অসম

assam

ETV Bharat / international

ধনৰ লোভ: নিজৰ 12 বছৰীয়া কন্যাক 72 বছৰীয়া বৃদ্ধৰ সৈতে নিকাহ কৰোৱাৰ চেষ্টা পিতৃৰ - CHILD MARRIAGE

Underage marriage: এগৰাকী 12 বছৰীয়া কিশোৰীক ধনৰ বিনিময়ত 72 বছৰীয়া বৃদ্ধক গতাব খুজিছিল পিতৃয়ে ৷ নিকাহৰ ব্যৱস্থা কৰাৰ সময়তেই আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰিলে কিশোৰীগৰাকী ৷ দৰা আৰু কাজী এতিয়া লক্ আপত ৷

Underage marriage
CHILD MARRIAGE (ETV Bharat)

By ETV Bharat Assamese Team

Published : Jun 16, 2024, 8:39 PM IST

নিউজ ডেস্ক, 16 জুন:বাল্যবিবাহ সমাজৰ বাবে এক ডাঙৰ ব্যাধি ৷ উপযুক্ত বয়সৰ পূৰ্বেই কিশোৰীক বিয়া দিয়া কাৰ্যৰ বিৰুদ্ধে বিভিন্ন সময়ত সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হয় যদিও, ইয়াক সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব পৰা হোৱা নাই ৷ এইবাৰ এগৰাকী 12 বছৰীয়া কিশোৰী আৰক্ষীৰ তৎপৰতাৰ বাবে ৰক্ষা পৰিল বাল্যবিবাহৰ বলি হোৱাৰ পৰা ৷

আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে, 12 বছৰীয়া কিশোৰীগৰাকীৰ পিতৃয়ে ধনৰ বিনিময়ত এগৰাকী 72 বছৰীয়া বৃদ্ধৰ সৈতে নিকাহ কৰাব খুজিছিল ৷ কিন্তু নিকাহৰ পূৰ্বেই আৰক্ষীয়ে এই কাৰ্যত হস্তক্ষেপ কৰে ৷ আৰক্ষীয়ে কিশোৰীক বিয়া কৰাব খোজা 72 বছৰীয়া বৃদ্ধ হাবিব খান আৰু কাজীজনক গ্ৰেপ্তাৰ কৰে যদিও কিশোৰীগৰাকীৰ পিতৃয়ে পলায়ন কৰে ৷

লগতে পঢ়ক:মই জীয়াই থকালৈকে অসমত বাল্য বিবাহ হ’বলৈ নিদিও: মুখ্যমন্ত্ৰী

ইতিমধ্যে আৰক্ষীয়ে কিশোৰীৰ পিতৃ, দৰা আৰু কাজীৰ বিৰুদ্ধে বাল্যবিবাহ আইনৰ অধীনত গোচৰ ৰুজু কৰিছে বুলি জানিব পৰা গৈছে ৷ এই ঘটনাটো সংঘটিত হৈছে পাকিস্তানত 500,0000 পাকিস্তানী ধনৰ বিনিময়ত পিতৃয়ে বিয়া দিব খুজিছিল 12 বছৰীয়া কিশোৰীগৰাকীক ৷ এআৰৱাই নিউজত প্ৰকাশ পাইছে এই খবৰ ৷

বাল্যবিবাহৰ বিৰুদ্ধে আইন প্ৰণয়ন কৰাৰ পিচতো পাকিস্তানত এনে ঘটনা সংঘটিত হৈ আছে । শেহতীয়াকৈ ৰাজনপুৰ আৰু থাট্টাত আইন প্ৰয়োগকাৰী সংস্থাই বিফল কৰিছে এনে বহুকেইটা বাল্যবিবাহৰ ঘটনা ৰোধ কৰিছে । এটা গোচৰত পাকিস্তানৰ পঞ্জাবৰ ৰাজনপুৰৰ এগৰাকী 11 বছৰীয়া কিশোৰীয়ে এজন 40 বছৰীয়া পুৰুষক বিয়া কৰোৱা বুলি এআৰৱাই নিউজে প্ৰকাশ কৰিছে ।

লগতে পঢ়ক:আহিছিল বিয়া পাতিবলৈ, পালেহি ৰঙাঘৰ

পৃথক এটা ঘটনাত থাট্টাত 50 বছৰ বয়সীয়া ঘৰৰ মালিকৰ লগত এগৰাকী কিশোৰীক বলপূৰ্বকভাৱে বিয়া কৰাব খোজা হৈছিল যদিও সৌভাগ্যক্ৰমে আৰক্ষীৰ সময়োপযোগী পদক্ষেপৰ বাবে কিশোৰীগৰাকীৰ জীৱন ৰক্ষা পৰে । যোৱা 6 মে’ত স্বাতত এগৰাকী 13 বছৰীয়া কিশোৰীক বিয়া কৰোৱা এজন 70 বছৰীয়া বৃদ্ধক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।

লগতে পঢ়ক:গৈছিল কইনা আনিবলৈ; হ’লগৈ ৰঙাঘৰৰ আলহী - Child Marriage in Karimganj

ABOUT THE AUTHOR

...view details