অসম

assam

ETV Bharat / international

মস্কোৰ কনচাৰ্ট হলত দুৰ্বৃত্তৰ আক্ৰমণ, 93ৰো অধিক লোক নিহত - Open fire in Moscow - OPEN FIRE IN MOSCOW

Open fire in Moscow : ৰাছিয়াৰ ৰাষ্ট্ৰপতি হিচাবে ভ্লাদিমিৰ পুটিন নিৰ্বাচিত হোৱাৰ পিচতে দেশখনৰ ৰাজধানীত আক্ৰমণ বন্দুকধাৰীৰ ৷ মস্কোৰ কনচাৰ্ট হলত দুৰ্বৃত্তৰ আক্ৰমণ ৷ প্ৰথমিক তথ্য অনুসৰি 93 জন লোকৰ মৃত্যু হোৱাৰ লগতে 145 জনতকৈ অধিক লোক আহত হয় ।

Russia Says several Dead and Injured In Concert Hall Raid; Islamic State Group Claims Responsibility
মস্কোৰ কনচাৰ্ট হলত দুৰ্বৃত্তৰ আক্ৰমণ, চল্লিশৰো অধিক লোকৰ মৃত্যু

By PTI

Published : Mar 23, 2024, 7:49 AM IST

Updated : Mar 23, 2024, 2:43 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, 23 মাৰ্চ :ৰাছিয়াৰ ৰাজধানী মস্কোৰ কনচাৰ্ট হলত দুৰ্বৃত্তৰ আক্ৰমণ ৷ ফেডাৰেল ছিকিউৰিটি চাৰ্ভিচে জনোৱা মতে, শুকুৰবাৰে মস্কোৰ কনচাৰ্ট হলত সংঘটিত হয় এক আক্ৰমণৰ ঘটনাত ৷ এই ঘটনাত 93 জন লোকৰ মৃত্যু হোৱাৰ লগতে 145 জনতকৈ অধিক লোক আহত হয় ।

ৰাছিয়া কৰ্তৃপক্ষই সমগ্ৰ ঘটনাটোক সন্ত্ৰাসবাদী দৃষ্টিকোণেৰে তদন্ত আৰম্ভ কৰিছে ৷ এই আক্ৰমণটো দেশখনৰ বিগত বছৰবোৰৰ ভিতৰত আটাইতকৈ মাৰাত্মক হিচাপে বিবেচিত হৈছে । ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ৰাছিয়ান ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰাৰ কিছুদিন পিচতে এই আক্ৰমণ সংঘটিত হৈছে ।

জানিব পৰা মতে, শুকুৰবাৰে মস্কোৰ এটা ডাঙৰ কনচাৰ্ট হলত কেইবাজনো বন্দুকধাৰীয়ে বিস্ফোৰণ ঘটাই দৰ্শনাৰ্থীসকলক স্বয়ংক্ৰিয় গুলীচালনাৰে স্প্ৰে’ কৰাৰ ফলত বহুসংখ্যক লোক আহত হয় । ৰাছিয়া-ইউক্ৰেইন যুদ্ধই তৃতীয় বছৰত ভৰি দিয়াৰ পিচত বিগত বহু বছৰৰ পিচত ৰাছিয়াত সংঘটিত হোৱা এইটো আটাইতকৈ ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণ বুলি বিবেচিত হৈছে । মস্কোৰ মেয়ৰ চেৰ্গেই ছ’বিয়ানিনে এই আক্ৰমণক এক বৃহৎ ট্ৰেজেডী বুলি অভিহিত কৰে ।

ৰাছিয়াৰ শীৰ্ষ ঘৰুৱা নিৰাপত্তা সংস্থা ফেডাৰেল ছিকিউৰিটি চাৰ্ভিচে কয় যে মৃত আৰু আহত লোকৰ নিৰ্দিষ্ট সংখ্যা এতিয়াও প্ৰকাশ কৰা নাই । স্থানীয় বাতৰি অনুসৰি আক্ৰমণকাৰীয়ে বিস্ফোৰক নিক্ষেপ কৰাৰ ফলত মস্কোৰ পশ্চিম প্ৰান্তৰ ক্ৰ’কাছ চিটি হলত ব্যাপক অগ্নিকাণ্ড সংঘটিত হয় ।

ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা ভিডিঅ’ত দেখা গৈছে যে অট্টালিকাটোৰ ওপৰেৰে ক’লা ধোঁৱাৰ বিশাল ঢৌ উঠিছে । 6 হাজাৰৰো অধিক লোক বহিব পৰা হলটোত ৰাছিয়াৰ বিখ্যাত ৰক বেণ্ড পিকনিকৰ কনচাৰ্টৰ বাবে ভিৰ হোৱাৰ সময়তে এই আক্ৰমণ সংঘটিত হয় ।

স্থানীয় বাতৰি অনুসৰি দৰ্শনাৰ্থীক খালী কৰা হৈছে যদিও কিছুসংখ্যকে নিৰ্দিষ্ট সংখ্যক লোক আবদ্ধ হৈ থকাৰ আশংকা প্ৰকাশ কৰিছে ৷ দেশখনৰ সংবাদ মাধ্যম আৰু টেলিগ্ৰাম চেনেলসমূহে পোষ্ট কৰা একাধিক ভিডিঅ’ত বৰ্ধিত গুলীৰ শব্দ শুনা গৈছিল । এটাত মলটোৰ মাজেৰে ৰাইফল লৈ দুজন মানুহ গৈ থকা দেখা গৈছিল ।

ৰাছিয়াৰ কৰ্তৃপক্ষই জনোৱা মতে, মস্কোৰ বিমানবন্দৰ আৰু ৰে’ল ষ্টেচনত নিৰাপত্তা কটকটীয়া কৰি তোলা হৈছে ৷ আনহাতে, মস্কোৰ মেয়ৰে সপ্তাহৰ শেষৰ ফালে অনুষ্ঠিত হ’বলগীয়া সকলো গণ সমাৱেশ বাতিল কৰিছে । শুকুৰবাৰে হোৱাইট হাউছৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জন কিৰ্বিয়ে কয়, "এতিয়াও সকলো সবিশেষৰ বিষয়ে ক’ব পৰা হোৱা নাই যদিও দৃশ্যবোৰ ভয়ংকৰ । চাবলৈ কঠিন । আমি ভয়ংকৰ গুলীচালনাৰ বলি হোৱা লোকসকলৰ সৈতে আছো ৷ কিছুমানে নিজৰ মাক-দেউতা, ভাই-ভনী আৰু পুত্ৰ-কন্যাৰ এতিয়াও কোনো খবৰ পোৱা নাই । এইটো এটা কঠিন দিন হ’ব ।"

চলিত মাহৰ আৰম্ভণিতে মস্কোত থকা আমেৰিকাৰ দূতাবাসে জাৰি কৰা এক বিবৃতিৰ পিচতে আমেৰিকাৰ নাগৰিকসকলক ৰাছিয়াৰ ৰাজধানীখনৰ জনসমাগম অধিক থকা ঠাইৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনোৱা হৈছিল ৷

লগতে পঢ়ক:কিয়েভত ৰাছিয়াৰ বৃহৎ মিছাইল আক্ৰমণত আহত কেইবাজনো - Russia attack on Kyiv

Last Updated : Mar 23, 2024, 2:43 PM IST

ABOUT THE AUTHOR

...view details