হিন্দু ধৰ্মত মহাশিৱৰাত্ৰি উৎসৱৰ এক বিশেষ তাৎপৰ্য আছে ৷ শিৱভক্তসকলে গোটেই বছৰটো মহাশিৱৰাত্ৰিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰে ৷ প্ৰতি বছৰে ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী তিথিত মহাশিৱৰাত্ৰি পালন কৰা হয় ৷ এই তাৰিখতে ভগৱান শিৱ আৰু মা পাৰ্বতীৰ বিবাহ হৈছিল বুলি বিশ্বাস কৰা হয় ৷ এই দিনটোত ৰাজ্যৰ ভিন্ন স্থানত থকা মন্দিৰত শিৱক আৰাধনা কৰা হয় ৷ মহাশিৱৰাত্ৰি উপলক্ষে তেজপুৰৰ ঐতিহাসিক মহাভৈৰৱ মন্দিৰতো চলিছে মহাশিৱৰাত্ৰিৰ বিশেষ আয়োজন ৷
মহাভৈৰৱ মন্দিৰৰ মহত্ব আৰু ইতিহাস
তেজপুৰ চহৰৰ উত্তৰ দিশত এটা সৰু টিলাৰ ওপৰত মহাভৈৰৱ মন্দিৰ অৱস্থিত ৷ এই মন্দিৰত হিন্দুসকলৰ আৰাধ্য দেৱতা শিৱক নিতৌ পূজা অৰ্চনা কৰা হয় ৷ কথিত আছে যে দ্বাপৰ যুগত শিৱভক্ত বাণাসুৰে এই মন্দিৰ নিৰ্মাণ কৰিছিল ৷ মন্দিৰৰ ভূমিৰ পৰিমাণ ১৫৯ কঠা ৩ লেচা ৷ মন্দিৰৰ চাৰিওফালে সিঁচৰিত ভগ্ন শিলাখণ্ডসমূহৰ পৰা এইটো অনুধাৱন কৰিব পাৰি যে মূল মন্দিৰক কেন্দ্ৰ কৰি আন সৰু সৰু মন্দিৰ নিৰ্মাণ কৰা হৈছিল ৷ কথিত আছে যে বাণৰজাৰ জীয়ৰী ঊষাই ইয়াতেই সদায় পূজা অৰ্চনা কৰিছিল ৷ মূল মন্দিৰৰ ভিতৰত এটা বৃহৎ শিৱলিংগ আছে ৷ এই লিংগটো ৰ উচ্চতা প্ৰায় ৩.২ মিটাৰ আৰু প্ৰস্থ প্ৰায় ২.৩ মিটাৰ ৷ মহাভৈৰৱ মন্দিৰৰ এই শিৱলিংগ এছিয়া মহাদেশৰ বৃহত শিৱলিংগ সমূহৰ ভিতৰত লেখত ল’বলগীয়া ৷
তেজপুৰৰ চহৰৰ উত্তৰ ফালে এটা সৰু পাহাৰ বা টিলাৰ ওপৰত মহাভৈৰৱ মন্দিৰৰ অৱস্থান । সাধাৰণতে জানিবই পৰা যায় ভৈৰৱ মানে কোন বহু যুগ যুগৰ পৰা এই মন্দিৰত হিন্দু সকলৰ আৰাধ্য দেৱতা শিৱক নিতৌ পূজা অৰ্চনা কৰা হয় । কথিত আছে যে দ্বাপৰ যুগত শিৱভক্ত বাণাসুৰে এই মহাভৈৰৱ মন্দিৰৰ নিৰ্মাণ কৰিছিল । মন্দিৰৰ সম্পূৰ্ণ ভূমি পৰিমাণ হৈছে ১৫৯ কঠা ৩ লেচা । মন্দিৰৰ চাৰিওকাষে ভগ্নাৱশেষ সমূহৰ পৰা এইটো অনুমান কৰিব পৰা যায় যে মূল মন্দিৰক কেন্দ্ৰ কৰি আৰু বহু সৰু সৰু মন্দিৰ নিৰ্মাণ কৰা হৈছিল । কথিত আছে যে বাণৰজাৰ জী উষাই এই মন্দিৰতে নিতৌ পূজা অৰ্চনা কৰিছিল । মূল মন্দিৰৰ ভিতৰত এটা বৃহৎ আকাৰৰ শিৱলিংগ আছে এই লিংগৰ উচ্চতা প্ৰায় ৩.২ মিটাৰ প্ৰস্থ ২.৩ মিটাৰ । মহাভৈৰৱ মন্দিৰৰ মূল এই শিৱ লিংগ এছিয়া মহাদেশৰ বৃহৎ শিৱলিংগৰ ভিতৰত এটি অন্যতম ।