অসম

assam

ETV Bharat / international

তেল অবীবলৈ বিমান চলাচল স্থগিত ৰখাৰ সম্ভাৱনা ভাৰতৰ: ইজৰাইলস্থিত ভাৰতীয়ক সুৰক্ষা প্ৰট’কল মানি চলিবলৈ পৰামৰ্শ - Middle East Crisis

ইৰাণ আৰু ইজৰাইলৰ বৰ্ধিত উত্তেজনাৰ মাজতে ভাৰতে তেল অবীবলৈ অহা-যোৱা কৰা বিমান পৰিচালনা স্থগিত ৰখাৰ ঘোষণা কৰাৰ সম্ভাৱনা আছে । ইফালে দেওবাৰে ইজৰাইলত থকা ভাৰতীয় মিছনে নিজৰ নাগৰিকসকলৰ বাবে এক নতুন “গুৰুত্বপূৰ্ণ পৰামৰ্শ” জাৰি কৰি শান্ত হৈ থাকিবলৈ আৰু সুৰক্ষা প্ৰট’কল মানি চলিবলৈ পৰামৰ্শ দিয়ে ৷

By ETV Bharat Assamese Team

Published : Apr 14, 2024, 5:49 PM IST

Updated : Apr 14, 2024, 7:17 PM IST

IRAN ISRAEL CONFLICT
টেল আভিভলৈ বিমান চলাচল স্থগিত ৰখাৰ সম্ভাৱনা

ইন্টাৰনেশ্যনেল ডেস্ক, 14 এপ্ৰিল : ইৰাণ আৰু ইজৰাইলৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে ভাৰতীয় বিমান সংস্থাসমূহে তেল অবীবলৈ অহা-যোৱা কৰা বিমান সেৱা বন্ধ কৰাৰ কথা ঘোষণা কৰাৰ সম্ভাৱনা আছে ৷

শনিবাৰে টাটাৰ মালিকানাধীন এয়াৰ ইণ্ডিয়াই ইৰাণৰ আকাশমাৰ্গ এৰাই চলিব বুলি ঘোষণা কৰে ৷ একেদৰে ভিষ্টাৰাই এই উত্তেজনাৰ বাবে অঞ্চলটোৰ পথ সলনি কৰিব পাৰে আৰু তেওঁলোকৰ বিমান যাত্ৰাৰ বাবে অধিক সময় লাগিব পাৰে বুলিও ঘোষণা কৰে ৷

এতিয়াৰ বাবে শনিবাৰে তেল অবীব আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত নিৰাপদে অৱতৰণ কৰা এয়াৰ ইণ্ডিয়াৰ এখন বিমান ইজৰাইলৰ পৰা ভাৰতলৈ যাত্ৰা কৰাৰ কথা আছে ৷ দুটা প্ৰধান বিমান সংস্থা ই এল এ এল ইজৰাইল এয়াৰলাইন্স আৰু এয়াৰ ইণ্ডিয়াই ইজৰাইল আৰু ভাৰতৰ মাজত বাণিজ্যিক বিমান পৰিচালনা কৰে ৷

সূত্ৰৰ উদ্ধৃতি দি এএনআইয়ে (ANI) প্ৰকাশ কৰিছে যে, “ইজৰাইললৈ অহা-যোৱা কৰা বিমান স্থগিত ৰখাৰ সম্ভাৱনা আছে, ইয়াৰ বিষয়ে আনুষ্ঠানিক ঘোষণা কৰা হ’ব ৷”

পেলেষ্টাইন যুদ্ধ আৰু ইজৰাইল-ইৰাণৰ পুনৰ সংঘাতৰ মাজত অঞ্চলটোত এটা সময়ত উত্তেজনা বৃদ্ধি পোৱাৰ লগে লগে ভাৰত চৰকাৰে এক পৰামৰ্শ জাৰি কৰি নাগৰিকসকলক ইৰাণ ভ্ৰমণৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে ৷

ভিষ্টাৰা এয়াৰলাইনছে ইৰাণ আৰু ইজৰাইলৰ মাজত চলি থকা উত্তেজনাৰ বাবে বিমানৰ পথৰ পৰিৱৰ্তন সন্দৰ্ভত এটা বিবৃতি জাৰি কৰিছে ৷ বিবৃতিটোত ভিষ্টাৰা এয়াৰলাইনছে কয়, "মধ্য প্ৰাচ্যৰ কিছু অংশত প্ৰভাৱ পেলোৱা সাম্প্ৰতিক পৰিস্থিতিৰ বাবে, আমি আমাৰ কিছুমান বিমানৰ উৰণ পথ পৰিৱৰ্তন কৰি আছো ৷ এনে পৰিস্থিতিৰ সময়ত কাৰ্যকৰী ধাৰাবাহিকতা নিশ্চিত কৰাৰ বাবে উপলব্ধ ৰখা আকস্মিক পথবোৰ ইয়াৰ পৰিৱৰ্তে ব্যৱহাৰ কৰা হৈছে ৷"

'ইয়াৰ ফলত কিছুমান পথত বিমানৰ সময় বেছি হ’ব পাৰে আৰু পলম হ’ব পাৰে ৷ পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখা হৈছে আৰু প্ৰয়োজন হ’লে অধিক পৰিৱৰ্তন কৰা হ’ব ৷’-ইটিভি ভাৰতক এইদৰে কয় ভিষ্টাৰাৰ এগৰাকী মুখপাত্ৰই ৷

ইফালে ইৰাণে আক্ৰমণ কৰাৰ পিচত দেওবাৰে ইজৰাইলত থকা ভাৰতীয় মিছনে নিজৰ নাগৰিকসকলৰ বাবে এক নতুন “গুৰুত্বপূৰ্ণ পৰামৰ্শ” জাৰি কৰি শান্ত হৈ থাকিবলৈ আৰু সুৰক্ষা প্ৰট’কল মানি চলিবলৈ পৰামৰ্শ দিয়ে ৷

ভাৰতীয় মিছনে নিজৰ ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰা “গুৰুত্বপূৰ্ণ পৰামৰ্শ” উপদেশত কয় যে, “অঞ্চলটোত শেহতীয়াকৈ সংঘটিত হোৱা পৰিঘটনাৰ পোহৰত ইজৰাইলৰ সকলো ভাৰতীয় নাগৰিকক শান্ত হৈ থাকিবলৈ আৰু স্থানীয় কৰ্তৃপক্ষই জাৰি কৰা সুৰক্ষা প্ৰট’কল মানি চলিবলৈ পৰামৰ্শ দিয়া হৈছে ৷"

লগতে পঢ়ক :ইজৰাইলত ইৰাণৰ মিছাইলৰ বৰষুণ - Iran Missiles Attack In Israel

Last Updated : Apr 14, 2024, 7:17 PM IST

ABOUT THE AUTHOR

...view details