অসম

assam

ETV Bharat / international

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গায়ানা ভ্ৰমণ; ভাৰত-গায়ানাৰ সম্পৰ্কৰ ৰূপৰেখা - INDIA GUYANA RELATIONS

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সম্পাদক জয়দীপ মজুমদাৰে প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণত ভাৰত-গায়ানাৰ শক্তিশালী সম্পৰ্ক আৰু মূল চুক্তিসমূহৰ ওপৰত আলোকপাত কৰে ৷

Jaideep Mazumdar highlights strong India-Guyana relations and key agreements in PM Modi's visit
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুয়ানা ভ্ৰমণ (@NarendraModiX)

By ANI

Published : Nov 22, 2024, 10:53 AM IST

জৰ্জটাউন : তিনিখন দেশৰ ভ্ৰমণ সম্পূৰ্ণ কৰি বৃহস্পতিবাৰে (স্থানীয় সময় অনুসৰি) গায়ানাৰ জৰ্জটাউনৰ পৰা দিল্লী অভিমুখে ৰাওনা হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । নাইজেৰিয়াৰ পৰা আৰম্ভ হৈছিল এই যাত্ৰা ৷ এই সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে ১৯ সংখ্যক জি-২০ সন্মিলনৰ বাবে ব্ৰাজিললৈ গৈছিল । ভাৰতীয় প্ৰধানমন্ত্ৰীৰ দক্ষিণ আমেৰিকাৰ ৰাষ্ট্ৰলৈ ৫০ বছৰৰ ভিতৰত এইটোৱেই আছিল প্ৰথম ভ্ৰমণ ৷

প্ৰধানমন্ত্ৰী মোদীৰ গায়ানা ভ্ৰমণ সম্পৰ্কত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সম্পাদক (পূব) জয়দীপ মজুমদাৰে প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি ইৰফান আলীৰ মাজত আলোচনাৰ মূল ক্ষেত্ৰসমূহৰ ৰূপৰেখা দাঙি ধৰে ৷ লগতে তেওঁ দ্বিপাক্ষিক সম্পৰ্ক সম্প্ৰসাৰণৰ ওপৰতো গুৰুত্ব আৰোপ কৰে ।

সংবাদ সংস্থা ANI ৰ বাতৰিত প্ৰকাশিত তথ্য অনুসৰি, বৃহস্পতিবাৰে মজুমদাৰে কয়, "পৰস্পৰে বাৰ্তালাপৰ সময়ত তেওঁলোকে (পি এম মোদী আৰু ৰাষ্ট্ৰপতি আলী) ভাৰত-গায়ানা সম্পৰ্কৰ সমগ্ৰ গেমট (gamut) সম্পৰ্কে আলোচনা কৰিছিল । দুয়োপক্ষৰ মাজত দহখন চুক্তিৰ আদান-প্ৰদান হৈছিল, য'ত হাইড্ৰ'কাৰ্বন আৰু শক্তি, স্বাস্থ্য আৰু ঔষধ, কৃষি আদি ক্ষেত্ৰ সামৰি লোৱা হৈছিল । ডিজিটেল সহযোগিতা, সংস্কৃতি, প্ৰতিৰক্ষা আৰু নিৰাপত্তাৰ ওপৰতো তেওঁলোকে গুৰুত্ব প্ৰদান কৰিছিল ।"

লগতে পঢ়ক: ভাৰত আমেৰিকাৰ বাবে এক গুৰুত্বপূৰ্ণ অংশীদাৰ হৈ আছে: বিদেশ মন্ত্ৰণালয়

এই চুক্তিসমূহৰ উপৰিও মজুমদাৰে CARICOM ৰ নেতাসকলৰ স্বীকৃতি আৰু প্ৰশংসাৰ ওপৰত আলোকপাত কৰে । "গোটটোৰ সৈতে সম্পৰ্ক শক্তিশালী কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ বিশেষ প্ৰচেষ্টাক তেওঁলোকে অতিশয় শলাগ লৈছিল । CARICOM জাতিসমূহৰ প্ৰাসংগিক সকলো বিষয়কে সামৰি লোৱা তেওঁৰ সাতটা স্তম্ভক অতিশয় মূল্য দিয়া হৈছিল । ইয়াৰ ভিতৰত কেন্সাৰৰ দৰে উচ্চ প্ৰাদুৰ্ভাৱৰ ৰোগৰ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাটোও অন্তৰ্ভুক্ত কৰিছিল ।"

‘‘লগতে ডায়েবেটিছ (মধুমেহ), দক্ষ জনশক্তিৰ অভাৱ, জলবায়ুৰ স্থিতিস্থাপকতা, আৰু বহনক্ষম উন্নয়ন গুৰুত্ব দিয়া ক্ষেত্ৰসমূহৰ ভিতৰত সামগ্ৰী আৰু যাত্ৰীৰ বাবে সামুদ্ৰিক সংযোগৰ লগতে মহিলা সবলীকৰণ আৰু মহিলা ক্ৰিকেটৰ প্ৰসাৰ আদিও অন্তৰ্ভুক্ত আছিল ।’’ মাজুমদাৰে কয় ।

মজুমদাৰে লগতে উল্লেখ কৰে, "প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰা সকলো পদক্ষেপকে নেতাসকলে অতিশয় শলাগ লৈছিল । বিশেষকৈ ক'ভিড-১৯ মহামাৰীৰ উত্থানৰ সময়ত ভাৰতৰ সহায়ক স্বীকাৰ কৰিছিল, য'ত ভেকচিন আৰু অন্যান্য প্ৰকাৰৰ চিকিৎসা সহযোগিতা দান কৰা হৈছিল ।"

জৰ্জটাউনত ভাৰতীয় সম্প্ৰদায়ক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত আৰু গায়ানাক একত্ৰিত কৰা সাংস্কৃতিক বান্ধোনৰ বিষয়েও কয় । তেওঁ প্ৰকাশ কৰিছিল, "বিশেষকৈ তিনিটা কথাই ভাৰত আৰু গায়ানাক গভীৰভাৱে সংযোগ কৰে - সংস্কৃতি, খাদ্য আৰু ক্ৰিকেট ।’’

‘‘ক্ৰিকেটৰ জৰিয়তে হোৱা সংযোগৰ বিষয়ে চিন্তা কৰি তেওঁ মন্তব্য কৰে যে ক্ৰিকেটৰ প্ৰতি থকা প্ৰেমে আমাৰ জাতিসমূহকও শক্তিশালীভাৱে বান্ধি ৰাখে । ই কেৱল এটা খেল নহয় বৰঞ্চ আমাৰ জাতীয় পৰিচয়ত গভীৰভাৱে নিহিত হৈ থকা এক জীৱনশৈলী ।" মজুমদাৰে কয় ৷

ভাৰতীয় আৰু গায়ানীজ সোৱাদৰ মিশ্ৰণক আলোকপাত কৰি ভাৰত-গায়ানী সম্প্ৰদায়ৰ অনন্য খাদ্য পৰম্পৰাকো স্বীকাৰ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । তেওঁ পৰ্যবেক্ষণ কৰে যে ভাৰত-গায়ানীজ সম্প্ৰদায়ৰ এক সুকীয়া খাদ্য পৰম্পৰা আছে যিয়ে ভাৰতীয় আৰু গায়ানীজ খাদ্যৰ উপাদানসমূহৰ সংমিশ্ৰণ ঘটায় ৷

লগতে পঢ়ক :ট্ৰাম্পৰ বিজয়; কেনেদৰে লাভান্বিত হ'ব ভাৰত ?

প্ৰধানমন্ত্ৰীয়ে তেওঁক লাভ কৰা উষ্ম আদৰণিৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি বিশেষকৈ ৰাষ্ট্ৰপতি আলীক তেওঁৰ আতিথ্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰে । "মই ৰাষ্ট্ৰপতি আলীক তেওঁৰ ঘৰৰ দুৱাৰ মোৰ বাবে মুকলি কৰাৰ বাবে ধন্যবাদ জনাইছো । ৰাষ্ট্ৰপতি আলী আৰু তেওঁৰ আইতাকৰ সৈতে আমিও আমাৰ পদক্ষেপৰ অংশ হিচাপে এজোপা গছ ৰোপণ কৰিলো ৷ এক পেড় মা কে নাম (মাৰ নামত এজোপা গছ) । ই আছিল এক আৱেগিক মুহূৰ্ত মই সদায় স্মৰণ কৰি থাকিম । গায়ানাৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় বঁটা অৰ্ডাৰ অৱ এক্সেলেন্স লাভ কৰি মই গভীৰভাৱে সন্মানিত হৈছিলো ।" প্ৰধানমন্ত্ৰী মোদীয়ে কয় ৷

ভাৰতৰ বৃদ্ধি আৰু বিশ্ব পৰিক্ৰমাত ইয়াৰ প্ৰভাৱৰ বিষয়ে চিন্তা কৰি মোদীয়ে কয়, "গায়ানাৰ জনসাধাৰণ ভাৰতৰ শুভাকাংক্ষী । ভাৰতত যি অগ্ৰগতি হৈছে তাক আপোনালোকে তীক্ষ্ণ দৃষ্টিৰে চাই থাকিলহেঁতেন । মাত্ৰ ১০ বছৰৰ ভিতৰতে ভাৰত দশম স্থানৰ পৰা বৃদ্ধি পাইছে । আমাৰ যুৱক-যুৱতীসকলে আমাক ৩য় বৃহত্তম ষ্টাৰ্ট-আপ পৰিৱেশ তন্ত্ৰ (start-up ecosystem) কৰি তুলিছে, আমি মংগল গ্ৰহ আৰু চন্দ্ৰতো উপনীত হৈছো ।"

এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে দ্বিতীয় ভাৰত-কেৰিকম শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰি কেৰিবিয়ান অঞ্চলৰ সৈতে ভাৰতৰ কূটনৈতিক সম্পৰ্ক আৰু অধিক শক্তিশালী কৰি তুলিছিল । ৫০ বছৰতকৈও অধিক সময়ৰ ভিতৰত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ প্ৰথমটো গায়ানা ভ্ৰমণ । (ANI)

লগতে পঢ়ক :জি-২০ সন্মিলনত অংশগ্ৰহণৰ বাবে ব্ৰাজিলত উপস্থিত প্ৰধানমন্ত্ৰী মোদী

ABOUT THE AUTHOR

...view details