অসম

assam

ETV Bharat / international

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ বাসগৃহত ড্ৰোণ আক্ৰমণ

Drone Hits Netanyahus Residence : চৌদি আৰবৰ আল-হাদাথ চেনেলে শনিবাৰে প্ৰকাশ কৰা মতে, ড্ৰোণে কেচেৰিয়াস্থিত বেঞ্জামিন নেতান্যাহুৰ আৱাসিক আন্তঃগাঁথনিক লক্ষ্য কৰি লৈছিল ।

By ANI

Published : 4 hours ago

Drone Hits Netanyahus Residence
ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু (AP)

তেহৰাণ : আৰব সংবাদ মাধ্যমৰ খবৰ অনুসৰি, শনিবাৰে পুৱা ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ বাসগৃহত ড্ৰোণৰ দ্বাৰা আক্ৰমণ সংঘটিত হয় । এক কাটাৰিয়ান সংবাদ মাধ্যমৰ খবৰ অনুসৰি, হিজবুল্লাৰ দ্বাৰা কেচেৰিয়া অভিমুখে উৎক্ষেপণ কৰা এটা ড্ৰোণে নেতান্যাহুৰ বাসগৃহত খুন্দা মাৰে । এই ড্ৰোণে কেচেৰিয়াস্থিত এটা অট্টালিকাত আক্ৰমণ কৰা বুলি ইজৰাইলী সামৰিক বাহিনীয়ে নিশ্চিত কৰিছে ।

অৱশ্যে ইজৰাইলী সংবাদ মাধ্যমে ঘটনাটোৰ কোনো ফুটেজ প্ৰকাশ কৰা নাই । ইয়াৰ পূৰ্বে শনিবাৰে পুৱা ইজৰাইলী সূত্ৰই ইজৰাইলৰ প্ৰশাসনৰ মুৰব্বী বেঞ্জামিন নেতান্যাহুৰ বাসগৃহৰ ওচৰত এটা ড্ৰোণ বিস্ফোৰণ হোৱাৰ খবৰ প্ৰকাশ কৰিছিল । আনহাতে, প্ৰাৰম্ভিক প্ৰতিবেদনসমূহে এইটো ইংগিত দিছিল যে এই ঘটনাটো সংঘটিত হোৱাৰ পিচত কেইবাজনো লোক আহত হৈছে । প্ৰতিবেদন অনুসৰি, ড্ৰোণে নেতান্যাহুৰ বাসগৃহৰ ওচৰৰ এটা অট্টালিকাত খুন্দা মাৰে । অৱশ্যে এতিয়ালৈকে এই সন্দৰ্ভত কোনো বিতং তথ্য প্ৰকাশ কৰা হোৱা নাই ।

উল্লেখ্য যে এই ঘটনাৰ এদিন পূৰ্বে ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতান্যাহুৱে হামাছ নেতা য়াহিয়া ছিনৱাৰৰ মৃত্যু নিশ্চিত কৰিছিল । আনহাতে, ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লা আলী খামেনিয়ে শনিবাৰে কয় যে গাজাত ইজৰাইলৰ সামৰিক অভিযানত তেওঁলোকৰ নেতা য়াহিয়া ছিনৱাৰৰ মৃত্যু সত্ত্বেও হামাছ এতিয়াও জীয়াই আছে আৰু জীয়াই থাকিব ।

খামেনিয়ে কয় যে ইজৰাইলৰ বিৰুদ্ধে প্ৰতিৰোধৰ ক্ষেত্ৰত তেওঁক হেৰুৱালগা হোৱাৰ ফলত যি লোকচান হৈছে সেয়া ‘‘নিশ্চিতভাৱে বেদনাদায়ক’’ । এই আন্দোলন ছিনৱাৰ শ্বহীদ হোৱাৰ লগে লগে সম্পূৰ্ণ শেষ হৈ নাযায় । তেওঁ এক বিবৃতিত কয় যে পেলেষ্টাইনী ইছলামবাদী আন্দোলন 'হামাছ জীয়াই আছে আৰু জীয়াই থাকিব' ।

উল্লেখ্য যে বুধবাৰে হত্যাৰ পিছত ছিনৱাৰ সন্দৰ্ভত নিজৰ প্ৰথম মন্তব্যত খামেনিয়ে কৈছিল যে ছিনৱাৰ আছিল প্ৰতিৰোধ আৰু সংগ্ৰামৰ এক উজ্জ্বল প্ৰতিভূ । ২০২৩ চনৰ ৭ অক্টোবৰত ইজৰাইলৰ ওপৰত হোৱা আক্ৰমণৰ মূল সূত্ৰধাৰ হিচাপে বিবেচিত ব্যক্তিজনেই বৰ্তমান গাজা যুদ্ধৰ সূত্ৰপাত ঘটায় ।

লগতে পঢ়ক :ইউক্ৰেইন সংকটক লৈ উদ্বেগ প্ৰকাশৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ ওচৰত কৃতজ্ঞ : ৰাষ্ট্ৰপতি পুটিন
লগতে পঢ়ক :ইজৰাইলে হত্যা কৰাৰ দাবী কৰা হামাছৰ শীৰ্ষ নেতা ইয়াহ্য়া শ্বিনৱাৰ প্ৰকৃততে কোন?

ABOUT THE AUTHOR

...view details