ইণ্টাৰনেশ্যনেল ডেস্ক, 24 জুলাই:নেপালত শোকাৱহ বিমান দুৰ্ঘটনা ৷ বুধবাৰৰ পুৱা ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰণৰ সময়তে সৌৰ্য এয়াৰলাইনছৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হয় বুলি দেশখনৰ সংবাদ পত্ৰত প্ৰকাশ । বিমানখন কাঠমাণ্ডুৰ পৰা পোখৰালৈ যাত্ৰা কৰাৰ কথা আছিল । দুৰ্ঘটনাটো পুৱা 11.15 বজাত সংঘটিত হয় ৷
ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ তথ্য বিষয়া জ্ঞানেন্দ্ৰ ভুলৰ উদ্ধৃতি দি দ্য হিমালয়ান টাইমছে প্ৰকাশ কৰা অনুসৰি উৰণৰ সময়ত বিমান সংস্থাটোৰ কেৱল কাৰিকৰী কৰ্মচাৰীহে বিমানখনত আছিল । বিমানখনত 19 জন লোক আছিল বুলি জানিব পৰা গৈছে । বৰ্তমান পৰ্যন্ত উদ্ধাৰ হৈছে 18 গৰাকীৰ মৃতদেহ ৷ বিমানখনৰ পাইলটজন সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ৷
দেশখনৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি ৰাণৱে’ত উঠাৰ পিছতে বিমানখনত জুই লাগিছিল আৰু যথেষ্ট ধোঁৱা ওলাইছিল । সৌৰ্য এয়াৰলাইনছে একচেটিয়াভাৱে বম্বাৰ্ডিয়াৰ চি আৰ জে 200 জেট বিমানখন উৰুৱাইছে বুলি ইয়াৰ ৱেবছাইটত প্ৰকাশ পাইছে ।
দেশখনৰ বিমান উদ্যোগে শেহতীয়া বছৰবোৰত দুৰ্গম অঞ্চলবোৰলৈ সামগ্ৰী আৰু মানুহ কঢ়িয়াই নিয়াৰ লগতে বিদেশী ট্ৰেকাৰ আৰু পৰ্বতাৰোহীকো কঢ়িয়াই উদ্যোগটোৰ যথেষ্ট উত্থান ঘটাইছিল । কিন্তু অপৰ্যাপ্ত প্ৰশিক্ষণ আৰু ৰক্ষণাবেক্ষণৰ বাবে সৃষ্টি হোৱা দুৰ্বল সুৰক্ষা ব্যৱস্থাই উদ্যোগটোক জুৰুলা কৰি পেলাইছে ।
ইউৰোপীয় সংঘই নিৰাপত্তাৰ কথা চিন্তা কৰি নিজৰ আকাশমাৰ্গৰ পৰা নিষিদ্ধ কৰিছে দেশখনৰ সকলো বিমানসেৱাক । বিমান সুৰক্ষাৰ ক্ষেত্ৰত নেপালৰ দুখজনক অভিলেখে আৰু অধিক ভয়াৱহ কৰি তুলিছে দেশখনৰ বিমানসেৱা ব্যৱস্থাক ।