সাম্প্ৰতিক সময়ত দেহৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বহু মানুহে চেনি বা অধিক মিঠাই খোৱাৰ পৰা বিৰত থাকে ৷ স্বাস্থ্য সচেতন লোকসকলে অন্যান্য দৈহিক কাৰ্যকলাপৰ লগতে দেহক নিৰোগী আৰু স্বাস্থ্যৱান কৰি ৰাখিবলৈ খাদ্যাভাসৰ প্ৰতিও গুৰুত্ব দিয়ে আৰু এইক্ষেত্ৰত প্ৰায়ে খাদ্য তালিকাৰ পৰা বাদ পৰে চেনি ৷ সাধাৰণতে ডায়েবেটিছৰ আশংকাৰ পৰা দেহক সুৰক্ষিত কৰি ৰখাৰ বাবে চেনি খোৱা নহয় ৷
তথ্য অনুসৰি মিঠা খোৱাৰ লগত ডায়েবেটিছৰ কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই ৷ কিন্তু বেছিকৈ মিঠা খালে মেদবহুলতা হ'ব পাৰে আৰু ই ডায়েবেটিছৰ কাৰণ হৈ উঠিব পাৰে ৷ কিন্তু যদি আপোনাৰ মিঠাই খাবলৈ মন যায় আৰু লগতে চেনিৰ দ্বাৰা শৰীৰৰ কোনো ক্ষতি নোহোৱাটোও বিচাৰে, তেন্তে বিশেষজ্ঞৰ পৰামৰ্শ মানি চলিব পাৰে ৷
চিকিৎসকৰ মতে, চেনিয়ে সকলো ব্যক্তিৰ কোনো ক্ষতি নকৰে ৷ কিন্তু চেনি প্ৰচুৰ পৰিমাণে খাবলৈ আৰম্ভ কৰিলে আৰু কোনো ধৰণৰ ব্যায়াম বা শাৰীৰিক পৰিশ্ৰম নকৰিলে চেনিৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় ৷ বেছিকৈ চেনি খালে শৰীৰৰ কেলৰি বৃদ্ধি পায়, কিন্তু সেই অনুসৰি কেলৰিও বৃদ্ধি পায় ৷
অতিৰিক্ত কেলৰিৰ ফলত শৰীৰত চৰ্বিৰ পৰিমাণ বাঢ়ি যায়, যাৰ ফলত শৰীৰৰ বি এম আই বাঢ়িবলৈ আৰম্ভ কৰে আৰু মেদবহুলতাৰ সৃষ্টি হয় ৷ ধাৰাবাহিকভাৱে মেদবহুলতা বৃদ্ধি পালে বহু ৰোগৰ সৃষ্টি হয় ৷ এই সন্দৰ্ভত গাজিয়াবাদৰ এণ্ড’ক্ৰ’ন’লজিষ্ট ডাঃ অমিত কুমাৰে এই সন্দৰ্ভত কিছু প্ৰয়োজনীয় উপদেশ আগঢ়াইছে ৷