২০২৫ বৰ্ষত বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ ৰাশিত বৃহস্পতি, তৃতীয়স্থানত মংগল, পঞ্চমস্থানত কেতু, সপ্তমত বুধ, অষ্টমত ৰবি, নৱম তথা ভাগ্যস্থানত চন্দ্ৰ, কৰ্মস্থানত শনি আৰু শুক্ৰ, একাদশত ৰাহু গ্ৰহ অৱস্থান কৰি শুভাশুভ ফল নিৰূপণ কৰিছে ৷
২০২৫ বৰ্ষত কৰ্মৰ ক্ষেত্ৰত বৃষ ৰাশিৰ বাবে কেনে হ'ব ?
২০২৫ বৰ্ষত বৃষ ৰাশিৰ জাতক-জাতিকা সকলৰ কৰ্মস্থানত শুক্ৰ আৰু শনি চৰগিৰী হৈ থকাৰ ফলত কৰ্মস্থানত খুব শুভ বুলি ক'ব পাৰি ৷ ইয়াৰোপৰি কৰ্মস্থানলৈ মংগল গ্ৰহ পূৰ্ণদৃষ্টি থকাৰ ফলত কৰ্মস্থান আৰু শুভ বুলি ক’ব পাৰি ৷ এই বৰ্ষত নিবনুৱা সকলৰ কৰ্মপ্ৰাপ্তিৰ যোগ আছে ৷ চৰকাৰী চৰকাৰীৰ বাবে চেষ্টা কৰি থকা সকলৰো চৰকাৰী চাকৰি লাভ যোগ আছে ৷
বৰ্তমান কৰ্মৰত হৈ থকা সকলৰ পদোন্নতিৰ যোগ আছে ৷ ব্যৱসায়-বাণিজ্যিত উন্নতি হোৱাৰ লগতে আয় উপাৰ্জন দুগুণ বৃদ্ধি হ'ব ৷কৰ্মক্ষেত্ৰত যদি কিবা বাধা আছে তেন্তে এইবর্ষত সেই বাধাসমূহ আঁতৰিব আৰু কৰ্মক্ষেত্ৰ খুব সাহসেৰে আগবাঢ়িব পাৰিব ৷
২০২৫ বৰ্ষত ধন আৰু ব্যৱসায় ক্ষেত্ৰত বৃষ ৰাশিৰ বাবে কেনে হ'ব ?
২০২৫ বৰ্ষত বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ ক্ষেত্ৰত ধনপতি বুধ সপ্তমত অৱস্থান কৰি ধন আৰু ব্যৱসায় স্থানটো বিশেষ শুভ কৰি তুলিছে ৷ ২০২৫ বৰ্ষত বৃষ ৰাশিৰ জাতক-জাতিকাসকল ব্যৱসায়ৰ ক্ষেত্ৰত উন্নতি হ'ব ৷ যৌথ ব্যৱসায় ক্ষেত্ৰত সফলতা লাভ কৰিব পাৰিব ৷ বাধাবোৰ নাইকিয়া হ'ব ৷ নতুন নতুন ব্যৱসায়ত মনোযোগ দিব পাৰিব লগতে আৰম্ভ কৰিব পৰিব ৷ ছপা মাধ্যম, ষ্টেচনাৰী, কিতাপ, ঠিকদাৰী ব্যৱসায়ৰ লগত জড়িত হৈ থকা লোকসকলৰ বাবে ২০২৫ বৰ্ষটো খুব বেছি ভাল ৷ কৰ্মস্থানত শুক্ৰ থকাৰ ফলত কাপোৰ, ঔষধ বা ট্রেভেল এজেঞ্চি, হোটেল- ৰেষ্টুৰেণ্ট,পানী, গাড়ী,লোৰ ব্যৱসায় লগত জড়িত হৈ থকা সকলৰ বাবে খুব ভাল ৷
২০২৫ বৰ্ষত স্বাস্থ্যৰ ক্ষেত্ৰত বৃষ ৰাশিৰ বাবে কেনে হ'ব ?