ইণ্টাৰনেশ্যনেল ডেস্ক,১৫ অক্টোবৰ :ভাৰত আৰু কানাডাৰ কূটনৈতিক উত্তেজনা অব্যাহত আছে । তাৰ মাজতে কানাডা চৰকাৰৰ মিত্ৰজোঁটৰ অংশীদাৰ নিউ ডেমক্ৰেটিক পাৰ্টীৰ (এনডিপি) নেতা জগমিত সিঙৰ ভাৰতবিদ্বেষী মন্তব্য । জগমিত সিঙে দাবী কৰে যে কানাডিয়ান শিখসকল শংকিত হৈ আছে । কানাডা চৰকাৰক ভাৰতৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ তেওঁ আহ্বান জনায় । বিশেষকৈ কূটনীতিবিদৰ নিষেধাজ্ঞাৰ দৰে ব্যৱস্থা ল'বলৈ তেওঁ কানাডা চৰকাৰক আহ্বান জনায় ।
ভাৰতবিদ্বেষী মন্তব্য জগমিত সিঙৰ
এক বিবৃতিত তেওঁ কয়, "ভাৰতৰ কূটনীতিবিদসকলক বহিষ্কাৰ কৰাৰ সিদ্ধান্তক আমি সমৰ্থন জনাইছো আৰু আমি কানাডা চৰকাৰক পুনৰ আহ্বান জনাইছো যাতে ভাৰতৰ বিৰুদ্ধে কূটনীতিবিদৰ নিষেধাজ্ঞা আৰোপ কৰা হয় । কানাডাত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ নেটৱৰ্ক (আৰএছএছ) নিষিদ্ধ কৰিব লাগে আৰু কানাডাৰ ভূমিত সংগঠিত অপৰাধমূলক কাৰ্যকলাপত অংশগ্ৰহণ কৰা যিকোনো লোকৰ বিৰুদ্ধে আটাইতকৈ গুৰুতৰ পদক্ষেপ ল'ব লাগে ।"
সিঙে লগতে কয় যে ৰয়েল কানাডিয়ান মাউণ্টেড পুলিচে প্ৰকাশ কৰা তথ্যক লৈ তেওঁৰ দল অত্যন্ত উদ্বিগ্ন । তেওঁ কয়,"আজি আৰচিএমপি আয়ুক্তই প্ৰকাশ কৰা তথ্যক লৈ নিউ ডেমক্ৰেটসকল অত্যন্ত চিন্তিত । কানাডিয়ানসকল, বিশেষকৈ কানাডাৰ শিখ সম্প্ৰদায় তীব্ৰ শংকা, ভাবুকি, উৎপীড়ন আৰু হিংসাৰ দ্বাৰা প্ৰভাৱিত হৈছে । যাৰ ভিতৰত আছে ভাৰতীয় বিষয়াসকলৰ দ্বাৰা কৰা ধন দাবী, হিংসা আৰু নিৰ্বাচনী হস্তক্ষেপ ।"