৰ ব্যৱহাৰ কৰিলে আপোনাৰ কোঠাৰ বায়ু শুকান হ'ব পাৰে ৷ শীতকালত ইতিমধ্যে বায়ুত কম আৰ্দ্ৰতা থাকে আৰু ৰুম হিটাৰৰ ব্যৱহাৰে ইয়াক অধিক শুকান কৰি তোলে ৷ এই কাৰণে, আপুনি আপোনাৰ চকুত শুষ্কতা অনুভৱ কৰিব পাৰে, যাৰ ফলত জ্বলা-পোৰা, চকুত খজুৱতি আৰু ৰঙা পৰিব পাৰে ৷ চকুৰ শুষ্কতা আঁতৰাবলৈ বহুসময়ত চকুত চকুপানী ওলাবলৈ আৰম্ভ কৰে, যি যথেষ্ট বিৰক্তিকৰ হ'ব পাৰে ৷
হিটাৰৰ ওচৰত শোৱাৰ বিপদাশংকা
বহুলোকে ৰাতি হিটাৰৰ ওচৰত শুৱে ৷ এই অভ্যাস অতি বিপদজনক হ'ব পাৰে ৷ বিশেষকৈ যেতিয়া কোনো বস্তু বা কাপোৰ হিটাৰৰ ওচৰত ৰখা হয় ৷ এনে পৰিস্থিতিত, জুই লগাৰ আশংকা বহুগুণে বৃদ্ধি হয় ৷ তদুপৰি, হিটাৰৰ পৰা অত্যধিক তাপৰ সংস্পৰ্শলৈ আহিলে ছাল জ্বলিব পাৰে ৷
বৰ্ধিত কাৰ্বন মন’ক্সাইডৰ স্তৰ