নিউজ ডেস্ক, ১ জুন :ভাৰতত মনোনীত চীনৰ ৰাষ্ট্ৰদূত জু ফেইহঙে ৰাষ্ট্ৰপতি ভৱনত ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰি এখন বৈঠকত মিলিত হয় । লগতে ৰাষ্ট্ৰপতিৰ সন্মানাৰ্থে বিশ্বাস-পত্ৰ প্ৰদান কৰে ।
এই বৈঠকত ৰাষ্ট্ৰদূত মনোনীত জু ফেইহঙে চীন আৰু ভাৰতৰ মাজত শক্তিশালী সম্পৰ্ক গঢ়ি তোলাৰ প্ৰতি তেওঁৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে । "ৰাষ্ট্ৰপতি ভৱনত ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ডাঙৰীয়াণীক বিশ্বাস-পত্ৰ প্ৰদান কৰি মই সন্মানিতবোধ কৰিছো আৰু চীন-ভাৰত সম্পৰ্কৰ ওপৰত বন্ধুত্বপূৰ্ণ আলোচনা কৰো । চীন-ভাৰত সম্পৰ্কৰ উন্নতি আৰু বিকাশত মই মোৰ যথাযথ অৱদান আগবঢ়াম ।" ৰাষ্ট্ৰদূত মনোনীত জু ফেইহঙে কয় ।
লক্ষণীয়ভাৱে, শুকুৰবাৰে ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত সাতখন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক তেঁলোকৰ বিশ্বাস-পত্ৰ (credentials) প্ৰদান কৰে । ৰাষ্ট্ৰপতি মুৰ্মুৰ ওচৰত তেওঁলোকৰ বিশ্বাস-পত্ৰ প্ৰদান কৰাসকলৰ ভিতৰত আছে ভাৰতত ইকুৱেডৰৰ ৰাষ্ট্ৰদূত ফাৰ্নাণ্ডো জেভিয়াৰ বুচেলি ভাৰ্গাছ, ভাৰতত ব্ৰিটেইনৰ ৰাষ্ট্ৰদূত লিণ্ডি এলিজাবেথ কেমেৰুন, ভাৰতত কুৱেইটাৰ ৰাষ্ট্ৰদূত মেশ্বাল মুস্তাফা জে আলশ্বেমেলি, ভাৰতত নিউজীলেণ্ডৰ উচ্চায়ুক্ত জেট্ৰিক জন ৰাটা, ভাৰতত গিনিৰ ৰাষ্ট্ৰদূত আলাছেন কণ্টে, ভাৰতত ফিজিৰ উচ্চায়ুক্ত জগনাথ স্বামী, ভাৰতত চীনৰ ৰাষ্ট্ৰদূত জু ফেইহং । ৰাষ্ট্ৰপতি ভৱনৰ সূত্ৰত এই কথা প্ৰকাশ ।