অসম

assam

By lifestyle

Published : 4 hours ago

Updated : 4 hours ago

ETV Bharat / lifestyle

বুধবাৰে মহালয়া, এই পবিত্ৰ দিনটোত কি কি কৰিব নালাগে পলকতে জানি লওঁক - Durga Puja 2024

Durga Puja 2024: মহালয়াৰ লগে লগে হয় দুৰ্গোৎসৱৰ আৰম্ভণি । এই শুভ দিনটোতে দেৱী দুৰ্গাৰ মৰ্ত্যলৈ আগমন ঘটে বুলি বিশ্বাস কৰা হয় । ইফালে দেৱীক আদৰিবলৈ সমগ্ৰ ৰাজ্যতে চলিছে ব্যাপক প্ৰস্তুতি ৷ মহালয়াৰ দিনটো আমি কিদৰে পালন কৰিব লাগে জনপ্ৰিয় জ্যোতিষশাস্ত্ৰবিদ কিৰো ইয়ঙৰ পৰা এই সন্দৰ্ভত বিতংভাৱে জানো আহক-

Durga Puja 2024
মহালয়াৰ দিনটোত ভুলতো নকৰিব এই কাম...হ’ব ডাঙৰ লোকচান (ETV Bharat)

বুধবাৰে মহালয়া । পিতৃপক্ষৰ অন্ত পেলাই মহালয়াত দেৱী পক্ষৰ আৰম্ভণি হয় ৷ মহালয়া পিতৃপক্ষ আৰু দেৱীপক্ষৰ সন্ধিক্ষণ । ইয়াৰ জৰিয়তে দুৰ্গাপূজাৰ আৰম্ভ হয় । এই দিনটোতে ধৰালৈ দেৱীৰ আগমন হৈছিল বুলি বিশ্বাস কৰা হয় । মহালয়াৰ দিনটো কিদৰে পালন কৰিব লাগে জনপ্ৰিয় জ্যোতিষশাস্ত্ৰবিদ কিৰো ইয়ঙৰ পৰা এই সন্দৰ্ভত বিতংভাৱে জানো আহক-

জ্যোতিষী কিৰো ইয়ঙে কয় যে, ২ অক্টোবৰৰ পুৱাৰ ভাগতে আৰম্ভ হ’ব মহালয়া । মহালয়াৰ সময়খিনি হৈছে পিতৃপক্ষ আৰু দেৱীপক্ষৰ মাজৰ সন্ধিক্ষণ । দেৱী এই দিনটোতে স্বামীগৃহৰ পৰা মাতৃগৃহলৈ আহে ।

মহালয়াৰ দিনটোত ভুলতো নকৰিব এই কাম... ডাঙৰ লোকচান হ’ব পাৰে (ETV Bharat)

মহালয়াৰ দিনটোত কি কি কৰিব ?

পুৱাৰ ভাগত দেৱীৰ মাহাত্মাং সূত্ৰ সকলোৱে শুনিব লাগে । পুৱাৰ ভাগত নদীৰ পাৰলৈ গৈ দেৱীক স্মৰণ কৰিব লাগে । এই দিনটোত পূৰ্বপুৰুষৰ আত্মাৰ শান্তিৰ অৰ্থে তৰ্পণ কৰিব লাগে । ঘৰৰ কোনো প্ৰয়াত হৈছে যদি তেওঁলোকৰ ফটোত নতুন মালা লগোৱাৰ লগতে এগচি বন্তি জ্বলাব লাগে ।

  • এই দিনটোত যিসকলে মহালয়াত তৰ্পণ কৰিব নোৱাৰে তেওঁলোকে পিতৃপক্ষৰ উদ্দেশ্যে মাল্যদান আৰু পূৰ্বপুৰুষৰ প্ৰিয় খাদ্য আগবঢ়াব লাগে ।
  • দৰিদ্ৰ লোক আৰু পশু-পক্ষীক খাদ্য দিব লাগে । ঘৰত গীতাপাঠ বিষ্ণুপাঠ কৰিব লাগে । সেই দিনটোত ঘৰৰ দক্ষিণ দিশত গোটেই নিশা এগছি বন্তি জ্বলাই ৰাখক ।
  • মহালয়াৰ দিনটোত আহত গছৰ তলত তিল আৰু বগা ফুল আদি দি তৰ্পণ কৰিলে ঘৰত শ্ৰীবৃদ্ধি ঘটে বুলি বিশ্বাস কৰা হয় ।

এই দিনটোত কি কৰিব নালাগে

  • কোনো ধৰণৰ শুভ কাম কৰিব নালাগে । সেই দিনটোত গৃহপ্ৰৱেশ, সম্পত্তি ক্ৰয়, নতুন ব্যৱসায়ৰ আৰম্ভণি কৰিব নালাগে ।
  • মহালয়াৰ দিনটোত আমিষ আহাৰ গ্ৰহণ কৰিব নালাগে ।
  • ধূমপান-মদ্যপান কৰাৰ পৰা বিৰত থাকিব লাগে ।
লগতে পঢ়ক:এই বৰ্ষত দেৱীৰ আগমন তথা গমনে কেনে প্ৰভাৱ পেলাব ভক্তৰ জীৱনত - Durga Puja 2024
Last Updated : 4 hours ago

ABOUT THE AUTHOR

...view details