অসম

assam

ETV Bharat / international

ওমান উপকূলত ভাৰতীয় নৌসেনাৰ অনুসন্ধান অভিযান; ৮ ভাৰতীয়সহ ৯ জনক জীৱন্তে উদ্ধাৰ, এজনৰ মৃত্যু - Rescue Operation off Oman Coast - RESCUE OPERATION OFF OMAN COAST

Rescue Operation off Oman Coast: "অনুসন্ধান আৰু উদ্ধাৰ অভিযানৰ সময়ত এম ভি ফেলকন প্ৰেষ্টিজৰ (৮ জন ভাৰতীয় আৰু ১ জন শ্ৰীলংকান) ৯ জন কৰ্মচাৰীক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে । বাকী কৰ্মচাৰীসকলক বিচাৰি উলিওৱাৰ বাবে অনুসন্ধান আৰু উদ্ধাৰ অভিযান অঞ্চলটোত অব্যাহত থাকিব ।" ভাৰতীয় নৌসেনাই কয় ।

Rescue Operation off Oman Coast
ওমান উপকূলত ভাৰতীয় নৌসেনাৰ অনুসন্ধান অভিযান (ANI Photo)

By ANI

Published : Jul 18, 2024, 2:27 PM IST

নিউজ ডেস্ক, ১৮ জুলাই :ভাৰতীয় নৌসেনাৰ যুদ্ধজাহাজ আই এন এছ টেগে ১৫ জুলাইত এখন তেলৰ টেংকাৰ ডুব যোৱাৰ পিচত ওমানৰ উপকূলত অনুসন্ধান আৰু উদ্ধাৰ অভিযানত সক্ৰিয়ভাৱে নিয়োজিত হৈ আছে । এই অভিযানত এতিয়ালৈকে আঠজন ভাৰতীয় নাগৰিক আৰু এজন শ্ৰীলংকান নাগৰিকক সফলতাৰে উদ্ধাৰ কৰিছে । আনহাতে, আন এগৰাকীক মৃত অৱস্থাত উদ্ধাৰ কৰে । ভাৰতীয় নৌসেনাই সন্ধানহীন হৈ থকা আন কৰ্মচাৰীসকলৰ অনুসন্ধান অব্যাহত ৰাখিছে ।

উল্লেখ্য, টেংকাৰখন ডুব যোৱাৰ পিচতে এই অভিযান আৰম্ভ কৰা হয় । আনহাতে, আই এন এছ টেগে বাকী কৰ্মচাৰীসকলক বিচাৰি উলিওৱা তথা সহায়ৰ বাবে উন্নত সঁজুলি তথা উচ্চ প্ৰশিক্ষিত কৰ্মচাৰী নিয়োগ কৰিছে । নৌসেনাই স্থানীয় ওমান কৰ্তৃপক্ষ আৰু আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক সংস্থাসমূহৰ সৈতে অনুসন্ধানৰ প্ৰচেষ্টা খৰতকীয়া কৰিবলৈ সমন্বয় ৰক্ষা কৰি আছে । এই অনুসন্ধান তথা উদ্ধাৰ অভিযানক অতি উচ্চ অগ্ৰাধিকাৰ দিয়া হৈছে । যদি আন কোনো লোক বাচি আছে তেন্তে তেওঁলোকক বিচাৰি উলিওৱা আৰু প্ৰয়োজনীয় সহায় আগবঢ়োৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ।

"অনুসন্ধান আৰু উদ্ধাৰ অভিযানৰ সময়ত এম ভি ফেলকন প্ৰেষ্টিজৰ (৮ জন ভাৰতীয় আৰু ১ জন শ্ৰীলংকান) ৯ জন কৰ্মচাৰীক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে । বাকী কৰ্মচাৰীসকলক বিচাৰি উলিওৱাৰ বাবে অনুসন্ধান আৰু উদ্ধাৰ অভিযান অঞ্চলটোত অব্যাহত থাকিব ।" ভাৰতীয় নৌসেনাই কয় । উল্লেখ্য যে এই এম ভিখন ১৫ জুলাইত ওমানৰ ৰাছ মাদ্ৰাকাহৰ পৰা প্ৰায় ২৫ নটিকেল মাইল দক্ষিণ-পূবত ডুব গৈছিল আৰু ওমান কৰ্তৃপক্ষৰ সৈতে সমন্বয়ত অনুসন্ধান আৰু উদ্ধাৰ প্ৰচেষ্টা ১৬ জুলাইৰ পৰা চলি আছে ।

এম ভিখনত মুঠ 16 জন ক্ৰু সদস্য আছিল বুলি জানিব পৰা গৈছে । ইয়াৰে ভিতৰত 13 জন ভাৰতীয় আৰু তিনিজন শ্ৰীলংকান । প্ৰত্যাহ্বানপূৰ্ণ বতৰৰ পৰিস্থিতিত ভাৰত আৰু ওমানৰ পৰ্যাপ্ত সৰঞ্জামেৰে অনুসন্ধান আৰু উদ্ধাৰ অভিযান চলাই থকা হৈছে । কিয়নো এই অঞ্চলটোত উদ্ধাৰকাৰীসকলে খহটা সাগৰ আৰু তীব্ৰ বতাহ অনুভৱ কৰি আছে । ভাৰতীয় নৌসেনাই কয় যে ভাৰতীয় নৌসেনাৰ দীৰ্ঘ দূৰত্বৰ সামুদ্ৰিক পুনৰীক্ষণ বিমান পি৮আয়েও জীৱিতসকলৰ সন্ধানত সহায় কৰি আছে ।

আনহাতে, ওমানৰ ভাৰতীয় দূতাবাসে কৈছে যে তেওঁলোকে ওমান কৰ্তৃপক্ষৰ সৈতে নিৰন্তৰ যোগাযোগত আছে । উদ্ধাৰ প্ৰচেষ্টাৰ শেহতীয়া তথ্য প্ৰদান কৰি ওমানৰ ভাৰতীয় দূতাবাসে এক্সত পোষ্ট কৰিছে, "দূতাবাসে ওমানী কৰ্তৃপক্ষ আৰু ভাৰতীয় নৌসেনাৰ সৈতে এম টি প্ৰেষ্টিজ ফেলকনৰ বাবে এছ এ আৰ অভিযানৰ সমন্বয় কৰি আছে । আই এন এছ টেগৰ দ্বাৰা আজি ৮ জন ভাৰতীয়সহ ৯ জন কৰ্মচাৰীক উদ্ধাৰ কৰা হৈছে । বাকী থকা লোকসকলৰ সন্ধান অব্যাহত আছে ।"

১৫ জুলাইত ওমান উপকূলত ডুব যোৱা তেল টেংকাৰ প্ৰেষ্টিজ ফেলকনৰ নজন কৰ্মচাৰীক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে । আনহাতে, উদ্ধাৰ অভিযানৰ সময়ত এজন ক্ৰু সদস্যক মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে । বুধবাৰে ওমানৰ সামুদ্ৰিক সুৰক্ষা কেন্দ্ৰই কয় ।

লগতে পঢ়ক :ওমানৰ উপকূলত তেল পৰিবাহী জাহাজ ডুবি সন্ধানহীন 13 ভাৰতীয়সহ 16 জন - 16 CREW MISSING AS OIL TANKER SINKS
লগতে পঢ়ক :ভাৰত-ইণ্ডোনেছিয়া-অষ্ট্ৰেলিয়াৰ ত্ৰিপাক্ষিক বৈঠক সম্পন্ন - Indo Pacific Oceans Initiative

ABOUT THE AUTHOR

...view details