মেষ ৰাশি:আজি গোটেই দিনটো আপোনাৰ মনত দুখ আৰু ক্ষোভ থাকিব । নিজৰ বাক্যৰ ওপৰত নিয়ন্ত্ৰণ ৰখাটো উচিত । মাতৃৰ স্বাস্থ্যৰ প্ৰতি বিশেষ মনোযোগ দিয়ক । সম্পত্তি সম্বন্ধীয় কাজিয়া বিবাদৰ পৰা আঁতৰি থাকক । যান-বাহন চলাওতে সাৱধান হ'ব । নদী-পুখুৰী আদিৰ পৰা আঁতৰত থাকক । শিক্ষক আৰু পণ্ডিত ব্যক্তিসকলৰ বাবে দিনটো অন্য দিনৰ দৰেই থাকিব ।
বৃষ ৰাশি: আজি দিনটো আপুনি সুস্থ-সবল আৰু উৎসাহ-উদ্দীপনাৰে পৰিপূৰ্ণ হৈ থাকিব । আজি আপুনি কল্পনাবিলাসী আৰু সৃজনশীল হৈ থাকিব, লগতে নিজৰ স্বৰ্গৰাজ্যত বিচৰণ কৰিব । আজি আপুনি পৰিয়ালৰ সৈতে সময় কটাব । আৰ্থিক দিশত আজি আপুনি বিশেষভাৱে গুৰুত্ব দিব । সুস্বাদু ভোজন গ্ৰহণ কৰিব পাৰে । প্ৰেমত শুভ ৷
মিথুন ৰাশি:আপুনি সময়ত কোনো কাম শেষ কৰিব নোৱাৰিব, কাম কৰিবলৈ যাওঁতে বাধাৰ সন্মূখীন হ'ব পাৰে । আৰ্থিক দিশত অসুবিধাৰ সন্মূখীন হ'ব পাৰে ৷ পৰিকল্পনা অনুসৰি আপোনাৰ কাম সমাপন হ'ব । কৰ্মক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ অন্যান্য দিনৰ দৰেই হ'ব । সহকৰ্মীসকলে আপোনাৰ সৈতে স্বাভাৱিক আচৰণ কৰিব ।
কৰ্কট ৰাশি:আনন্দ, হাঁহি-ফুৰ্তি, উলহ-মালহেৰে আজিৰ দিনটো আপুনি বন্ধু আৰু সতীৰ্থসকলৰ সৈতে পাৰ কৰিব । ভ্ৰমণৰ যোগ । সুস্বাদু খাদ্য গ্ৰহণ কৰিব পাৰে । আজি আপুনি অত্যধিক আৱেগিক আৰু সংবেদনশীল হৈ থাকিব । আৰ্থিক লাভ হ’ব পাৰে ।
সিংহ ৰাশি:আজি আপুনি মানসিকভাৱে অস্থিৰ আৰু অধৈৰ্য অনুভৱ কৰিব । তৰ্ক বিবাদৰ পৰা আঁতৰত থাকক । আইনী কাম-কাজত সাৱধানতা অৱলম্বন কৰিব । সংবেদনশীল আৰু পক্ষপাতহীন আচৰণ কৰক । ব্যয় অধিক হ'ব পাৰে ।
কন্যা ৰাশি:আজিৰ দিনটো সুখ-শান্তি আৰু পৰিতৃপ্তিৰে পৰিপূৰ্ণ হৈ থাকিব । সকলো ক্ষেত্ৰৰপৰা লাভবান হ’ব । এই ক্ষেত্ৰত আপুনি বন্ধুৰ সহায় লাভ কৰিব । বন্ধুৰ সৈতে নৈসৰ্গিক স্থানত ভ্ৰমণৰ যোগ । সন্তানৰ পৰা সু-সংবাদ লাভ কৰিব পাৰে ।