কিছুমান ৰাশিৰ মানুহৰ স্বভাৱ খুবেই খঙাল হয় ৷ সেই লোকসকলে নিজকে অতি উচ্চ বুলি গণ্য কৰে আৰু সকলো কামতে নিজকে শুদ্ধ বুলি প্ৰমাণ কৰিবলৈ চেষ্টা কৰে আৰু সেয়ে এনে লোকৰ শত্ৰুতা চপাই বা অকাৰণে লাগি নোলোৱাটোই ভাল ৷ এই ৰাশিসমূহ কি কি জানি লওক-
মেষ ৰাশি:মংগল গ্ৰহ হৈছে মেষ ৰাশিৰ অধিপতি ৷ মংগল গ্ৰহক গ্ৰহৰ সেনাপতি বুলি গণ্য কৰা হয় আৰু এই ৰাশিৰ লোক অতি খঙাল প্ৰকৃতিৰ ৷ এই ৰাশিৰ লোকসকলো মংগল গ্ৰহৰ প্ৰকৃতিৰ দ্বাৰা প্ৰভাৱিত হয় ৷ যদি এই ৰাশিৰ লোকৰ সৈতে কাৰোবাৰ বিবাদ হয় তেন্তে মেষ ৰাশিৰ লোকসকল ক্ৰোধিত হৈ পৰে আৰু যিকোনো পৰ্যায়লৈ যাব পাৰে ৷ কোনোবাই যদি তেওঁলোকৰ লগত শত্ৰুতা চপাই লয়, তেন্তে তেওঁলোকক ভালদৰে শিক্ষা দিয়াতো এওঁলোক পিচ পৰি নাথাকে ৷
সিংহ ৰাশি: সিংহ ৰাশিৰ অধিপতি হৈছে সূৰ্য ৷ গ্ৰহৰ ৰজা হোৱাৰ বাবে সূৰ্যৰ মেজাজ অতি উত্তপ্ত প্ৰকৃতিৰ হয় ৷ এই কাৰণে সিংহ ৰাশিৰ লোক তেজস্বী হয় যদিও কিন্তু অতি খঙাল প্ৰকৃতিৰ হয় ৷ সাধাৰণতে এওঁলোকে সকলোৰে লগত ভাল আচৰণ কৰে যদিও কাৰোবাৰ ওপৰত যদি এবাৰ খং উঠে তেওঁলোকৰ খং নিয়ন্ত্ৰণ কৰাটো খুবেই কঠিন ৷ এই লোকসকলে নিজৰ আগত কাৰোৰেই মত চলিবলৈ নিদিয়ে ৷ তেওঁলোকক ভুল প্ৰমাণ কৰিবলৈ চেষ্টা কৰিলে তেওঁলোকে ওলোটাই আপোনাকেই ভুল প্ৰমাণিত কৰিবলৈ পিচ হুহুকি নৰয় ৷ সেয়ে এই ৰাশিৰ লোকৰ সৈতে শত্ৰুতা চপাই নোলোৱাটোই ভাল ৷
বৃশ্চিক ৰাশি:মংগল গ্ৰহ হৈছে বৃশ্চিক ৰাশিৰ অধিপতি ৷ লগতে ইয়াৰ প্ৰতীক হৈছে বিচ্ছু ৷ এই ৰাশিৰ লোকৰ ভিতৰত অতিপাত খং লুকাই থাকে আৰু এনে সময়তে যদি কোনোবাই তেওঁলোকক অত্যধিক আমনি কৰে তেতিয়া তেওঁলোকৰ খঙে সীমা চেৰাই যায় তেতিয়া তেনে লোকৰ সৈতে যিকোনো ব্যৱহাৰ কৰিবলৈও কুণ্ঠাবোধ নকৰে ৷ এনে লোকৰ সৈতে শত্ৰুতা চপাই লোৱাটো ব্যয়বহুল হ’ব পাৰে ৷
মকৰ ৰাশি:শনি গ্ৰহ হৈছে মকৰ ৰাশিৰ অধিপতি ৷ শনিদেৱক কৰ্মৰ ফলৰ দাতা বুলি কোৱা হয় ৷ সাধাৰণতে এই লোকসকলে জীৱনৰ যিকোনো কাম চিন্তাশীলভাৱে কৰে ৷ কাকো দুখ দিব নিবিচাৰে ৷ কিন্তু কোনোবাই যদি তেওঁলোকক প্ৰতাৰণা বা কষ্ট দিয়ে তেন্তে সেই কথা তেওঁলোকে কেতিয়াও পাহৰিব নোৱাৰে ৷ এনে লোকক তেওঁলোকে এসেকনি দিয়ে স্বস্তিৰ নিশ্বাস লাভ কৰে ৷
কুম্ভ ৰাশি:শনি গ্ৰহ হৈছে কুম্ভ ৰাশিৰ অধিপতি ৷ এই ৰাশিৰ লোকসকলে কাৰোবাৰ কিবা ভুল দেখিলেই বিৰক্ত হৈ পৰে ৷ তেওঁলোকে কাৰো ক্ষতি নকৰে, সহ্যও নকৰে, কাৰোবাৰ বেয়া হোৱাটোও সহ্য কৰি নোৱাৰে ৷ ভুলৰ বিৰোধিতা কৰাটো তেওঁলোকৰ স্বভাৱ ৷ জীৱনৰ সকলো কথা নিজৰ মাজতে লুকুৱাই ৰাখে, সেইবাবেই ব্যক্তিগত জীৱনত কাৰো হস্তক্ষেপ এওঁলোকে ভাল নাপায় ৷ কোনোবাই যদি এনে কৰে তেন্তে সহজেই তেওঁৰ স্থান এওঁলোকে ভালদৰে দেখুৱাই দিয়ে ৷
বিঃদ্রঃ ধৰ্ম, জ্যোতিষ, বাস্তু, ফেংচুই আদি বিষয়ত আধাৰিত এই লেখাসমূহ কেৱল পাঠকে জানিবৰ বাবেহে । এই উপায়সমূহ অৱলম্বনৰ পূৰ্বে বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো জৰুৰী । আমাৰ উদ্দেশ্য কেৱল পাঠকক অৱগত কৰা । ইটিভি ভাৰতে এই তথ্য নিশ্চিত কৰা নাই ।