অসম

assam

ETV Bharat / lifestyle

আজি Hug Day...এনেদৰে আপোনাৰ প্ৰিয়জনলৈ পঠাওক শুভেচ্ছা বাৰ্তা - HUG DAY 2025

আজি Hug Day ৷ যদি আপোনাৰ সংগী দূৰত আছে তেন্তে মৰমভৰা বাৰ্তাৰ যোগেদি এই বিশেষ দিনটোৰ বাবে শুভেচ্ছা জনাব পাৰে-

Assamese Hug Day Wishes: Messages, Quotes, and Status Updates for Loved Ones
আজি Hug Day...এনেদৰে আপোনাৰ প্ৰিয়জনলৈ পঠাওক শুভেচ্ছা বাৰ্তা (ETV Bharat)

By ETV Bharat Lifestyle Team

Published : Feb 12, 2025, 11:07 AM IST

বৰ্তমান চলি আছে প্ৰেমৰ সপ্তাহ ৷ ৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা প্ৰেমৰ সপ্তাহৰ সামৰণি পৰিব ১৪ ফেব্ৰুৱাৰীত ভেলেন্টাইন ডে’ৰ সৈতে ৷ আজি Hug Day ৷ ভেলেণ্টাইন উইকৰ ষষ্ঠ দিন অৰ্থাৎ ১২ ফেব্ৰুৱাৰীত হাগ ডে’ উদযাপন কৰা হয় । প্ৰেমিক-প্ৰেমিকাই ইজনে সিজনক সাৱটি ধৰি প্ৰেম প্ৰকাশ কৰে ৷ ভেলেন্টাইন সপ্তাহত এই হাগ ডে’ৰ বিশেষ মহত্ব আছে ৷ প্ৰেমিক-প্ৰেমিকাসকলৰ বাবে এই দিনটো অতি বিশেষ ৷ গতিকে এই বিশেষ দিনটোত আপুনিও আপোনাৰ আপোনজনক হাগ ডে’ৰ শুভেচ্ছা জনাই আলিংগন কৰিব পাৰে ৷ কিন্তু যদি আপোনাৰ সংগী দূৰত আছে তেন্তে মৰমভৰা বাৰ্তাৰ যোগেদি এই দিৱসৰ শুভেচ্ছা জনাব পাৰে ৷

  • বহু সময়ত বহুতে নিজৰ প্ৰেমৰ বিষয়ে আপোনজনক ক’বলৈ সংকোচ কৰে ৷ এনে ক্ষেত্ৰত আপুনি এই বিশেষ দিনটোত সংগীক নিজৰ অনুভৱৰ বিষয়ে ক’ব পাৰে ৷ Hug day উপলক্ষে আজি আপুনি এই শুভ বাৰ্তাসমূহ আপোনজনক দিব পাৰে-
  • তোমাৰ কান্ধত মূৰ থৈ মই যি শান্তি পাই সেয়া আৰু কতো নাপাওঁ ৷ যেতিয়া মই জীৱনটোক লৈ ভাগৰি পৰো তেতিয়া তোমাৰ আলিংগনে মোক পুনৰ জীয়াই তোলে ৷ Happy Hug day
  • তোমাক যেতিয়া নিজৰ দুবাহুৰ মাজত লওঁ,তেতিয়া এনে লাগে যে পৃথিৱীখনৰ সমস্ত সুখখিনি মোৰ ৷ তোমাৰ মাজতেই মই বিচাৰি পাওঁ প্ৰেমৰ এক ভাল লগা মিঠা অনুভূতি ৷ তোমালৈ হাগ ডে’ৰ শুভেচ্ছা ৷ Happy Hug day
  • মাত্ৰ এবাৰ তোমাৰ কান্ধত মূৰ থ’লে মই মোৰ সকলো সমস্যা পাহৰি যায় ৷ তোমাৰ দুবাহুত মই নিজকে সবাতোকৈ সুৰক্ষিত অনুভৱ কৰো ৷ আজিৰ এই বিশেষ দিনটোত মই তোমাক জোৰকৈ সাৱতি ধৰিব পাৰিমনে ? Happy Hug day
  • যেতিয়া তোমাৰ হাতখন ধৰো তেতিয়া লাগে যেন সকলো ঠিক হৈ যাব আৰু আমি এনেকৈয়ো জীৱনৰ বাকীচোৱা সময় আগবাঢ়ি যাম ৷ তোমাৰ আলিংগনে মোক দিয়ে প্ৰেমৰ মিঠা অনুভূতি ৷ Happy Hug day
  • মই দূৰত থাকিও তোমাৰ প্ৰেম অনুভৱ কৰিব পাৰো ৷ কিন্তু তোমাৰ দুবাহুত যি সুখ বিচাৰি পাওঁ তাৰ মই অভাৱ অনুভৱ কৰো ৷ তোমাক মাত্ৰ মই এবাৰ সাৱতি ধৰিব পাৰিমনে ? Happy Hug day
  • তোমাৰ দুবাহুৰ মাজত থাকিলে এনে লাগে যে মই পৃথিৱীৰ সবাতোকৈ ভাল লগা আৰু সুখী ঠাইত আছো ৷ তোমাৰ দুবাহুত মই সমস্ত সুখ বিচাৰি পাওঁ ৷ তোমালৈ হাগ দেৰ বহুত শুভেচ্ছা ৷ Happy Hug day
  • মই নিবিচাৰো কোনো দামী উপহাৰ, কোনো চাৰপ্ৰাইজ ৷ মই বিচাৰো তুমি মোক মাত্ৰ এবাৰ সাৱতি ধৰে ৷ তোমালৈ হাগ ডে’ৰ বহুত শুভেচ্ছা ৷ Happy Hug day
  • যদি পৃথিৱীত কোনো ভাল লগা আৰু সুৰক্ষিত ঠাই আছে সেয়া তোমাৰ দুবাহু ৷ তোমাৰ দুবাহুত মই বিচাৰি পাওঁ সুখ, শান্তি আৰু অনবিল মৰম ৷ তোমালৈ হাগ ডে’ৰ শুভেচ্ছা ৷ Happy Hug day
  • যেতিয়া তুমি মোৰ সাৱতি ধৰা তেতিয়া লাগে যে সমস্ত সুখ মোৰ দুবাহুতে আছে ৷ আৰু এই সময়খিনি এনেকৈয়ে থাকক ৷ তোমালৈ হাগ ডে’ৰ বহুত শুভেচ্ছা ৷ Happy Hug day
  • মই বিচাৰো তোমাৰ মৰম, ভালপোৱা ৷ তোমাৰ সান্নিধ্যই দিয়ে মোক জীয়াই থকাৰ নতুন প্ৰেৰণা ৷ তোমাৰ আলিংগনে দিয়ে মোক ভাললগা সুখ ৷ তোমালৈ Happy Hug day

ABOUT THE AUTHOR

...view details