জেৰুজালেম : সপ্তাহান্তত আহিব পৰা যিকোনো ভাবুকি প্ৰতিহত কৰিবলৈ গাজাত একাধিক ঘটনাত লিপ্ত হৈছে ইজৰাইলী সেনা । শনিবাৰে নিশা ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে এই কথা কয় । ইয়াৰে অংশ হিচাপে মধ্য গাজাত সন্দেহজনক গাড়ীৰ ওপৰত বিমানৰ পৰা গুলী চলোৱা হয় । গাড়ীখন নিৰ্দিষ্ট তালাচী চকী থকা পথেৰে যোৱা নাছিল বুলি কোৱা হৈছে ।
বাহনৰ যাতায়াতৰ বাবে অনুমোদন নথকা পথত উত্তৰদিশে আগবাঢ়ি থকা সন্দেহজনক বাহনক প্ৰতিহত কৰিবলৈ বিমানেৰে গুলীচালনা কৰা হয় । আনহাতে, দক্ষিণ গাজা ষ্ট্ৰিপত সেনাবাহিনীয়ে তেওঁলোকৰ ওচৰত ঘূৰি থকা এজন সন্দেহজনক ব্যক্তিকো চিনাক্ত কৰে । তেওঁক প্ৰতিহত কৰিবলৈ সেনাই গুলীচালনা কৰে ।
সন্দেহজনক ব্যক্তিজনে যেতিয়া বাহিনীটোৰ ফালে আগবাঢ়ি ভাবুকি প্ৰদান কৰিছিল, লগে লগে ইয়াক প্ৰতিহত কৰিবলৈ তেওঁৰ ওপৰত গুলীচালনা কৰা হয় । ইফালে সেনাই গাজাৰ বাসিন্দাসকলক নিৰ্দেশনা পালন কৰিবলৈ আৰু সেনাৰ ওচৰলৈ নাযাবলৈ আহ্বান জনাইছে ।
উল্লেখ্য যে বৰ্তমান পেলেষ্টাইনী সশস্ত্ৰ সংগঠন হামাছ আৰু ইজৰাইলৰ মাজত যুদ্ধবিৰতি চলি আছে । অৱশ্যে তাৰ মাজতো ইজৰাইলী সেনাই সন্দেহজনক ক্ষেত্ৰত অভিযান অব্যাহত ৰাখিছে । কিন্তু তাৰ মাজতে আমেৰিকাৰ বিদেশ বিভাগে ইজৰাইলক ৭ বিলিয়ন ডলাৰৰো অধিক মূল্যৰ অস্ত্ৰ-শস্ত্ৰ বিক্ৰীৰ পৰিকল্পনাৰ কথা আমেৰিকান কংগ্ৰেছক আনুষ্ঠানিকভাৱে জনাইছে ।