অসম

assam

ETV Bharat / lifestyle

মঙলবাৰে এনেদৰে পাঠ কৰক হনুমান চালিছা আৰু লাভ কৰক বজৰংবলীৰ আশীৰ্বাদ - HANUMAN CHALISA

যদিও হনুমান চালিছা যিকোনো সময়তে পাঠ কৰিব পাৰি কিন্তু বজৰংবলীক সন্তুষ্ট কৰিবলৈ মঙলবাৰ আৰু শনিবাৰে এনেদৰে পাঠ কৰক হনুমান চালিছা-

Hanuman Chalisa
মঙলবাৰে এনেদৰে পাঠ কৰক হনুমান চালিছা আৰু লাভ কৰক বজৰংবলীৰ আশীৰ্বাদ (ETV Bharat)

By ETV Bharat Lifestyle Team

Published : Feb 24, 2025, 5:16 PM IST

হিন্দু ধৰ্মত ভগৱান হনুমানক কলিযুগৰ আটাইতকৈ শক্তিশালী দেৱতা হিচাপে পূজা কৰা হয় ৷ হনুমান চলিছা হৈছে হনুমান ভগৱানৰ পূজাৰ বাবে ভক্তিমূলক প্ৰাৰ্থনা ৷ হনুমান চালিছা পাঠ কৰা মানুহৰ সকলো বিপদ নাশ হয় ৷ লগতে পৰিয়াললৈ সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনে ৷ হনুমান চালিছা অতি সহজ ভাষাত ৪০টা পদত লিখা হৈছে ৷

মুঠ ৪০টা শ্লোক থকা হনুমান চালিছা ৰচনা কৰিছিল গোস্বামী তুলসীদাসে ৷ হনুমান চালিছা ষোড়শ শতিকাত আৱাধি ভাষাত লিখা হৈছিল ৷ যদিও হনুমান চালিছা যিকোনো সময়তে পাঠ কৰিব পাৰি, কিন্তু মঙলবাৰ আৰু শনিবাৰক শ্ৰেষ্ঠ দিন বুলি গণ্য কৰা হয়, কাৰণ এই দিনকেইটা বজৰংগবলীৰ বাবে উৎসৰ্গিত ৷ ব্ৰহ্ম মুহূৰ্তৰ সময়ত ৰাতিপুৱা ৪ বজাৰ পৰা ৬ বজালৈ হনুমান চালিছা পাঠ কৰিব পাৰে ৷

হনুমান চালিছা

শ্ৰীগুৰু চৰণ পদ্ম স্মৰি মনে মনে ৷

কোটি বাৰ প্ৰণামোহো গুৰুৰ চৰণে॥

শ্ৰীৰাম চৰণপদ্ম কৰিয়া স্মৰণ ৷

চতুবৰ্গ ফল যেন লভো অনুক্ষন॥

বুদ্ধিহীন মই অতি পবন কুমাৰ ৷

গুচোৱা মনৰ ক্লেশ মনৰ বিকাৰ॥

জয় জয় হনুমান গুণৰ সাগৰ ৷ ১

জয়হে কপীশ-প্ৰভু দয়াৰ আধাৰ॥

শ্ৰীৰামৰ দূত তুমি অতি বলবান ৷

অঞ্জনাৰ পুত্ৰ তুমি পবনসুত নাম॥ ২

মহাবীৰ ব্ৰজৰঙ্গী তুমি হনুমান ৷

কুমতি নাশিয়া কৰা সুমতি প্ৰদান॥ ৩

কাঞ্চন বৰণ তযু তুমি হে সুবেশ ৷

কৰ্ণত কুণ্ডল শোভে কুঁচি কুঁচি বেশ॥ ৪

ধ্বজা বজ্ৰ শোভা কৰে হস্তত তোমাৰ ৷

কান্ধে শোভা কৰে গদা সুন্দৰৰ ভাৰ॥ ৫

অপৰূপ বাহু তৱ পবন নন্দন ৷

মহাতেজ জ্যোতিৰূপ জগত বন্দন॥ ৬

বিদ্যাৱান গুণৱান তুমি হে চতুৰ ৷

শ্ৰীৰামচন্দ্ৰৰ কাৰ্যে তুমি হে আঁতুৰ॥ ৭

সৰ্বদা ৰামৰ আজ্ঞা কৰিছা পালন ৷

হৃদয়ত লৈ ৰাম সীতা ও লক্ষ্মণ॥ ৮

সূক্ষ্মৰূপ ধৰি তুমি লংকা প্ৰবেশিলা ৷

বিকট ৰূপৰে লংকা ধ্বংস কৰিলা॥ ৯

ভীমৰূপে কৰা তুমি অসুৰ সংহাৰ ৷

সৰ্বকাৰ্য্য সিদ্ধি দাতা শ্ৰীৰামচন্দ্ৰৰ॥ ১০

সঞ্জীবন আনি তুমি জীয়ালা লক্ষ্মণ ৷

ৰঘুবীৰ তাৰ বাবে আনন্দিত মন॥ ১১

ৰঘুনাথে দিলে তোমাক আলিঙ্গন দান ৷

দান কৰে ভাতৃ স্থান ভৰত সমান॥ ১২

ত্ৰিভুৱনে বিয়পিয় তযু যশ খ্যাতি ৷

এই বুলি আলিঙ্গন কৰে ৰঘুপতি॥ ১২

সনক ব্ৰহ্মাদি যত দেৱ-মুনিগণ ৷

নাৰদ সাৰদ আদি দেৱ ঋষিগণ॥ ১৪

যমৰাজ কুবেৰ আৰু দিকপালগণ ৷

কবি কবিৰে যত ভৰা ত্ৰিভুৱন॥ ১৫

সুগ্ৰীৱৰ উপকাৰ তুমিয়ে কৰিলা ৷

ৰামৰ লগত মিলাই ৰাজপদ দিলা॥ ১৬

তোমাৰ মন্ত্ৰণা মানে বিভীষণ গণ ৷

হৈছিল ৰাৱণৰ ভয়ে কম্পমান॥ ১৭

সহস্ৰ যোজন ঊৰ্ধ্বে সূৰ্য্যদেৱে দেখে ৷

সুমধুৰ ফল বুলি ভাবে একে গ্ৰাসে॥ ১৮

জয় ৰাম বুলি তুমি অসীম সাগৰ ৷

পাৰ হৈ প্ৰবেশিলা লংকাৰ ভিতৰ ৷ ১৯

দুৰ্গম যতেক কৰ্ম আছে ত্ৰিভুবনে ৷

সুগম কৰিলা তুমি ’ৰাম-ৰাম’ গানে॥ ২০

শ্ৰীৰামৰ দ্বাৰৰক্ষী ৰামচন্দ্ৰৰ দ্বাৰে ৷

তযু অনুমতি বিনা সোমাব নোৱাৰে॥ ২১

শৰণ লইনু প্ৰভু আজি যে তোমাৰ ৷

ভৱ ভয়ে ৰক্ষা কৰা বিপদে আমাৰ॥ ২২

নিজ শক্তি নিজে প্ৰভু কৰা সম্বৰণ ৷

তোমাৰ হুংকাৰতে কম্পে ত্ৰিভূৱন॥ ২৩

ভূত প্ৰেত পিশাচাদি আহিব নোৱাৰে ৷

মহাবীৰ তযু নাম সেই সদা ত্মৰে॥ ২৪

ৰোগ নাশ কৰা তুমি সৰ্বপীড়া হৰ ৷

মহাবীৰ তযু নাম স্মৰে নিৰন্তৰ॥ ২৫

সংকটত হনুমানে ৰক্ষা কৰি যায় ৷

হনুৰ চৰণে ভক্তি ৰাখিব সদায়॥ ২৬

সৰ্বোপৰি ৰামচন্দ্ৰ তপস্বী ও ৰজা ৷

শ্ৰীৰামৰ শত্ৰুগণক তুমি দিলা মজা॥ ২৭

তোমাৰ চৰণে যেয়ে মন প্ৰাণ দিব ৷

জীৱনত সেইজনে সদা সুখ পাব॥ ২৮

প্ৰৱল প্ৰতাপ তযু হে বায়ু নন্দন ৷

তযু নামে উজ্জ্বলিব এই ত্ৰিভূবন॥

সাধু-সন্যাসীকো ৰক্ষা কৰা মতিমান ৷

শ্ৰীৰামৰ প্ৰিয় তুমি অতি গুণবান॥ ৩০

অষ্টসিদ্ধি নবসিদ্ধি কিবা যদি আছে ৷

সকলোই সিদ্ধি হয় তোমাৰে কৃপাতে॥ ৩১

তোমাৰ কাষতে থাকে ৰাম নাৰায়ণ ৷

ৰামৰ তুমিয়ে দাস জানে সৰ্বজন॥ ৩২ ৷

তোমাৰ ভজন কৰি লভিব ৰামক ৷

জনমে জনমে সেয়ে দুখ বিমোচক॥ ৩৩

অন্তকালে পাব তেওঁ ৰামৰ চৰণ ৷

এই সাৰ কথা শুনা সব ভক্তগণ॥ ৩৪

সকলো বিষয় ত্যাগি বোলা হনুমান ৷

হনুমন্তে সৰ্বসুখ কৰিব প্ৰদান॥ ৩৫

সৰ্বদুখ আঁতৰিব সংকটো কাটিব ৷

সেইজনে হনুমন্তক স্মৰণ কৰিব॥ ৩৬

জয় জয় জয় প্ৰভু জয় হনুমান ৷

তযু কৃপা বিনে মোৰ গতি নাই আন॥ ৩৭

যেইজনে শতবাৰ এই পাঠ কৰে ৷

সকলো অশান্তি তাৰ নাশ হৈ পৰে॥ ৩৮

হনুমান চালিশা যেয়ে সদা পাঠ কৰে ৷

সিদ্ধি লাভ কৰে আৰু বিপদত তৰে॥ ৩৯

তুলসীদাস সৰ্বদাই শ্ৰীহৰিৰ দাস ৷

মনৰ মন্দিৰত প্ৰভু সদা কৰা বাস॥ ৪০

ত্ৰিপদী

পবন নন্দন সংকট হৰণ

মংগল মুৰুটি ৰূপ ৷

শ্ৰীৰাম লক্ষ্মণ জানকী ৰঞ্জন

তুমি হৃদয়ৰে ভূপ॥

পৱন নন্দন প্ৰৱল বিক্ৰম

ৰাম অনুগত অতি ৷

চালিশা ইয়াতে সমাপ্ত কৰিছো

পদে থাকে যেন মতি॥

লগতে পঢ়ক

  1. এই দিনটোত শনিৰ কৃপা লাভ কৰিব এই ৰাশিৰ জাতক-জাতিকাই
  2. মহাশিৱৰাত্ৰিৰ সৈতে ঐতিহাসিক মহাভৈৰৱ মন্দিৰৰ সম্পৰ্ক কি ? জানক ইয়াৰ ইতিহাসৰ বিষয়ে
  3. প্ৰেমৰ সম্পর্কত কিবা সমস্যা হৈ আছে নেকি তেন্তে শিৱ পূজাৰ দিনা কৰক এই কাম

ABOUT THE AUTHOR

...view details